অভিজ্ঞান - হীৰেন ভট্টাচাৰ্য


  
এদিন ৰাতি মই ঘৰৰ সমুখত বহি আছিলো |
মন আৰু মগজুত নিৰাশাৰ অক্লান্ত আক্ৰমণ |
চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত
ক্ষত-বিক্ষত ।

হঠাৎ, ৰবাৰ পৰা এজাক বতাহ আহি
উদ্বাস্ত মনৰ কোঠালি মোৰ তোলপাৰ কৰি দিলে ।
কুঁৱলীয়ে স্তিমিত কৰা আকাশত এটি দুটি কৰি
জ্বল্‌মলাই উঠিল এজাক ৰুপালি চৰাই ।

জাৰত কঁপি থকা সিহঁতৰ ডেউকাত
পোহৰৰ কি যে অদ্ভুত স্পন্দন !

মই সেইদিনা অনুভৱ কৰিছিলো
এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰান-সূৰ্যৰ উত্তাপ ।
আৰু শুকান ডালে-ডালে বৈ অহা
দুঃসাহসিক পাতৰ প্ৰত্যয়-দীপ্ত সেউজীয়া তৰংগ ।


1 comment: