অপ্ৰকাশ
কবি: দেৱকান্ত
বৰুৱা
The petty done and undone vast
                                                ROBRT
BROWNING
মোৰ বাবে নাগাথিবা মালা মোৰ কথা শুনা, কৰো বাবে 
মালা নাগাথিবা
অন্তৰৰ অনন্ত কবিতা খন্তেকীয়া ফুলৰ ভাষাৰে
কিদৰে লিখিবা?
কিদৰে কৰিবা বাৰু এটোপাল নিয়ৰেৰে সাগৰ
বিস্তৃতি প্ৰমাণ?
বিন্দুৰ গৌৰব তাত হয়তো হ’বও পাৰে, মহাসিন্ধু
-   তাৰ অপমান |
জানো জানো , তোমাৰ হাতৰ মালা আদিম নাৰীৰ সেয়া 
সঙ্কেত প্ৰেমৰ?
তোমাক উদ্দেশি লিখা মোৰ কবিতাত কান্দে অনুৰাগ
আদি মানৱৰ !
সন্ধিয়া কোমল কৰা শেৱালিৰ মৃদু বাস , মনোৰম
হাঁহি গোলাপৰ,
মাৰ গই আছে তাতে কত শৰতৰ স্মৃতি, লুপ্ত শোভা
কত বসন্তৰ !
পুৱাৰ পোহাৰ দেখি বনৰ চৰায়ে তোলে ডালে ডালে
সুৰৰ লহৰ;
আজিৰ পখীৰ হায় ডিঙিত কান্দিব খোজে সোঁৱৰণিত
কত প্ৰভাতৰ |
সৃষ্টিৰ দিনৰে পৰা আজিল’কে সকলোতে সৌন্দৰ্য্যৰ 
বিকাশ বিশাল
অপ্ৰকাশ সৌন্দৰ্য্যৰ সীমাহীন সমুদ্ৰৰ এটি মাথোঁ
সামান্য টোপাল |
কাণ পাতি শুনা হেৰা, আমাৰো হিয়াতে কঁপে অনুভূতি
সেই মাধুৰীৰ;
দুৰ্ব্বল মানুহ আমি, কিদৰে প্ৰকাশো তাক? পৰিহাস
হায় নিয়তিৰ !
অন্তহীন অনুভুতি – অকণি প্ৰকাশ – দুখ মানুহৰ,
          তাৰ প্ৰতিকাৰ? 
একো নাই, মনক বুজাওঁ, মই কবিতাৰ মালা গাঁথি
তুমি ফুল-হাৰ |
বহলাই লিখক
ReplyDelete