১
ইচ্ছাৰ
কোমল আঙুলিৰে
ৰক্তস্ৰাৱী
হৃদয়ৰ
ছিঙা
তাঁৰবোৰ জোৰাবলৈ
তুমি
যদি
আহিলাহেঁতেন
ঘৰমুৱা
চৰাইজাকৰ সতে
থোৰ
মেলা ধানৰ বুকুৰে!
নৈ
হৈ বৈ অহা আবেলিৰ
সোনোৱালী
ৰ’দৰ দৰে?
২
তুমি
আহিলে
আহোঁ
বোলা আহিন আগেয়ে আহে |
মোৰ তেজৰ
গালিচা গলে
তোমাৰ
খোজৰ পদুম পাহে পাহে |
তুমি
যদি
আহিলাহেঁতেন
ৰ’দৰ সোনোৱালী কোঁহে-কোঁহে !
No comments:
Post a Comment