শুনিছোঁ সুখৰ ঠাই তোমাৰ মুখত
কোৱা আই ! সেই ঠাই আছে বাৰু ক’ত?
কোৱা সি জেউতি ভৰা দেশ ক’ত বাৰু?
আমিনো বিচাৰি তাক নেপামনে আৰু
কমলৰ ফুল য’ত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে,
তাতে নে সুখৰ ঠাই কোৱা মোক আই?
- নহয় নহয় তাত সাদৰী সোণাই |
দীঘল পাতেৰে য’ত আছে বহু তাল,
ৰ’দৰ তাপত পকে খাজুৰি ৰসাল;
নীল সাগৰত থকা মাজুলী বোৰত
সুন্দৰ সুগন্ধি নানা ফুল ফুলে য’ত;
ফুলাম পাখিৰে য’ত পাখীবোৰ উৰে –
তাতে নে সুখৰ ঠাই কোৱা মোক আই?
- নহয় নহয় তাত সাদৰী সোণাই |
তেন্তে কি সি ঠাই, আই ! দূৰ অতিশয়
সোণালী বালিৰ মাজে নই য’ত বয় |
চৰিছে জেউতি য’ত পদ্মৰাগ মণি;
পোহৰে হীৰাই য’ত নিৰ্জন খনি;
পোৱাল-বন্ধোৱা পাৰ নীল সাগৰৰ
আছে য’ত শোভ কৰি মুকুতা আঁকৰ
তাতে নে সুখৰ ঠাই কোৱা মোক আই?
- নহয় নহয় তাত সাদৰী সোণাই |
চকুৰে নেদেখি সোণ, সি সুখৰ স্থান
কানেৰে নুশুনি সেই আনন্দৰ গান;
সপোনৰ অগোচৰ সি সুখৰ ঠাই
ৰোগ শোক জৰা মৃত্যুত যি দেশত নাই;
বিনাশী কালৰ তাত অধিকাৰ নাই;
আকাশৰ ওপৰত সি সুখৰ ঠাই |
অমৰ সৌন্দৰ্য তাত বিৰাজে সদায়,
চিৰসুখ চিৰশান্তি সাদৰী সোণাই |
Answer
ReplyDeleteQuestion answer
DeleteAnswers
Deleteপ্ৰশ্নোত্তৰ লাগে
ReplyDelete