Poems of Hiren Bhattacharya(হীৰেন ভট্টাচাৰ্যৰ কবিতা) - ২৩

শব্দৰ মৌ-বিচনী ভাঙি


গুঞ্জনময় গধূলি গানৰ চোতাল
মোৰ চেতনজুৰি আটিমুটি জান-নেজান এটা সেউজ শব্দ-শস্যই
এডৰা ধাননিৰ মাজেৰে বিৰ-দি বাট বিচাৰিছে ....

শব্দৰ মৌ-বিচনী ভাঙি গুণ্‌গুণাইছে ভাষা-বিভাষাই -

শব্দ উৰণীয়া, শব্দ জিৰনীয়া, উলহ-মালহ শব্দ মোৰ
লুকাই আছে তোমাৰ মৌসৰা দুখনি ওঁঠত .....
[ৰীজনীত জঁয় পৰি যায় গোলাপ !]


শব্দৰ সঁজাল শিপা

ভৰদুপুৰিয়া নিজানে-গৰকা চোতালখনত
নটুৱা লোকাপাৰটোৱে ৰুণিয়াই আছে অকলশৰে -

মোৰ কবিতাৰ শব্দ কাহানিবাই শেষ হ'ল

আজি আকৌ কোন তেজৰ এন্ধাৰত
মোৰ হেৰোৱা শব্দ-শস্যই এছাটি মুকলি বতাহ বিচাৰি উক্‌মুকাই আছে
হাঁহি-মাতি থকা ৰাতিৰ আকাশৰ তৰাবোৰৰ দৰে

শব্দ সিপাৰে-শব্দৰ অতীত শস্যঘন শব্দৰ উচ্চাৰণ .....


গধূলি


লাহে লাহে গেৰুৱা আকাশখন এন্ধাৰ হৈ আহিল
দীঘল দীঘল খোজেৰে বুঢ়া ব'ৰাগী ঘৰলৈ উভতিছে

বাঁহবাৰী তামোলনিৰ আগেৰে তৰাই ভুমুকিয়াইছে

দিহিঙৰ কজলাসোঁতৰ তলে-ওপৰে ঘোলাপানীৰ কল্‌কলনি
                                                   - লহৰি খেলিছে বতাহে

নিয়ঁৰত তিতিছে দুপাৰৰ নল-খাগৰি-বিৰিণাৰ গুৰি ...


বৰষুণ নাই


বহুদিন বৰষুন নাই ।
শুকান ডাৱৰবোৰ মন-মাৰি পৰ্বতৰ সিপাৰে
দীঘল দি পৰি আছে - সাৰ সিকটি নাই ।
ধূলি-বালিৰে চাব নোৱাৰা হৈছে আকাশৰ মুখ -
নৈ বিলৰ পানী গৈ তেনেই তলি পালেগৈ - মাছ পুঠি বোকাৰ তল
চাৰিওফালে দুখৰ গুম্‌গুমনি ....


এটা গানৰ কলি
[বাটৰে ঢেঁকীয়া আমাক বাটে দিয়া]


গোমাই থকা আকাশখনে হঠাৎ বৰকৈ বিজুলীয়াইছে
কপাহগুটীয়া বৰষুণজাক লাহে লাহে ডাঙৰ হৈ আহিছে
মিচিক্‌ কৰে হাঁহি গছবোৰে বতাহত উৰুৱাই দিছে সেউজীয়া পাত -
ব'ল সৰুমাই, আমি গুচি যাওঁ ভালপোৱাৰ দিক্‌চৌ বাটেৰে
-জিলিক্‌ মাৰি উঠিছে সৌ এৰাপৰলীয়া পথাৰ ....



No comments:

Post a Comment