জুনুকা - খুৰী ছাগলী


এটা মানুহে এদেশৰ পৰা আন এখন দেশত বেচিবলৈ এজাক ছাগলী লৈ গৈছিল | বাটত যাঁওতে জাকৰে ছাগলী এজনী এঠাইত উজুটি খাই পৰি খোৰা হই পৰিলত মানুহটোৱে তাইক তাতে এৰি থৈ আনবোৰ ছাগলী লৈ গুচি গ’ল | সি য’ত খুৰী ছাগলীজনী এৰি থৈ গৈছিল, সেইডোখৰ বাটৰ ওচৰত কোনো মানুহৰ ঘৰ বাৰী নাছিল | বৰ অগাধ হাবি | গধূলি হ’লত ছাগলীজনীয়ে  বিৰুপায় হৈ খোৰাই খোৰাই লাহে লাহে গৈ হাবিত সোমাই কোনোমতে এটা টিলাত উঠি ৰ’ল | ৰাতি শিয়াল এটা সেইপিনে যাঁওতে দেখিলে যে তাত দীঘল ডাঢ়িৰে কিবা জন্তু এটা আছে | শিয়াল্টোৱে ওচৰ চাপি আহি ছাগলীক মাত লগালে –
“লম লম ডাঢ়ি ঘনে কৰে বিলাস
এই হেন পুৰুষে খাটে বনবাস |”
ছাগলীয়ে গলগলীয়া মাতেৰে উত্তৰ দিলে –
“বাঘ খাওঁ, ঘোং খাওঁ আৰু খাওঁ হাতী
আপোনাৰ আনন্দত ফুৰোঁ দিনে-ৰাতি |”
শিয়ালে এই উত্তৰ শুনি ভাবিলে – “ কি ভয়ানক! এইটোতো কম জন্তু নহয়! এ হেনো বাঘো খায়, ঘোঙো খায়, আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীৰ তো কথাই নাই |”  ইয়াকে ভাবি শিয়ালে তাৰ পৰা লৰি পলাই ভালুকৰ কাষ পলেগৈ | সি ফোঁপাই-জোপাই ভালুকক ক’লে – “ ককা! বৰ অথন্তৰ মিলিল; ইয়াত কিবা এটা জন্তু ওলাইছেহি | সি হেনো আমাৰ নিচিনা সৰু সৰু জন্তুতো খায়েই, আপোনালোকৰ নিচিনা ভইব-ভইব প্ৰাণীকো খায় | আৰু পেটত হাত-ভৰি লুকুৱা কথা – বোলে বাঘ আৰু হাতীকো খায় |
ভালুকে শিয়ালৰ কথা শুনি “ব’লচোন বাৰু চাওগৈ, সেইটোনো কি জন্তু ওলাইছেহি |” এইবুলি খুৰী ছাগলীৰ ওচৰ ওলালহি | শিয়ালে দুৰৰ পৰাই ছাগলীজনীক আঙুলিয়াই দেখুৱাই দিয়েই পলাল | ভালুককো ছাগলীয়ে সেইদৰে উত্তৰ দিলত ভালুকে ভয় খাই তাৰ পৰা গুচি গৈ সেও কথা বাঘক ক’লে | বাঘে শুনি অপমান পাই গুজৰি গুমৰি ছাগলীজনীৰ ওচৰ পালত, ছাগলীজনীয়ে বৰকৈ ডাঢ়ি জোকাৰি ওপৰত কৈ অহাৰ দৰে গলগলীয়া মাতেৰে উত্তৰ দিলত, বাঘেও ভয় খাই গুচি গ’ল | এনেতে সেইপিনেদি দঁতাল হাতী নিজৰ জাকৰে সৈতে যাওক | দঁতালে সুধিলে – “ হে দেও, আপোনাক তুতি কৰি মাতিছোঁ, আপুনি কোন কওঁক |” ছাগলীয়ে উত্তৰ দিলে “ মই সিংহৰ মাহীয়েক | এই কথা শুনি দঁতালে আঁঠু কাঢ়ি শুঁৰ তুলি বহিলত, ছাগলীয়ে তিনি ঠেঙেৰে জাঁপ মাৰি তাৰ পিঠিত উঠিল | উঠি তাই ক’লে – “শুন গজেন্দ্ৰ! তই মোক সিংহৰ ওচৰলৈ লৈ ব’ল |” ছাগলীক পিঠিত লৈ সি সিংহৰ ওচৰ পালেগৈ | হাতীটো বহিলত তাৰ পিঠিৰ পৰা ছাগলীজনীয়ে নামি তাক আঁতৰি থিয় হ’বলৈ ক’লে | হাতীটো আঁতৰি গ’লত, ছাগলীজনীয়ে লাহে লাহে সিংহৰ ওচৰ চাপি সিংহক সেৱা জনালে | সিংহই তাইক “তই কোন” বুলি সুধিলত, আগৰ পৰা গুৰিলৈকে তাইৰ সকলোবোৰ বৃত্তান্ত সিংহৰ আগত বৰ্ণাই, শেহত ক’লে – “মহাৰাজ! মই আপোনাৰ মাহিয়েক বুলি আপোনাৰ নামৰ বলত কোনোমতে ৰক্ষা পাইছোঁ | এতিয়াও আপুনি মোক অভয় দি ৰাখিলেহে ৰখা, নহলে মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী এই হাবিত ফুতে উৰি যাব |” এই কথা শুনি সিংহই সন্তোষ পাই খুৰী ছাগলীক অভয় দি ক’লে – “তই কোনো ভয় নকৰিবি | তই মোৰ মাহী বুলি এই হাবিত নিজৰ ইচ্ছামতে খাই বৈ ফুৰ | তোক কোনেও একো কৰিব নোৱাৰে |” তেতিয়াৰ পৰা সেই খুৰী ছাগলীয়ে সেই বনতে বুঢ়ী হৈ নমৰালৈকে নিজৰ ইচ্ছামতে খাই-বৈ ফুৰিছিল |
“মহৎ লোকৰ নামৰ যহত,
সৰু লোকে থাকে সুখত |” 

No comments:

Post a Comment