যিদিনা মৰিম মই, সেইদিনা বাৰু
জগতৰ কেনে হানি হ’ব ?
মৰিলোঁ নে আঁছো মই, এই কথাকনো
পৃথিবীৰ কিমানে জানিব ?
মই মৰিলেও দিন গলে ৰাতি হ’ব
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল, বতাহ বলিব,
নিজ বাটে নক্ষত্ৰ ঘুৰিব ।
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে
লৰচৰ অলপো নহয় ।
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নেপাব ।
অনন্ত বিশ্বৰ অসংখ্য ধুলিৰ
এটি মাত্ৰ ধূলিকণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কেনিও অকণো হানি নাই ।
বহুত ভাল লাগিছে
ReplyDelete