Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ১৯



তোমাৰ প্ৰশংসাত

বাট এৰি দিলে শাওণৰ ডাৱৰে, উপচি পৰিল জোনাক ।
মুগ্ধ অনুজৰ মল্লিন কণ্ঠত গছ-গছনি শিপাৰ তলৰ জটিল গান
মূৰ দোঁৱাই আছে তোমাৰ প্ৰশংসাত ।

নদ-নগৰ--দৰ্শন মগ্ন নিৰ্বিকাৰ প্ৰসন্ন প্ৰতিভাত
আন্দোলিত হওক মানুহ মাটিৰ সহজ অধিষ্ঠান ;
মই আকৌ এবাৰ ফুললৈ মেলিলো হাত ।

জৰীপ

এতিয়া ভঙাৰ সময় ।
মানুহমুখী বোধ-বুদ্ধি-হৃদয় তেজৰ মনীষা
হিংস্ৰ জেং তাঁৰ ছিঙি দলদোপে ওলাই আহে,
সপোনে বিভ্ৰমে ভাঙে ধৰ্ষিতা প্ৰতিমাৰ বিষাদৰ শিল ।

ফেনে-ফোটোকাৰে বাঢ়ে বেগবতী নৈ,
আত্মাৰ নক্ষত্ৰ নীল ফুলনিলৈ
তোকে মোকে কোনে লৈ যায় ধুমুহা বাটেৰে !

হাত ধৰ স্বাধিনতা, তই মোৰ সহোদৰ ।

শব্দহীন বৰ্ণমালা
[অনন্ত লহকৰক সুঁৱৰি ]

কাঁইটীয়া এন্ধাৰত লুকাল গোলাপ ।
স্মৃতি জৰ্জৰ ৰাতিৰ জঠৰ । মোৰ হাড় হিমজুত
ফুলৰ নিজান গোন্ধ; শব্দহীন বৰ্ণমালা ।

মই আখৰ জোঁটাই পঢ়োঁ ।
শব্দৰ কোঁহ ভাঙি উজাগৰ জোনাকী উৰে ।
এন্ধাৰত গছ-গছনিৰ মৃগনাভ সৌৰভ ।

মোৰ ঘৰৰ ওপৰেৰে আহ-যাহ কৰিছে ডাৱৰ ।
আজিও বৰষুণ হ'ব । পাৰ ভাঙি সপোন আহি
আঠুৱনি পানীত খেলিব ।


এডৰা নীলা দলঘাঁহ

গছৰ ডালে-পাতে এন্ধাৰ,
আজি ডাৱৰে গাজি গুমৰি কঁপাই তুলিছে বতাহ;
আকাশৰ গাত বিজুলীৰ ধাৰ,
দলনিৰ ওপৰে জাকি মাৰি উৰিছে জাকে জাকে দেকেৰুৱা হাঁহ,
শব্দশীল কবিৰ পৰুৱাই পোৱা কলম হঠাৎ একাকাৰ -
এন্ধাৰ ডাল-পাত আৰু লহ্‌পহ্‌ এডৰা নীলা দলঘাঁহ ।


সমুখ শান্তি

তই মোৰ তেজৰ সোঁতত ।
তোৰ পলকহীন পতাকাৰ দীঘে-বাণিয়ে বুকু ফিন্দাই উঠে মোৰ অসম্ভৱ ।

অন্ধ-জীৰ্ণ মোৰ তৰোৱাল তোৰ হাতেৰেই তীব্ৰ তীক্ষ্ণ মানৱিক ।

মোৰ জঁই পৰা ওঁঠত তোৰেই স্বপ্ন-নক্ষত্ৰ-গান
নষ্ট নিসৰ্গ ফালি হিঁয়ালি-জিয়ালি ।

কোনে কাটি গ'ল দুৰূহ শিলত
তেজ-মেধা-জীৱন-চেতন মহাকাব্যৰ অভিজ্ঞান

মোৰ ৰ'দঘন বীণৰ মৌসৰা তাঁৰৰ স্তব্ধতাত বাজে তাৰ
                                        দ্ৰুত আঙুলিৰ আনন্দ ভৈৰৱ ।




No comments:

Post a Comment