সৌন্দৰ্য্যৰ
বুকুৰ কাঁচলি
উদঙাই,
প্ৰকৃতিৰ
চোঁ-ঘৰ
চাঁলো পিতপিত;
কুকুৰ-ঠেঙীয়া
এই আখৰ
কিটিত
যি
অমিয়া ঘঁহা
আছে, ক’তো
আৰু নাই
।
কবি-নিকুঞ্জিত
ফুলি কত
কবিতাই,
মলয়াত
উৰি উৰি
ফুৰে পৃথিবীত,
তোমাৰ
চিঠিয়ে কিন্তু
জানে যিটি
গীত
কবিতাৰ
কাব্যে তাৰ
গোন্ধকো
নাপায় ।
ফুল
ফুলে সৰি
যায়, শুকায়
বননি;
বসন্তৰ
কুঁহিপাত
ৰ’দত
লেৰেলে ।
তোমাৰ
চিঠিয়ে, প্ৰিয়ে,
জানে কি
মোহিনী,
নিতৈ
নোহোৱ বাহী
ন ন
ফুল মেলে
।
যত
শুঙো, চুমা
খাও, নেলাগে
আমনি,
হৃদয়ত
হেঁপাহৰ
ভোটতৰা জ্বলে
।
No comments:
Post a Comment