বসন্তৰ বন্ধু - Poems of Shubhraneel - Basantar bandhu - Assamese poem

বসন্তৰ বন্ধু 


বসন্তৰ স'তে  মোৰ কিহৰ মিতিৰালি ?
মই নহওঁ বন্ধু বসন্তৰ ।

শীতৰ ৰাতি, সেমেকা বাৰান্দাত
কেৰ'চিন লেম্পৰ পোহৰত
পাৰ হৈ গৈছে বহু বিনিদ্ৰ
জোনসৰা ৰ্প্ৰহৰ ।
সেই শীতৰ ৰাতিৰ কথা
মনত পৰিলে
প্ৰখৰ ৰৌদ্ৰদিনতো শিহৰণ জাগে
মোৰ ক্ষীণ শৰীৰত ।


গৰমৰ বন্ধৰ আনন্দত আত্মহাৰা ¬
এমাহ স্বাধীনতাৰ স্বাদৰ আনন্দ
আৰু জেঠ মাহৰ গৰম নেওচি
ল'ৰালিৰ ছন্দবিহীন উন্মাদনা  ।
মনত পৰে
যেতিয়া এচি গাড়ীৰ পৰা নামোতেই
সুৰ্যতাপত অতিষ্ঠ হৈ
'অসয্য গৰম' বুলি চিঞৰি উঠো ।


বৰষুণ দিলে মনত পৰে
সৰু থকোতে কাগজৰ নাওঁ বনোৱা
আৰু পানীত উটুৱাই ৰং চোৱা ।
বৰষুণত তিতি
বেমাৰত পৰা ;
আৰু নৰিয়াত পৰিও
দিনে ৰাতি মাকৰ মৰমত
সব দুখ পাহৰি যোৱাৰ মধুৰ স্মৃতি ।


কিন্ত বসন্ত !
বসন্তৰ কোনো স্মৃতি নাই মোৰ ।
নাই কোনো সুখ ভৰা প্ৰিয়াৰ পৰশ
নাই কোনো ভঙা-বুকু বিৰহ-বিবশ ।
গোলাপৰ সুবাসে
মাতি নানে কৈশৰৰ
কোনো পল দণ্ড প্ৰহৰৰ
এক মধুস্মৃতি
যাক লৈ সগৰ্বে ক'ব পাৰোঁ
ময়ো বন্ধু বসন্তৰ ।

       
                                       - শুভ্ৰনীল

No comments:

Post a Comment