সুন্দৰৰ সুখ
কোনেনো বজালে বাঁহিটি কালি
সুৰ সুষমাৰ লহৰ তুলি
হিয়াই হিয়াই মিলি জুলি
গোপন পৰত ঐ ।
কোনো কাহানিৰ আৱেগ ভৰা
অভিমানত সপোন সৰা
কোন প্ৰানৰ সমল হৰা
সূৰ চানেকি লই ।
বুকুৰ ব্যথা বুকুৰ কথা
মনে প্ৰাণে সুৰে গঁঠা
কিবা এটি কিবা কথা
কাণে কাণে থই ।
দুৱৰীয়ে দুৱাৰ মুখত
আপোন ভুলা প্ৰাণৰ সুখত
কাৰণো বাৰু সুৰ সুনিলত
থমকি থমকি ৰ'ই ।
কোন বলিয়াই বজাই বাঁহী
ভবা কথা বুকুত ভাঁহি
হিয়া ভৰি হাঁহি হাঁহি
মৰম কণা লয় ।
নিজেই হাঁহি বজায় বাঁহী
নিজৰ প্ৰাণত নিজেই ভাঁহি
কঁপাই কঁপাই ওঁঠৰ পাহি
নিজেই নিজৰ প্ৰাণ ।
মিছাকৈয়ে লোকক সোধে
কোনে জানে? কোনে বুজে?
প্ৰাণৰ সুৰ প্ৰাণক সুজে
কৰি অভিমান ।
কোনে বুজে কিয় বাজে
মনে প্ৰাণে কিয় ৰাজে
মিলি জুলি সুৰে সাজে
আলোক সোণাই প্ৰাণ ।
কোনে বুজে কিয় আনে
সুখৰ সপোন প্ৰাণে প্ৰাণে
কদম তলৰ কাণে কাণে
মোহন বাঁহীৰ তান ।
সপোন জালত মনে মনে
ঘূৰি ফুৰো বনে বনে
কিয় জানো ঘনে ঘনে
মুখত ফুটে গান ।
বুকুত চপাই ফুলৰ কলি
ওঁঠে চুমাই পৰি ঢলি
হেপাহ পুৰাই মনৰ অলি
সুখৰ অভিমান ।
আৰু কিবা লগে লগে
হিয়াখনি ভাগে ভাগে
কোনে বুজে আগে আগে
কিনো লৰি যায় ।
সোণৰ হৰিণ ডিঙি ভাঙি
চকু যুৰি দাঙি দাঙি
মনত কিনো কথা পাতি
ঘূৰি ঘূৰি চায় ।
ৰামে সীতাই কথা পাতে
কাণে কাণে বাটে-ঘাটে
ফুলে ফলে জানে জানে
ফুটে কিহৰ মাত ।
সপোন ভাঙি সপোন ৰচে
চকুৰ পানি কিয় মচে
পাতে পাতে গছে গছে
কিনো সুৰৰ জত ।
চিত্ৰলেখাই ছবি আঁকে
লিখনিয়ে পাকে পাকে
প্ৰেমৰ মোহন ৰহণ বাকে
বুকুত লাগই বোল ।
কোনে জানে সোণৰ ছবি
কেতিয়াকে পূৰা হবি
ঊষাই তাকে ভাবি ভাবি
ফুলাই আশাৰ ফুল ।
পদুম পাতত ছাবি আঁকি
গোপন হিয়াৰ সপোন চাকি
চকুৰ পানী কোনে বাকী
দিয়ে হিয়া দান ।
চালি ধৰ ম'ৰা পখী
ক'ত কিনো কলে সখী
অকলশাৰে বহি বহি
কিয় জানো নিজে নিজে
ললে অভিশাপ ।
তাহানিৰ আঙঠিটি
মনৰ কথা আছিল সিটি
সিও গল কেনি উটি
কিনো জানো পাপ ।
সোঁতে সোঁতে উটি উটি
গুচি গলে হিয় দিটি
কত কথা মনত ৰাখি
আনিম বুলি প্ৰাণ ।
ক'ত কথা ললে সুধি
পিছে পিছে সাজি বুদ্ধি
আৰু মাথো এটি দিন বাকী
প্ৰাণক প্ৰাণৰ দান ।
সপোন দেখি সপোন লেখি
সুৰে সুৰে ময়ো সুখী
মেলি দিলো মৰম পাখী
কিবা এটি পাম ।
কিয় জানো নিঠুৰ খেলা
আশাৰ শেসৰ খেলা
মনে মনে পাহি মেলা
কিনো আজি চাম ।
কিনো জানো ভাঙি সপোন
খুলি দিলে হিয়াৰ দাপোণ
মৰম সনা ছবি আপোন
অকনি হিয়াৰ দান ।
তুমি সখী নহয় তুমি
ময়ো কিবা চুমা চুমি
কিহৰ জানো জুমা জুমি
হায় ! কান্দি উঠে প্ৰাণ ।।
No comments:
Post a Comment