Poems of Hiren Bhattacharya - হীৰেন ভট্টাচাৰ্যৰ কবিতা


আৰক্ত প্ৰহৰ

সূৰ্যৰ তেজৰ স্তৱক,
আকাশ জুৰি বাজি উঠে
কাৰ গানৰ ভৈৰৱ ?

মোৰ শৰীৰৰ চেঁচা তেজত
ফুটুকী হৰিণীৰ দৰে
হঠাৎ জঁপিয়াই পৰে
এচেৰেঙা ৰ’দ : উদগ্ৰীৱ, উৎসুক |
হৃদয় যদি এই ৰ’দকণে
স্পৰ্শ কৰিলেহেঁতেন
দেখিলোহেঁতেন পুৰ্ণতাৰে পৰিপূৰ্ণ
পৃথিৱীৰ অপৰূপ ৰূপ !

মৃত্যুৰ শিখাৰে উজ্জ্বল
স্বদেশৰ নিৰ্ভীক মুখ !!

স্তম্ভিত বিদ্যুত   

আজি মই
অনবৃত ব’হাগৰ স্তব্ধতাত
ওঁঠ থৈ সগৰ্ভা পৃথিবীৰ
গৰ্ভ সঞ্চাৰিত ইচ্ছাৰ
যি বিস্ফোৰণ দেখিছোঁ
তাৰ আঘাতত
থানবান হৈ যোৱা মোৰ পৌৰুষ
নক্ষত্ৰ তৰংগেৰে যেন
জ্বলি উঠিছে : শিৰাই শিৰাই
মোৰ স্তম্ভিত
বিদ্যুত |

ব’হাগৰ স্তব্ধতাত
লাগি আছে মোৰ
মৌণ ওঁঠ |

প্ৰতিবাদ  

দোক্‌মোকালিতে ওলাই গৈ
সন্ধিয়া সি উভতি আহিল
মাকৰ বুকুৰ কাষলৈ |
আলেঙে-আলেঙে ফুৰি ফুৰা ল’ৰাটো
মাকৰ ইমান ওচৰত
আজি বহুদুবৰ মুৰত শুইছে |

তাৰ ৰক্তাক্ত দেহত
এতিয়াও দপ্‌দপ্‌কৈ জ্বলি আছে
ওঠৰ বছৰৰ এটি সাঁচতীয়া সপোন |

[শংকৰ পুৰকায়স্থৰ স্মৃতিত]

ৰাতি   

এতিয়া মোৰ টোপনি আহিব খুজিছে
অথনিৰে পৰা ইকটি-সিকাটি কৰি বিছনাখনতে পৰি আছোঁ
ৰাতি আৰু এন্ধাৰ হ’লে
শিতানৰ খিৰিকীখন মই লাহেকৈ খুলি দিম –

হাস্নাহানাৰ সিপাৰে
জিক্‌মিকাই উঠিব এন্ধাৰ ৰাতিৰ তৰাৰ মৰ্মভেদী স্তব্ধতা –

মোৰ দুৰ্বল-মেধাৰ বুকুত খন্তেকীয়া ফুলৰ গোন্ধে
সজীৱ পাহি মেলি দিব …

সি  

তোমাক বিচাৰি আহি
সি উভতি গ’ল
স্তব্ধতাৰ নিৰ্জন অন্ধকাৰত
অৰ্থহীন পোহৰত
ইতস্তত: সি তোমাক বিচৰিছিল |

তাৰ ক্ষমাহীন মুখৰ কুঞ্চিত ৰেখাত
স্পষ্ট হৈ উঠিছিল সূৰ্যৰ দৰে
প্ৰখৰ আৰু প্ৰত্যক্ষ পোহৰ |
স্বাস্থোজ্বল এটি পুৱাৰ
তেজ ৰঙা ফুলৰ দৰে উজ্জ্বল
তাৰ শৰীৰ থৰথৰকৈ কঁপিছিল
আমাৰ নৈৰাজ্যৰ নিঃস্বতাত |

মোৰ ভয় লাগিছিল
সি যদি তোমাক লগ পায় |

যন্ত্ৰণা

বিসফোৰনৰ পাথৰ
কঁপে থৰথৰ |
নিবেদি নপুংসকৰ
শুনো আৰ্তনাদ |

কাল সমুদ্ৰত আহিছে জোৱাৰ
যেন ক্ষুব্ধ অজগৰ |
জনতাৰ প্ৰগলভ কণ্ঠত
দুৰ্মদ প্ৰতিবাদ |

অংগীকাৰৰ শানত ধাৰ
সেমেকা বাৰুদ শুকাল আমাৰ |
জ্বলন্ত সূৰ্যৰ কাঁড় পৰি অকস্মাৎ
আঁতৰক পৃথিৱীৰ ক্লীৱ অৱসাদ |

প্ৰাণৰ কবি মোৰ
দিয়া সেই আশীৰ্বাদ |

[ নাজিম হিকমতৰ সোঁৱৰনীত ]


আৰু এটি বসন্ত

বিস্ময়াবহ এটি চৰাইৰ ডেউকাৰ পোহৰ
আহি পৰিছে মোৰ চোতালত,
হৃদয়-স্পন্দিত মৃত্যুৰ ছন্দেৰে অনুভৱ কৰিছোঁ জীৱন,
পুৱাৰ পখিৰ সোনোৱালী সুৰ,
শিশুৰ হাঁহি আৰু কত কি !

প্ৰাণৰ বালিত আজি আকৌ
লিখি থলো এটি নাম ; যিদৰে তুমি
আলফুলে অথচ ঐশ্বৰ্য্যৰ গৌৰেৱেৰে
তোমাৰ প্ৰিয়জনৰ নাম লিখি থোৱা
হৃদয়ৰ গভীৰত |

প্ৰেমৰ কথাতো আৰু আনক ক’ব নোৱাৰি |
নিশ্বাসৰ দৰে নিশব্দে এ যেন বিচাৰি ফুৰে
শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস |
আৰু এটি বসন্তৰ
এই এক আশ্চৰ্য মুহূৰ্তত মোৰ নিশ্বাস
ক্ৰমে দ্ৰুত আৰু দ্ৰুততৰ হৈছে
স্নায়ুৰ মাজেৰে চলিছে শানিত এক অস্ত্ৰ … …


আহিনৰ লেণ্ডস্কেপ      

১
শেষ হৈ গ’ল
লুব্ধ আকাশৰ হিংস্ৰ উৎসৱ |
উখল-মাখল পথাৰত
এতিয়া বলিছে সেউজীয়া ধল |

২
তামস আকাশখনৰ
স্তব্ধতা ভাঙে কোমল কহুৱা ফুলে |
কবিতাৰো বতৰ আছে
আহিনৰ আকাশে কানে-কানে ক’লে |

৩
ৰ’দালিৰ ভাঁজে ভাঁজে
অপাৰ বিস্ময় |
আৱেগত ভাগি পৰে
শব্দৰ তন্ময় |

নিহত হৃদয়   

মই, মোৰ বন্ধুৰ হাতত
নিহত হ’লো | মৰাৰ আগতে
মানুহে কি ভাবে বাৰু ?
লৰালিৰ কথা,
যৌবনৰ সোনোৱালী দিনবোৰ নে আন কিবা – মই নেজানো |

মই মৰাৰ আগতে, বন্ধুৰ হাতৰ তীক্ষ্ণ ছুৰীখন দেখি ভবিছিলো
এটা উজ্জ্বল মৃত্যুৰ কথা | সেয়ে সংগোপনে মই মোৰ জীৱন
মোৰ বন্ধুৰ হাতত তুলি দিলো :
যিদৰে আলফুলে প্ৰিয়াৰ খোপাত
পিন্ধাওঁ এপাহ গোলাপ |

মই নিহত হ’লো | শেষ হ’ল মোৰ বন্ধুৰ সতে
গোলাপ-গোলাপ বহুতো সংলাপ |

ব’হাগ 

মই খিৰিকীখন খুলি দিলো |
স্তব্ধতাৰ নিৰ্জন পোহৰত আমি
আকৌ মুখামুখি হ’লো : শিৰৰ সেন্দুৰেৰে সুন্দৰ
আকাশৰ মুখত জিলিকি উঠিছে
সোনোৱালী ব’হাগ |

মই যেন সমস্ত শৰীৰেৰে গ্ৰহণ কৰিম
ক্ৰান্তি লগ্নৰ এই সুৰ্যৰ বুকুৱেদি বৈ অহা
তাৰুণ্যৰ বেগৱতী নৈৰ উত্তাপ !
আৰু তাৰ কোৱাল সোঁতত লাগি থকা
ৰ’দৰ কোমল স্বাদ !!

আহা! কি সুন্দৰ এই ব’হাগ,
কি যে মায়াবী তাৰ লাৱনী দুখনি হাত !!


No comments:

Post a Comment