নাগৰিক - হীৰেন ভট্টাচাৰ্য



নিৰুত্তপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপি
সময়-শানিত তৰোৱালৰ চিক্‌মিকনিত
এতিয়াও জ্বলিছে এখন পৃথিবী
দিক্‌হাৰা হৃদয়ৰ আশ্ৰয় |

কলঘৰৰ কলা ধোৱাই
এদিন আকাশত বিজুলী জলাব,
ৰাস্তাৰ কাষৰ এইজাক লৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যাধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মুৰ তুলি চাব: আকাশ ইমান বহল!
-কৈ উশাহ লৈ ক: বতাহ ইমান কোমল!!

পোহৰত এই স্বৰ্ন-স্পৰ্শই উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মন

যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুত বিস্ময় |

No comments:

Post a Comment