Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা - ২

মোৰ দেশ



মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ |

মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শইচ-সোনোৱালী ভবিষ্যতৰ সপোন | মোৰ জীৱনৰ আঁহে-আঁহে

মোৰ যৌবনৰ কোঁহে-কোঁহে সেই সপোনৰ কলৰোল |



দেশে দেশে দেশ আছে | এনে বহু দেশৰ অৰঙে দৰঙে

মই ঘুৰিছোঁ | বহু বন্ধুৰ সতে হাতে-হাতে হাত ধৰি ফুৰিছোঁ |

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা

পাহাৰতলিত খন্তেক জিৰাইছোঁ | বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ

কথা পাতিছোঁ | তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা |



এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ | যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য | জীৱনৰ নতুন অৰ্থ |

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস | প্ৰতিটো ঋতুৱে

মোক দি যায় জীৱনৰ আশীৰ্বাদ |



এই দেশৰ বাবে মৈ জীয়াই আছোঁ | এই দেশৰ বাবে মই

জীয়াই থাকিবলৈ মৰন পণ কৰিছোঁ | ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰ মাজত মই আছোঁ – মোৰ দেশৰ বাবে | অনৈক্যৰ

মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাবনা হৈ মই আছোঁ |

জীৱনে-মৰনে, শয়নে-সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ |

শত্ৰু-মিত্ৰ সকলোকে মই চিনিছোঁ | সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে

জিনিছোঁ | শান্তিৰ চৰাইযুৰিৰ আঁজলি ভৰাই মই দিছোঁ – ভঁৰালৰ

অমুঠি ধান, পৰাণৰ একোটি গান |



আৰুতো মোৰ একো নাই !



মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ

কঠিন পৰ্বত-মূললৈ… …





এজন বন্ধুৰ উক্তি



অথনিয়েই অলপ ফটিকা খাইছিলো

তাৰ ৰাগী এতিয়াও আছে |

হয়তো এইদৰে

গোটেই ৰাতিটো যাবগৈ |



এইদৰে কেতিয়াবা ফটিকা খাওঁ

আৰু, তাৰ ৰাগীয়ে মোক লৈ যায়

মনৰ সেই নিজান বনলৈ

য’ত

মই মোৰ সতে কথা পাতোঁ

কেতিয়াবা কৰো সতে নপতা কথা |



কি সুন্দৰ সেই ৰাতিবোৰ !

তৰাই-তৰাই নীল আকাশখনত

কথাৰ আখৈ ফুটে

ৰাতিৰ নিটোল শৰীৰ

মোৰ প্ৰাণৰ নদীয়ে ধুৱাই দিয়ে

শীতল সুললিত জলেৰে |





আই





আই!

তোমাৰ সতে শেষ দেখা মোৰ মনত নাই |



আজি হঠাৎ

তোমাৰ আঁচলেৰে ঢাকি অনা

গোপন ইস্তাহাৰখনৰ কথাবোৰে

দাৱনীৰ চোক দিয়া কাঁচিখনৰ দৰে

মোক চমকাই গ’ল |



আকালৰ জুয়ে পুৰি নিয়া

বনুৱাৰ হাতৰ তীখাৰ হাতুৰিটোৰ

প্ৰচণ্ড শব্দয় মোক সোঁৱৰাই

দিলে : তোৰ আই তোৰ সমুখত |



অতদিনে মই

নিজক লৈয়ে ব্যস্ত আছিলো আই !

আজি তোমাক পালো

তীখাৰ তীক্ষ্ণতা আৰু থোৰ মেলা

শস্যৰ মাজত |



মোৰ আই

কোন কাহানিবাই

আহি ৰৈ আছে মোৰ সমুখত ।





বোধন





আজি মোৰ

এন্ধাৰতে টোপনি ভাগিল |



স্বপ্নৰ পাপৰি

এটি এটি কৰি সৰি পৰি ৰ’ল

যেন পলাতকা পৰীৰ কবৰীৰ ফুল !



দেহৰ হুলত এতিয়া মোৰ

লাগি আছে মাতিৰ কোলাহল ;



আৰু, আপসৃয়মান ছায়াৰ দৰে


সপোনৰ কোমল কৌতুহল ।





প্ৰতীক্ষা





বহুপৰ হ’ল বেলিয়ে লাহ দিয়া



ধান কাটি দাৱনীজাক

এতিয়াও

মাজ পথাৰতে পৰি ৰৈ আছে :

আজি গধূলি

কমৰেড্‌ ৰাভা এইবাটে

আহিব উভতি |



চিফুঙৰ সুৰে সুৰে

ই-গাঁও, সি গাঁও, সাতোগাঁও

ৰজন্‌জনাই যাবহি |

কমৰেড্‌ ৰাভা আজি গধূলি


আহিব উভতি ।

No comments:

Post a Comment