হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২০

শইচৰ সুদৃশ্য বৰ্ণমালা 

মোক চহাই মৈয়াই শইচৰ গুটি সিঁচি দিয়া,
চকুৰ পানীৰে জীপ দিম শিলুৱা বুকুৰ মাটি,
হাড় হিমজুৰ সাৰত
লহ্‌পহ্‌কৈ বাঢ়ি উঠিব ধান-মাহ-সৰিয়হ-
                                     শইচৰ সুদৃশ্য বৰ্ণমালা ।

তিল কুশ তুলসীৰে শুচি কৰি লোৱা মোক

বিহ্বল মুখত দিয়া সৃজন নিসৰ্গৰ ভাষা
ধানে-বানে দৃঢ় হওক আৱেগ সত্তাৰ নিৰ্জন নিৰ্মাণ ।

বুকুৰ তলেৰে মোৰ ৰ'দ-বতাহৰ অদৃশ্য শিপা ...



বীজ

ক'তো গদ্যৰ উজ্জ্বলতা নাই
বৰ ফিকা হৈ গৈছে মোৰ কবিতা
বুকু খান্দি উলিয়াই আনা তেজ-ঘাম-প্ৰেম
মোৰ সেই সতেজ খনিজ ।

তোমাৰ স্পৰ্শত জ্বলি উহক মোৰ হাড়ৰ সমিধ

দুচকুৰ লোৰ কাটি লৈ আহাঁ নদীৰ বলিয়া ধল
তেজতকৈ তীব্ৰতাত অধিক উজ্জ্বল ।
বোধ মেধাৰ শুকান কোঁহে কোঁহে পলস পৰক
সাৰ পাওক তেজ পদুমৰ বীজ ।


মানুহ-মাটি-তেজ-ঘামৰ পথাৰ

চহাই পেলোৱা চন পৰা এই মানুহ-মাটি
তীখাৰ নিমজ ফালেৰে ফাল ফাল কৰা উদং ৰ'দৰ
তপত পথাৰ
দেহ-দিৰিঙৰ বোকা-মাটি খচকি সিঁচি দিয়া ধান ।
কলহৰ কানেৰে পানী ঢালা খৰাং মাটিত,
ন-থৈ পানীৰে ভৰি পৰক
ছিৰাল চিটাচিট চ'তৰ শুকান মাটি -

পানী আনা, ভাঙা নদী-নলা-খাল বিল ।

ধূলি কৰি মাটি কঠীয়া পাৰা,
ভূঁইতলিৰ একাচেকা লেও লোৱা মাটি
কোন ডৰাত কি ৰুবা
আহু-শালিৰ হেতা-ওপৰা, বাও-আমনা উথপ্‌থপ্‌ ।

চহাই পেলোৱা মানুহ-মাটি-তেজ-ঘামৰ পথাৰখন ...


সপোনৰ সোঁৱে-বাঁৱে

শইচৰ সঁচ সাঁচি থলো । জাৰ যাওক, চ'তৰ ৰদে
কীট-বীজাণু পুৰি মুকলি কৰক দূষিত মাটি
ন-পানী আহক শইচৰ গুটি সিঁচি দিম
মন-মাটি মোৰ ৰোমঞ্চিত যুৱক;

চকুৰ পতাৰ পৰা বৈ আহিছে দুখন নৈ,

টলমল ঘোলা পানীৰ সোঁৱে-বাঁৱে চৌ চৌ ধান
জীৱন-জটিল গ্ৰন্থিত মোৰ নদন-বদন
ঘাম ভৰা সপোন তজ্‌বজ্‌ ...


এচেৰেঙা ৰ'দ
[হীৰেন চৌধুৰীৰ নামত ]

আজি হঠাৎ
মোৰ উজাই নোহোৱা হোৱা শব্দৰ খৰাং মাটিত
গুণ্‌গুণাই উঠিছে
কোন কাহানিৰ ধূলি-বালি লগা এটা আধৰুৱা গান

গান বৰ সহজে সোঁৱৰণলৈ গুচি যাব পাৰে

মোৰ পাহৰা গানৰ গুণ্‌গুণনিত
মুগ্ধ পাতৰ দৰে আজি জিৰ্‌জিৰ্‌কৈ সৰি পৰিছে
মন মাটিৰ কোন সজীব সুদূৰতা !

No comments:

Post a Comment