বন্দুকৰ শব্দত ৰাতি পুৱায়নে ?
ওঁহো পুৱায় সেই চৰাটোৰ মাতত,
যিটো চৰায়ে কুটি খায় ৰাতিৰ এন্ধাৰবোৰ
লাহে লাহে |
আহিনৰ পথাৰৰ গোন্ধ
কোনবাকে নাকত আহি লাগিলে
মই হেৰা পাওঁ মোৰ দেউতাক,
দোকানৰ জাপ-ভঙা গামোচাৰ সুৱাসত
হেৰা পাঁও মোৰ আইক |
মই মোক মোৰ সন্তানৰ কৰণে
ক’ত থৈ যাম ?
ক’ত ?
আটাইবোৰ আয়নাতে
মই তোমাৰ মুখ দেখোঁ |
ক’তো এখন আয়না
বিচাৰি নেপালোঁ
য’ত দেখা পাওঁ
মোৰ মুখখন
এবাৰলৈ |
চকুৰ পানী মোৰ
মাটিত সৰি সৰি পাথৰ হৈছে
এ ধূলি তিয়াব নোৱাৰে সঁচা,
কিন্তু অস্ত্ৰ সাজিব পাৰিব |
কবি নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতা মোৰ আটাইতকৈ প্ৰিয়, ধন্যবাদ কবিতাকেইটা upload কৰাৰ বাবে।
ReplyDeleteবৰ ভাল লাগিল । Upload কৰাৰ সময়ত মৌলিক লেখাৰ পৰা যাতে যতি চিহ্নকে ধৰি স্তৱক আদি যথাৰ্থ ৰূপত সংৰক্ষণ হয় তাক চকু দিয়ে যেন । ধন্যবাদ।
ReplyDelete