Raati - Poems of ram Gogoi - ৰাতি - ৰাম গগৈৰ কবিতা

 ৰাতি


ৰাতি :  নিস্পন্দ, নিঃসাৰ নিজম ৰাতি,
জ্যোতিৰ চিনাকি নাই ।
নিৰাশাৰ সুবিশাল মহাদেশ মোৰ দৃষ্টিৰ সীমাত;
মোৰ দৃষ্টিৰ সীমাত;
মোৰ দৃষ্টিৰ সিপাৰে আছে মৃত্যুৰ অজ্ঞতা,
হয়তো মহামন্বন্তৰ ঃ
অসীম দীনতা ভৰা এই মহাদেশ
কিজানি কংকাল বোৰে কান্দিছে,
শীতৰ চেঁচা বতাহত
সিঁহতৰ হাড়বোৰ কঁপি উঠিছে ।
আৰু এতিয়া গভীৰ ৰাতি

অনেক ..অনেক দুৰত
ড্ৰাম ড্ৰাম মাদল বাজিছে ঃ সি এক বেলেগ দেশ
য'ত পৃথিৱীৰ ক্লান্ত প্ৰাণ আদিম মানুহৰ দাবীবোৰ
লিখা আছে জীৱনৰ দুৱাৰে দুৱাৰে
হয়তো সেই দুৱাৰ বন্ধ ।
য'ত মানুহৰ ৰিক্ত হিয়াত প্ৰেম উপচি পৰে
উম পাই , কামোদীপ্তা উন্মনা গাভৰুৰ
আবেগ উদ্বেলিত উষ্ণ বুকুৰ ।
দিনান্তত বুভুক্ষু পেটত জ্বলে জুই ;
তৃষ্ণাৰ্ত প্ৰাণত জাগে মাদকতা
লাওপানীৰ অসীম কৰুনা পালে ।
হয়তো

কোনো এক হতবাক নগৰীৰ এন্ধাৰ গলিত
অভিশপ্ত ৰমণীৰ ক্লান্ত দেহ
তেতিয়াও কমোন্মত্ত বাহুৰ মাজত স্পন্দিত ।
কিজানি এই ৰাতিৰ কৃত্তিম প্ৰেম
আৰু ব্যস্ততাৰ শেষত তাই কান্দিব ।
এই ৰাতি ....

No comments:

Post a Comment