প্ৰিয়তমাৰ চিঠি



সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই,
প্ৰকৃতিৰ চোঁ-ঘৰ চাঁলো পিতপিত;
কুকুৰ-ঠেঙীয়া এই আখৰ কিটিত
যি অমিয়া ঘঁহা আছে, ক’তো আৰু নাই ।

কবি-নিকুঞ্জিত ফুলি কত কবিতাই,
মলয়াত উৰি উৰি ফুৰে পৃথিবীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায় ।

ফুল ফুলে সৰি যায়, শুকায় বননি;
বসন্তৰ কুঁহিপাত ৰ’দত লেৰেলে ।
তোমাৰ চিঠিয়ে, প্ৰিয়ে, জানে কি মোহিনী,
নিতৈ নোহোৱ বাহী ন ন ফুল মেলে ।
যত শুঙো, চুমা খাও, নেলাগে আমনি,

হৃদয়ত হেঁপাহৰ ভোটতৰা জ্বলে ।

No comments:

Post a Comment