Songs of Bishnu Prasad Rabha - (বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত) - Part 7

৬১) বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ'ল
৬২) মদাৰ ফুল ৰাঙলী বোল
৬৩) উলাহে আনো আগবাঢ়ি হালি জালি
৬৪) অ' জুমে জুমে আহ কেঁচা সোণ
৬৫) এই ধৰণীৰ চিৰ মুকুতিৰ ৰণ নিৰ্ভয়ে দিম
৬৬) অ' আলহী
৬৭) চিত্ৰলেখা নাচোন নাচে
৬৮) বিদায় বেলিকা জুৰুলা হিয়া মোৰ
৬৯) কাৰ নো বীণ বাজে ওৰে দিন
৭০) ফুল কুঁৱৰীৰ ৰস চুমি লই
৭১) অলিয়া বলিয়া কৃষ্ণাই কলিয়া
৭২) ৰ'দালি অ ৰ'দ দে ৰ'দ দে




----------------------------------


বাউলী হিয়া মাথোঁ ইয়াত পৰি ৰ'ল ।
শুন্য হিয়া পাত্ৰ মোৰ প্ৰেম ৰসেৰে ভৰিল
জীৱন বীণৰ তাঁৰ জোকাৰি উঠিল
প্ৰাণে গালে শত শত বসন্তৰ গান
নয়নৰ দুটি পাহী
              কৰিলেহি সৰগৰ সুখমৃত পান ।


----------------



মদাৰ ফুল
            ৰাঙলী বোল
            আদৰ তোৰ নাইহে
            বৰ বঙলাত  সেই ফুলে
            বৰ আদৰ পাই ৰে ।
আমি খাটি খোৱা মানুহ
জাতত আমাক হীন বুলি কয়
            ফুল বাবু হ'লে বৰ মান পাই
            কামত হ'লে একোৱেই নাই ৰে ।
বৰ বৰ মানুহৰ বান্দৰামিয়ে
আমাৰ জোৰ নেপাই হে
            আমাৰ বাহুৰ বল
            মগজু বুদ্ধি
            দুয়ো সমন্তৰাল ৰেখা ৰে ।

                                          (১৯৫০-৫১, বকতা)

-----------------



উলাহে আনো
           আগবাঢ়ি
                    হালি জালি
                               নাচি বাগি
                                           আদৰি তোলোঁ
                                                       অমিয়া মাত ।
তোৰ পৰশে
              মেলো পাহি
                         ফুল পাৰিজাত ।।
হাঁহিৰ বোলে
             অমোল মোলে
                         সুৰভি বোলে
                                      বুলাই ধুনীয়া
                                                   সৰগৰ
                                                              সোণামুৱা গাত ।।


--------------------



অ' জুমে জুমে আহ কেঁচা সোণ
আহ বনুৱাৰ দল ।
ন-পোহৰৰ জিলিকি সানি
যাওঁ আগুৱাই ব'ল ।।
যুগমীয়া সাচতীয়া
জা জাৱৰি মলি
চিকুণাই যাওঁ গা জোকাৰি
দেহাৰ পুৰণি ধুলি
নতুন সাজত
নতুন ভাবত
ন-ধৰাত উজ্জ্বলি
আগুৱাই যাওঁ লগৰীয়া
দেখুৱাওঁ গাৰ বল
মুকুতিৰ পথ পোহৰই যাওঁ
আগবাঢ়ো ব'ল ব'ল।।
শাৰী শাৰী পঁজা বাৰী
লাখে লাখে খাল
নিলগৰ পিতনিটোৰ
পিত খোৱা জঞ্জাল
আলান্ধু কলীয়া
ধুলাৰে বান্ধোন শাল ।
চাফ কৰি ঘাট, সাজি আলিবাট
দেখুৱাওঁ গাৰ বল
আহ অই সমনীয়া
ন-সমাজে গঁঢ়ো ব'ল ।।



------------------



এই ধৰণীৰ
চিৰ মুকুতিৰ
            ৰণ নিৰ্ভয়ে দিম;
কৰি আমৰণ
জীৱনৰ পণ
            আমি মিলি যুঁজ দিম ।।
ডৰ ভয় নকৰিবি
পাছ পিছ নপৰিবি
দোপে দোপে খোপে খোপে আগুৱাই
             আগবাঢ়ো আহ ব'ল
একেলগে মিলি একেছিপে গই ভাঙো শতৰুৰ বল ।
কৰি আমৰণ
জীৱনৰ পণ
             আমি মিলি যুঁজ দিম ।।
দুখৰ কলীয়া আকাশত
নতুন সুৰুযে দিয়ে দেখা
             ৰাঙলী বেলিৰ পোহৰত
             দেখো মুকুতিৰ পথ ৰেখা ।
সেই পটিয়েদি গ'লে আগুৱাই
             দলিতৰ হ'ব জয় -
বিজয় নিচান দিম উৰুৱাই
             পুৰণিৰ হ'ব ক্ষয়
কৰি আমৰণ
জীৱনৰ পণ
            আমি মিলি যুঁজ দিম ।।


---------------------



অ' আলহী আ অ' আলহী আ
            প্ৰভাত বীণৰ সোণালী তাঁৰ
            জোকাৰি থ অ'আলহী আ ।
অ' তই নীল গগণৰ
            উজ্জ্বল মেঘৰ
            বগা ৰথত বহি
            ৰশ্মি কনা কিৰণ সনা আলহী আ
মোহন বাঁহীৰ ঝঙ্কাৰ আৰু মোহন বাঁহীৰ সুৰ
            আজি দক্ষিণ মলয় কৰক জুৰ
আজি পাতে পাতে ডালে ডালে
            ৰ'ব মোহন সুৰ আলহী আ ।


-----------------------



চিত্ৰলেখা নাচোন নাচে
কুমৰৰ পাশে
           নানা ধৰনে নটী নাচোন নাচে ।
ক্ষনে উঠে ক্ষণে বসে
           তালে দিয়া মান হে ৰাম  -
মধুমাসে মৌৰা যেন
           ধৰিছে পেখম্‌ , হে ৰাম
শুন্যত নাচ নাচি
           পৰম হৰিসে
বৰণ মধুৰ যেন অমৃত বৰিষে
কণ্ঠি লৰে হাত লৰে
           ককালত জেঠি হে ৰাম
দশো আঙুলিত দোলে
           সোণৰ আঙুঠি
চিত্ৰলেখা নাচে যে
           হংসিনী উৰয়
সেহিনা ৰুপত চিত্ৰে
           কুমৰ হৰয় ।


--------------------



বিদায় বেলিকা জুৰুলা হিয়া মোৰ
           কি সতেনো গীত গাওঁ
চলচলীয়া চকুত কান্দোনৰ চাব
           বিৰিঙি উঠে বেজাৰত
বেজাৰে নিৰলে চকু জুৰি মোৰ
চকুলোৰে সোঁত বোৱাই যায়
বিদায় .......।



-------------------


কাৰ নো বীণ বাজে ওৰে দিন
            বাজে গুণ গুণ গুণ গুণ গুণ গুণ
                         কাৰ নো বীণ
বীণ বৰাগীৰ নূপুৰ বাজে
           ৰুণ জুণ জুণ জুণ জুণ জুণ জুণ
            কাৰ নো বীণ ....
তালে তালে হালে জালে
            পাতৰ শাৰী জিলিক মাৰে
সুৰে সুৰে কুলিয়ে গায়
            গুণ গুণ গুণ গুণ গুণ গুণ
            কাৰ নো বীন  .....


------------------



ফুল কুঁৱৰীৰ ৰস চুমি লই
পলাই ভোমোৰা
মুখ ঢাকি তাই কান্দে লুকাই
আপোন পাহৰা ।।
সেই ফুলকে বুটলি আনি
তিয়ালো চকুলো সানি
গাঁঠিলো ফুলৰ মালা
ৰসেৰে ভৰাই ।।

সেই ফুলৰেই মালধাৰি
ল'লো মোৰ ডিঙিতে আঁৰি
সেই স্মৃতিটি সুৱৰি মই
হ'লো বিভোৰা ।



------------------



অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা
ঘিলা খেলি খেলি ক'তে ময়াপী
ইলা অ' কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা
অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা

তোমাক নেদেখি খিতি লেখি লেখি
গোপিনীসকলে নখৰে জেউতি পেলালে ক'লা
বিচাৰি কৰিলে তলা-কলা

তোমাক নেদেখি খিনি লেখি লেখি
গোপিনীসকলে নখৰে জেউতি পেলালে ক'লা

বিচাৰি বিচাৰি তলা-কলা
অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা
অলিয়া বলিয়া কৃষ্ণাই কলিয়া
ভাল গকুলত ঘিলা খেলিছিলা

অ'কৰ শতৰুৰ লগতে  কলিয়া
পাই মথুৰা লগৰী পালা
অঘা-বঘা হই অসুৰকে বধি
কংস মোমাইক মাৰি অ' কলিয়া
চিৰকাললৈ খিয়াতি থ'লা ।

অ'কৰ শতৰুৰ লগতে  কলিয়া
পাই মথুৰা লগৰী পালা
অঘা-বঘা হই অসুৰকে বধি
কংস মোমাইক মাৰি অ' কলিয়া
চিৰকাললৈ খিয়াতি থ'লা ।

অলিয়া বলিয়া .....


-----------------------



ৰ'দালি অ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেণু চতিয়াই দে
ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে

নানা ফুলে তুলি আঁজলি আঁজলি
ভৰাই সপোনৰ থালকে
ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে

আলি কাটি জালি দিম
বৰপীৰা পৰি দিম
তাতে বহি বহি ৰ'দ দে

নানা বৰনীয়া তোৰে বৰ চ'ৰাতে
বহি বহি ধৰনী সোণৰ কৰি দে

ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে

ৰ'দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ
ৰথখনি মেলি দে
ৰ'দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ
ৰথখনি মেলি দে
সেই ৰথৰ পৰা
হাঁহি ফুলৰ পাহি আমাৰ
শিৰত পেলাই দে
সেই ৰথৰ  পৰা
হাঁহি ফুলৰ পাহি আমাৰ
শিৰত পেলাই দে

ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে
নানা ফুলে তুলি আঁজলি আঁজলি
ভৰাই সপোনৰ থালকে
ৰ'দালি এ ৰ'দ দে ৰ'দ দে
সোণৰ ৰেনু চতিয়াই দে



---------------------------




     

No comments:

Post a Comment