তৃপ্তিৰ ৰহস্য
জ্ঞানহীন ! মৰণ কাষত লৈ
আন্ধাৰৰ সপোন ৰচনা
বন্ধুহীন ! মোহ লগা চেনেহৰ
হৃদয়ৰ নাই বোল সনা ।
পুত্ৰহীন ! শুন্যঘৰ শুন্যহিয়া
তথাপিও লাগে ভাল
অসীমৰ পুত্ৰ আমি ক'ত মহাকাল ?
ধনৰ কঙালী তুমি সোণৰ মন্দিৰ সাজি
সৌৱা দেখোঁ মহামায়া নাচি আছে
যাচি দিবা লবা বাছি মণিমুক্তা পাচি পাচি
পাৰা যদি তৃপ্তি লভি থবা সাঁচি সাঁচি !
ধৰণীৰ ৰূদ্ধদ্বাৰ ধূলিৰ চাতুৰি
তৃপ্তি ক'ত ? অতৃপ্তিৰ উৰিছে বাতৰি
আকাশত জ্বলি সৌৱা প্ৰদীপ মাদলী
মুক্তিৰ পথত দিয়ে শত স্বাৰ্থ বলি ।।
No comments:
Post a Comment