বুজা ভুল
তুমি নাহিলা আৰু
প্ৰাণৰ কথাটি প্ৰানতে লুকাই
কম কম বুলি কিয়বাট চাই
মিছাতে মৰিছোঁ বাৰু ?
তেতিয়া বুলিলা যাম
শেষৰ বেলিকা নাহিলা যেতিয়া
আৰুনো সখিটি আহিবা কেতিয়া
ক'ত আৰু বাট চাম ?
আহে আৰু যায় দিন,
মোৰ সুখৰ দুখৰ নিজৰা ব'ই
ব্যৰ্থ আশাৰ বতৰা ক'ই
কতনো লুকাল চিন ?
এতিয়া আছেনে ভৰি
তাহানিখনৰ স্মৃতিৰ ফুল
হিয়াৰ কতনা নভগা ভুল
মিছা অভিমান কৰ ?
আজিতো নতুন তুমি ?
যোৱা কথা গ'ল নালগে দুনাই
হিয়া ভুকুৱাই কান্দিব শুনাই
বেদনা জ্বলিব উমি !
ঘিণ কৰা নেকি মোক ?
ভয়কৰা নেকি চুমাৰ পৰশ
আকুল হিয়াৰ বিপুল হৰষ ?
বুজিছোঁ তোমাৰ শোক ।
মিছাতে কৰিছা ভয়
দুটি হিয়া যদি এটি হ'ই যায়
আন এটি আৰু নালাগে দুনাই
তাকেতো বুজিছোঁ মই ।
দুটি মাথোঁ সখী অভিন্ন হৃদয়
জগত চানেকি তুমি আৰু মই
অভিমান কৰি নাথাকা মিছাতে
চকুৰ আতৰ হই ।
আহাচো দুনাই সোণ !
নালাগে সুধিব কোন ?
হিয়াৰ মাজত তোমাৰ হিয়াই
জ্বলিব পূৰ্ণিমাৰ জোন ।।
১৯৪০
No comments:
Post a Comment