ফুল নহয় মুল - হীৰেন ভট্টাচাৰ্য



ফুলবোৰ,
বৰ অলপতে শুকাই
লেৰেলি যায় !
বাহি ফুলৰ পাহি
সৰি সৰি
মোৰ চোতাল একাঠু হয় |

এইবাৰ
এডোঙা তেজৰ তলত
ফুল নহয়, পুতি থলো মূল |

কলিজাৰ গভীৰ গোপনত
শিপাডাল বাঢ়ে … …


বাঢ়ে দোপে দোপে ।

1 comment: