Eta premar padya (এটা প্ৰেমৰ পদ্য) - Nabakanta Baruah

Do you remember an inn, Miranda ?

বাৰিষাৰ ৰাতি তোমাৰ কবিক
মনত পৰেনে অৰুন্ধতী ?
সেমেকা পোহৰে সোঁৱৰাই দিয়া
তোমাৰ খোপাৰ আবেলি আবেলি গোন্ধ
মনত পৰেনে,
অৰুন্ধতী ?
জোনাকে ডাৱৰে মৰমে বিষাদে
নুবুজা কবিতা
আমাৰ মাজত ভগা সপোনৰ অতনু বাধা
মনত পৰেনে অৰুন্ধতী !
দুৱৰি বনত জোনাকৰ মণি,
চুলিৰ মেঘত লাহি আঙুলিৰ জোন
(জোৱাৰৰ বাবে সাগৰ নাছিল)
বাৰফৰ দৰে চেঁচা পৰশতো
সিযে কি শান্তি
অৰুন্ধতী !
অৰুন্ধতী !
বহুতো আকাশ পাৰ হৈ অহা
ধুমুহা পখীৰ এটি লহমাৰ নীড় -
বহুতো সপোন পাৰ হৈ অহা
কেঁচা টোপনিৰ ভিৰৰ মাজত
সেই এটা মাথোঁ
উজাগৰ ৰাতি,-
মনত পৰেনে, অৰুন্ধতী ?
বাৰিষাৰ ৰাতি মনত পৰেনে
অৰুন্ধতী ! 

No comments:

Post a Comment