জননীৰ সন্তান জাগা - জ্যোতিপ্ৰসাদ আগৰৱালা



জননীৰ সন্তান জাগা
জাগা শক্তিমান জাগা মুক্তিপ্ৰাণ |
মৃত্যু গছকিআনা জয় জিনি
কৰু দুৰ্জয় অভিযান |
শক্তি গয়ত্ৰী মন্ত্ৰ মনত পেলোৱা
বা দুৰ্নিবাৰ
তেতিয়া তোমাৰ জয় নিনাদত সত্ৰু কম্পমান
মোৰ আপোন পাহৰা দুৰ্ম্মদ বীৰ

অজেয় নৱজোৱান |

No comments:

Post a Comment