গুণ্গুণ্ যেন এজাক মৌমাখি,
মোৰ গাঁৱৰ সিখনি নদী,
যাৰ-সুৱদি সোঁতত
পলৰীয়া মন মোৰ বন্দী |
কেতিয়াবা
দৈনন্দিন জীৱনৰ তুচ্ছতাৰ মাজতো
অনুভৱ কৰোঁ: শীৰ্ণ সেই নদীৰ
সপোন বিস্তৃতি
অন্ধ আকাশ ভৰি উঠা
স্মৃতিৰ জোনাকী |
মোৰ গাঁৱৰ সিখনি লাৱনী নদী
ঢৌৱে ঢৌৱে ঢৌ তুলি
বৈ আছে মোৰ
বহুদুৰেদি |
No comments:
Post a Comment