ব্যৰ্থ-ভৰা
জীৱনৰ পুঞ্জীভূত বেদনা বিপুল
নিবেদিছোঁ
চৰণত, এই মোৰ চৰণ আকুল |
যদিও
জীৱন ব্যৰ্থ, তথাপিতো তুমি স্বামী মোৰ
বুজা
নাই একো অৰ্থ, হিয়া মোৰ বিষাদেৰে পূৰ |
নাচোনৰ
ছেৱে ছেৱে, সঙ্গীতৰ প্ৰতি লহৰত
একোটি
মাথোন সুৰ বাজি উঠে হৃদয়-বীণত |
ভাষা
নাই বুজাবৰ অশ্ৰুময় কৰুণ কাহিনী,
হে
দেৱতা, হে পাষাণ শুনা শত শোকৰ ৰাগিনী |
নহওঁ
পৱিত্ৰ মই, দাসী মই, সেৱকী
তোমাৰ,
তাতকৈ
বেছি জানো পাব পাৰো কিবা আধিকাৰ?
জগতৰ
স্বামী তুমি, মোৰ স্বামী হবা সেই বুলি,
দোষ
মোৰ কপালৰ, আছে বহু কলঙ্কৰ মলি |
পবিত্ৰ
অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ,
জানা
তুমি কোন দোষী, মোৰ দোষ – সি
বাবে পতন |
ভুলৰ
হুলেৰে হনা কলূষিত গোতেই জীৱন,
নিতউ
সন্ধিয়া বেলা হয় তাৰে অৰ্ঘ্য বিৰচন |
আৰতিৰ
ডবা-কাঁহ, শঙ্খ ঘন্টা যিমানে বাজিব,
মোৰ
ই বেদনা ধ্বনি তাতকৈ দুগুনে চৰিব |
তোমাৰ
পুজাৰ ফুল, ভোমোৰাই মউ চুহি খোৱা,
নিচেই
আজলী ফুল, তাকে ভাবি তুমি লোৱা |
সেই
দৰে হে নিঠুৰ, লবা তুমি মোক নিঘিণায়,
মিলি
যাম তোমাতেই, পাপ জন্ম নলওঁ দুনাই |
সেয়ে
হলে দুখ নাই, ব্যাথা আৰু নেথাকে বেদনা,
নটী
মই, নাচি নাচি পাষানৰ লভিম কৰুণা |
অবিচাৰ
জগতৰ – নকৰিবা তুমি অবিচাৰ;
লবা
যেন নিঘিণায় হৃদয়ৰ ষোড়োষোপচাৰ |
লবই
লাগিব তুমি মোৰ এই ভক্তি ভৰা ফুল;
জীৱনৰ
যৌৱনৰ ব্যথৰ্তাৰ তুমিয়েই মূল |
No comments:
Post a Comment