মানৱ বন্দনা - চন্দ্ৰকুমাৰ আগৰৱালা



আহিছে মানুহ        গইছে মানুহ
     মানুহ মায়াপী জীৱ;
মানুহ সোঁতৰ        অন্ত নাইকীয়া
     বুলিলে মৰত কিয়?
মানৱী জনম        দিয়া উটুৱাই
মানৱী কৰম সোঁতে;
মানুহৰ মৰম        বুজিবা মানুহে
ধৰম যে মৰমতে |
মানুহেই লগ         মানুহেই সঙ্গ
মানুহেই পৰাৎপৰ;
এই যে পৃথিৱী       স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ |
মানুহেই দেৱ        মানুহেই সেৱ
মানুহ বিনে নাই কেৱ;
কঁৰা কঁৰা পূজা      পাদ্য-অৰ্ঘ্য লৈ
জয় জয় মানৱ দেৱ

No comments:

Post a Comment