Poems of Ajit Baruah (অজিৎ বৰুৱাৰ কবিতা)


দুখৰ কবিতা

As he rose and fell
He liived the stages of his age and youth
Entering the whirlpool
গুজৰি সুহুৰি মাৰিলে সোঁতাল বাঘে
ভিতৰি বিজুলী বলিলে - কঠিন ঘামৰ ছবি
যেনে খুছি নাম দিবা
ভিজা আন্ধাৰৰ ঘৰ জনাবোৰে অলপ মাথোন অনাই ল'বা

পুৰণি বহুত নতুন পলকে আঁজুৰি আঁজুৰি কান্দে
পানীৰে সময় ঘন কৰি হায় মৰণে জীৱন যাচে ।
আমাক ইদৰে ভেঙুচি ৰসিক মৰণে ।
"জীৱন কালৰ বহুৱা", মৰণ কাৰ ?

নাৱৰ টিঙত যিবিলাক দীঘল বহা, চকুলো পেলাবা
যুক্তিৰে লগ নোপোৱা দীঘল কৰি
ওপৰে আকাশ তলে চলে পাণী
অকাঠী কাঠৰ নাৱৰ পৰা খেদেৰে দেখোঁ আৰু সেই চকু
যি হ'ল মুকুতা আজি ।



জেংৰাই, ১৯৬৩

আন্ধাৰ হোৱাৰ অলপ আগেয়ে
আমি সোৱণশিৰিত পৰিলোঁ । আৰু
সোৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালোঁ।
আমি অন্ধবিশ্বাসী -
কেৱল,
আমাৰ অন্ধবিশ্বাস যদি নিস্তব্ধ অন্ধ হ'লহেতেন !
ৰাতি হ'লত সোৱণশিৰিৰ চৰত আমি নাও চপালোঁ ।
(চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব?)

ওপৰত তৰা
আমাৰ ম'হৰ ডিঙিৰ ঘণ্টাত ব্ৰহ্মাণ্ড -সঙ্গীত বাজে
আৰু এই - এয়েনেকি সেই বাঘটোৰ গোন্ধত উজাৰ খোৱা
ম'হৰ জাকৰ ঘণ্টাৰ আত্ৰাণি ?

ডকা ফুটা গোন্ধ, তৰা ফুলা গোন্ধ
ডকা ফুলা গোন্ধ, টকা ফুটা গোন্ধ !!!

নাৱৰ টিঙত শুই
তৰা আৰু বোকা একেলগে দেখি !
বাঘৰ গোঁজৰ ম'হৰ ঘণ্টা জলকুঁৱৰীৰ গীত
একেলগে বাজে বেসুৰা সউৰীয়াকৈ !!

ৰাতি দুপৰত
মনিব পৰাৰ সীমাৰ শেষত
নে চকুৰ মণিৰ ভিতৰ-ফালত
দুকুৰা জুৱে অহা-যোৱা কৰে ...নিৰন্তৰে ।
উকাৰ জুই, সময়ৰ দুৱাৰত পহৰাদাৰ ;
নহ'লে আঁৰ কাপোৰ গুচাত -
সেয়ে বোধ কৰোঁ মোৰ মুখাগ্নিৰ জুই
"... ভাতৃ...অনল... এহিসে ক্ষণত...হৈবা কৰুণাময়... "

"কিনো জুয়ে লগা চকু"

"ভাবি চালে লিলিমাই এই জীৱনত একো নাই"

ৰাতি পুৱালত আমি নাৱ মেলিলোঁ । আৰু
(মোৰ হঠাত! যেনেই লাগিল)
দুটা গঙা-চিলনীয়ে
কুঁৱলীৰ মাজত ঘূৰিবলৈ ল'লে ।


No comments:

Post a Comment