অ’ আমাৰ গাওঁ
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাঁও আমি
মৰিবলৈ যাঁও |
ভৰপূৰ তামোলৰে
সেউজীয়া পথাৰেৰে
দুৰতে জিলিকি থকা
অ’ আমাৰ গাঁও !
দেশৰ হকে মৰিব পৰা
আমাৰ গাঁৱৰ ডেকা ল’ৰা
ডেকেৰী নহয় পাছ পৰা
অ’ আমাৰ গাঁও |
একঠা মাটি মই উপজিয়ে পাঁও
এমুঠি পেটৰ ভাত
এখনি কাপোৰ গাত
আজি কিয় তাকো নেপাঁও?
এই মাটি মোৰ অধিকাৰ
মোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
নিজে ৰখাঁও
কালৰ মূৰ্তি ধৰি
শতৰু মূৰত
আকাশৰ চৰগ পেলাওঁ |
Good
ReplyDeleteGood
ReplyDelete