ব্যৰ্থতা
বিবৰ্ণ ৰাতিটো
এনেদৰে
কোলাত লৈ সি বহি আছে
যেন সদ্যমৃত এটি
সন্তান |
ব্যৰ্থতাৰ আন নাম কি
মই নেজানো, হয়তো
এখন অনুজ্জ্বল
আকাশ |
কোনে জানে আকাশৰ
ক’ত থূপ খাই থাকে
ইমান এন্ধাৰ !
এজোপা গোলাপ
এন্ধাৰে-এন্ধাৰে
এটি জোনাকী
উৰি আহে
মোৰ বুকুত শুলে |
তোমাৰ কথা ভাবিলে
আকাশত নিৰলে
এটি তৰাফুল ফুলে |
মোৰ বুকুত,
এজোপা গোলাপ
কোনে ৰুলে ?
তেজত এটোপা আতৰ ঢালি
হৃদয় কোনে চুলে ?
তোমাৰ কথা ভাবিলে
অকলে-অকলে,
তৰাই-তৰাই কথা পাতে
গোলাপৰ পাহে-পাহে |
জোনাকীৰ জাক জ্বলে
মোৰ তেজৰ কোঁহে-কোঁহে |
মোৰ বুকুত
এজোপা গোলাপ কোনে
ৰুলে ?
লখিমী
মোটমৰা ধানৰ ডাঙৰি
দাঙৰীয়াৰ চোতালতে থ’লো |
এতিয়া, মোক ঘৰলৈ যাবলৈ দিয়া ।
আইজনীৰ মাকৰ গাত
লেঠা;
এইবেলি লৰা এটা হ’লে ভাল হয় বৰ |
জানাইতো খেইতিয়কৰ ল’ৰাৰ
হাত বৰ চিধা |
মোৰ দেখোন আজিকালি
বৰ অলপতে হাত-ভৰি কঁপে |
বন্দুকতো দুৰৰ কথা
ধনুকাঁড়ো জুৰিব
নোৱাৰোঁ ।
আইজনীৰ মাকৰ
ল’ৰা এটা হ’লে ভাল হয় এথোন ।
খেতিয়কৰ ল’ৰাৰ বোলে
হাত বৰ পোন !
আইৰ অসুখ
মোৰ আইৰ অসুখ … …
তেজৰ ধাৰত, হাড়ৰ আৰত বিহ ।
হাতেৰে মোহাৰি
কাংক্ষিত-সুখ
সোনৰ হৃদয় সলাই ল’লে সীহ ।
মোৰ আইৰ কি অসুখ ?
বিষাদ-বাঁহীৰ মাতত হেৰুৱায় সম্বিত ।
চিকাৰী
[হেনা গঙ্গোপাধ্যায়ৰ মৃত্যুত]
আহা ! কি নিৰ্ভুল
চিকাৰী হাত !
এটা বনৰ চৰাইৰ
সাতোটা গুলিৰে
হৰিলা মাত !
আহা ! কি নিৰ্দয়
চিকাৰী দাঁত !
মই কবি
বহি আছিলো
বা-তিৰ্বিৰ্ ৰ’দৰ ছাঁত,
নেজানো কেনেকৈ
মোৰ কলিজাত
লাগিল তেজৰ দাগ !
আহা! কি নিৰ্ভীক
চিকাৰীজাক !
সাতোটা গুলিৰে
এটা চৰাইৰ হৰিলে
সুৱদি মাত !
No comments:
Post a Comment