শিল্পী
মই তিনিও কালৰ
অতীতৰ
বৰ্ত্তমানৰ
অনাগত
ভৱিষ্যতৰ
|
আদিতেই
যাত্ৰা কৰি অনাদিলে’ যাওঁ,
ধ্বংসৰ
মাজেদি মই
ৰূপান্তৰেদি
ৰূপ পাই
নৱতম
সৃষ্টিৰ শলিতা জ্বলাওঁ |
জনতাৰ
হৃদয়ত মোৰ সোনোৱালী দেশ
মই পিন্ধো
বিশ্ববেশ
নতুন দৃষ্টিৰে চাঁও সৃষ্টি অনিমেষ |
নানা ভাষা
নানা আশা
নানা
জাতি-বৰ্ণ জিনি
মই শুনো ৰিনি ৰিণি
বিশ্ব – জনতাৰ এক অপুৰ্ব্ব সঙ্গীত
|
সেই
সঙ্গীতৰ প্ৰতিধ্বনি
তোলোঁ মোৰ
গানে সুৰ
সাম্যৰ
সমৃদ্ধিৰ
সৌন্দৰ্য্যৰ
মহামহত্বৰ
পাতিবলে’ শান্তিৰ নৱলোক
এই পৃথিবীত |
মোৰ
কল্পনা
– মেধা , বুদ্ধি-মনীষাৰে
মোকে কৰি সংস্কৃতিৰ অপূৰ্ব্ব আধাৰ
মোকে
শলিতা কৰি জ্বলাওঁ
বিশ্ব – চাকি
বিশ্ব-জনতা পূজাৰ ;
সেই
পূজাৰ প্ৰধান অৰ্ঘ্য কৰি
মই দিওঁ
উপহাৰ
মোকে
কৰি ষোড়শোপচাৰ
|
বিশ্ব জুৰি জনতাৰ জয়জয়কাৰ
হওক
জয়জয়কাৰ
|
বিশশ্ব
ReplyDeleteGood very good very good
ReplyDelete