Niyor - poem of Chandrakumar Agarwala : নিয়ৰ - চন্দ্রকুমাৰ আগৰৱালা


  
মুকুতা মণিটি পাহিত জিলিকে
ফটিক পানীত ধোৱা
নিশাৰ তৰা এটি সৰিয়েহে আছে
সৰগত টোপনি যোৱা

নিজম আকাশৰ নিচুক কথাটি
হিয়াত থৈছে সাঁচি
কোন কাহানিৰ সপোন দেখিছে
কোনে হাঁহিছিল নাচি

ফুলনিত কোনে নিশা নাচিছিল
ছিগি ৰই গল মণি
ৰঙিলীৰ ভাব হাঁহি নাচোনৰ
ল চিন এইকণি

ৰাতিৰ ধেমালি জোনৰ নিফুট
হাঁহিৰে থৈছে সানি
পুৱাৰ হেঙুলি বেলিটিলৈ চাই
এটুপি চকুৰ পানী

নিয়ৰ কলিৰে শোভে ফুলজুপি
চাইছো ভাবতে ভাহি
হায় কি বিষম পেলালে বায়ুৱে
জোকাৰি ফুলৰ পাহি

1 comment: