জুনুকা - সাপ আৰু খেতিয়কৰ জীয়েকৰ সাধু

Today we are presenting a story from Junuka written by Lakshminath Bezbaruah. More stories can be found in Assamese stories link in header.

সাপ আৰু খেতিয়কৰ জীয়েক
(লক্ষীনাথ বেজবৰুৱা)

এটা খেতিয়কৰ দুজনী ঘৈনীয়েক আছিল | সৰুজনী লাগী আৰু বৰজনী এলাগী | দুইজনী ঘৈনীয়েকৰ দুজনী জীয়েক | গিৰীয়েকে এলাগীক দেখিব নোৱাৰে, জীয়েককো দেখিব নোৱাৰে | তাৰ উপৰি লাগীয়েও দিনে ৰাতিয়ে সিঁহতক বৰকৈ দুখ দিয়ে আৰু গোবৰ পেলোৱা, ধান বনা, ছুৱা ধোৱা আদি দুখৰ বনবোৰ এলাগী আৰু জীয়েকক কৰিব দিয়ে |
এদিন বাপেকে এলাগীৰ জীয়েকক পথাৰত পকা ধান ৰাখিবলৈ পঠাই দিলে | বতা চৰাইবোৰে ধান খোৱা দেখি এলাগীৰ জীয়েকে এইটবুলি সিঁহতক হুৰাই দিছিল
হুৰ হুৰ বতা চৰাই !
মোৰ ধান নেখাবি,
তোক দিম গোটেই কৰাই |”
এইদৰে মাতি মাতি চৰাই খেদাওঁতে হাবিৰ মাজৰ লেটেকু গছ এজোপাৰ পৰা উত্তৰ আহিল
হুৰ হুৰ বতা চৰাই!
আঘোনত সাপে তোক বিয়া কৰায় |”
এই উত্তৰ শুনি
ৱালীজনীয়ে ভয় খাই তাৰ পৰা লৰি গুচি আহি ঘৰ পালেহি | বাপেকে তাইক কিয় গুচি আহিলি বুলি সুধিলত, তাই সেই কথা লত বাপেকে – “ লচোঁন যাওঁ | কোনেনোও কি কৈছে শুনোগৈবুলি ছোৱালীজনী লৈ ধানৰ পথাৰলৈ আহি তাইক সেইদৰে মাতি বতা চৰাই খেদবলৈ লে | জীয়েকে আগৰ দৰে মাতিলত আকৌ আগৰ দৰেই উত্তৰ আহিল | বাপেকে আচৰিত মানি, হাবিৰ মাজৰ লেটেকু গছজোপাতকিনো আছে চাওঁগৈবুলি তাৰ ওচৰলৈ গৈ দেখিলে যে তাত এটা অজগৰ সাপ আছে | সাপটোৱে খেতিয়কক তাৰ জিয়েকক বিয়া কৰিম বুলি লত সিবাৰু, কাইলৈ ভাবি চিন্তি এইবুলি কৈ গুচি আহিল | ঘৰ পাই সি লাগীক সেই কথা লত লাগীয়ে তাক উৎসাহ দি সাপেৰে সৈতে এলাগীৰ জিয়েকক বিয়া দিবলৈ লে; কাৰণ, তাই ভাবিছিল, তেনেহলে সাপে তাইক খাই পেলাব | এলাগী এই কথা শুনি কান্দিবলৈ ধৰিলে | কিন্তু তাইৰ কথা শুনে কোনে ?
পিছদিনা বাপেকে আহি সাপক লে যেমই মোৰ জীক তোমালৈ বিয়া দিম | কাইলৈ গধূলি তুমি জোৰণ পিন্ধাবাগৈ !” তাৰ পিছদিনা সাপে এলাগীৰ জিয়েকক জোৰন পিন্ধাবলৈ | ৰাতি এলাগীৰ জিয়েকক সাপেৰে সৈতে একেটা কোঠালিত থকিবলৈ দিয়া আৰু মাক বাহিৰতে পৰি থাকিল | ৰাতি এলাগীৰ জীয়েকে এইদৰে বলৈ ধৰিলে -  “আই! মোৰ ভৰি কুটেকুটায় |” মাকে বাহিৰৰ পৰা উত্তৰ দিলে – “আই! তোক জোৱায়ে নেপূৰ পিন্ধায় |” তাৰ পিছতে জীয়েকে লে – “আই ! মোৰ হাতে কুটেকুটায় |” মাকে বাহিৰৰ পৰা লেআই! তোক জোৱায়ে খাৰু পিন্ধায় |” এইদৰে শৰীৰৰ সকলো ভাগৰ কথা কৈ কৈ মাকৰ পৰাও তেনে উত্তৰ পাই পাই শেষত নমতা | পিছদিনা ৰাতিপুৱা মাকে দুৱাৰ মেলি চাই দেখিলে যে জীয়েকৰ গা সোণৰ অলংকাৰেৰে জকমকাব লাগিছে | দেখি মাকৰ মহা আনন্দ | মাহীয়েকে আৰু বাপেকে ভাবিছিল যে তাইক সাপে ৰাতি খাই পেলাব | কিন্তু এতিয়া তেনেকুৱা দেখি বৰ আচৰিত মানিলে আৰু মাহিয়েকে পেটে পেটে বৰ বেজাৰ পালে |
ইয়াৰ পিছত লাগীয়ে গিৰীয়েকক বৰকৈ লাগিল যে তাইৰ জীয়েককো এটা সাপ আনি সাপেৰে সৈতে বিয়া দিব লাগে | গিৰীয়েকে লাগীৰ খাটবান্ধ এৰাব নোৱাৰি ভালেমান মানুহ লগত লৈ গৈ হাবিত অনেক বিচাৰি বিচাৰি এটা অজগৰ সাপ পাই ধৰি লৈ আহি ৰাতি লাগীৰ জীয়েকৰ লগত এটা খোটালিত থাকিবলৈ দিলত , সাপে লাহে লাহে লাগীৰ জীয়েকক গিলিবলৈ ধৰিলে | লাগীৰ জীয়েকে “ আই, মোৰ ভৰি কুটেকুটায়” , “আই মোৰ কঁকাল কুটেকুটায়” ইত্যাদি ৰকমে মাকক কৈ আছিল, কিন্তু মাকে জোঁৱায়েকে জীয়েকক অলংকাৰ পিন্ধাইছে বুলি ভাবি সেইদৰে উত্তৰ দি আছিল | শেহত জীয়েকৰ মাত নাইকিয়া হ’লত জীয়েকে শুলে বুলি ভাবি মাকে নিশ্চিন্ত হ’ল | ৰাতিপুৱা তাই দুৱাৰ মেলি চাই দেখিলে যে জীয়েক নাই | সাপটোৱে জীয়েকক গিলি গেৰেলা হৈ তাতে পৰি আছে | এনে হোৱা দেখি তাই হুৰাওৰাৱে কান্দিবলৈ ধৰিলে |
যি কৰে পৰত |

তাৰ মিলে ঘৰত |

No comments:

Post a Comment