অসম সংগীত
(১)
আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ'ম ?
সকলো আছিল, সকলো আছে,
নুবুজো নলওঁ গম ।
শংকৰে দিলে বিশুদ্ধ ধৰম
লাচিতে বাহুত বল,
সতী জয়মতী সতীত্ব তেজেৰে
অসমী আই প্ৰবল ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(২)
যতন কৰিলে সৰু বৰ হয়
তামুলী মোমায়ে ক'লে,
ৰজা হৈ ৰাম ৰজা হ'ব পাৰি
ৰুদ্ৰ সিংহে দেখুৱালে ।
শংকৰাচাৰ্যৰ গুৰু অসমীয়া
কুমৰিল ভট্ট নাম ,
জগত গুৰুৰো গুৰু হ'ব পাৰি
ভট্টই দেখালে কাম ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৩)
ভাস্কৰ জেউতি ভাস্কৰবৰ্মা
প্ৰাগজ্যোতিষৰ ৰজা,
ভাৰতৰ ৰজাৰ আগশাৰী ল'লে,
নহয় ই কথা সজা ।
উত্তৰ ভাৰতৰ কেদাৰ ব্ৰাহ্মণ
মহাবলবন্ত ৰজা,
কামৰূপধিপতি শংকলাদিবে
ঘটুৱালে কেনে বুজা ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৪)
চাৰি লাখ পদাতি লাখ অশ্বাৰোহী,
চাৰি হেজাৰেক হাতী,
শংকলাদিবৰ বীৰ্য-বিক্ৰমৰ
ভাৰত বিয়পা খ্যাতি ।
লক্ষণাৱতী গৌড় ৰজাৰ
আমাৰ শংকলে কৰা,
ৰাজধানী হৈ আছিল বংগৰ
দুহেজাৰ বছৰ জোৰা ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৫)
সিদিনা তোমাৰ ঢেকিয়াল ফুকনে
উনত্ৰিছ বছৰীয়া ডেকা,
অসমৰ হকে যিখিনি কৰিলে,
কীৰ্তি ৰাখিলে লেখা ।
তোমাৰে আনন্দ বৰুৱাই চোৱা
সংস্কৃত সাহিত্য মথি,
ইউৰোপ, এছিয়াত কীৰিতি ৰাখিলে,
জগত কৈছে ডাঠি ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৭)
'হেমকোষ ৰচি হেমচন্দ্ৰ হেৰা
ভাষা আকাশৰ জোন,
স্বদেশ ভাষাত এনে শব্দকোষ
ভাৰতত ৰচিলে কোনে ?
তামুলী ফুকন, গুনাভি বৰুৱা
বুৰঞ্জী জ্ঞানত জ্ঞানী,
স্বাধীন ব্যবসা দেশৰ হিতত
জগন্নাথ-মানিক মানী ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৮)
হে'ৰা অসমীয়া, নোহোৱা দুখীয়া
কিহৰ দুখীয়া হ'বা ?
নিজ নাপাহৰি বিভুক সুঁৱৰি
লাগাচোন সুফল পাবা ।
'বুৰঞ্জীৰ হ'ব পুনৰ অভিনয়
জ্ঞান-বৃদ্ধসৱে গায় ,
লক্ষ স্থিৰ ৰাখা, আগবাঢ়ি যোৱা,
মানুহমুৱা হোৱা ভাই ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
[বাহী ঃ ৬ষ্ঠ বছৰ
১২শ সংখ্যা (১৮৩৭ শক)]
ব্ৰহ্মপুত্ৰ সংগীত
(কীৰ্তনৰ সুৰ)
লুইত হে'ৰা ! তুমিয়েই নে সেই
লৌহিত্য নৈখনি -
(যাৰ) বহল বুকুত নিৰ্মল জলত
স্নানিছিল বশিষ্ঠ মুনি ?
গোকৰ্ণ গালব ঋষি
অসংখ্য তাপ-িতাপসী
(যাৰ) পাৰত বহি আশ্ৰম পাতি
কৰিছিল সামবেদ ধ্বনি ?
লক্ষীকান্ত অশ্বক্লান্ত
জিৰাই গুচাইছিল শ্ৰান্ত
তোমাৰ পাৰত বহি, তুমি
ধুৱাইছিলা পাৱ দুখনি ।
ষোলহেজাৰ ৰাজকন্যা
ৰূপে গুনে মহাধন্যা
তোমাৰ পাৰত প্ৰাগজ্যোতিষত
থৈছিল নে নৰকে আনি
যাৰ বাতৰি আনি,
(তুমি) দ্বাৰকাত দিলা জাননী ?
কোৱা হে'ৰা নদবৰ !
প্ৰাগজ্যোতিষ নগৰৰ
মহাৰজা ভগদত্তৰ কি বীৰত্ত্ব, কি কাহিনী
(যাৰ) ৰথৰ ভৰত কুৰুক্ষেত্ৰত কঁপিছিল এই মেদিনি ?
আবেলিৰ মলয়া বলি
তোমাৰেই বুকুত চলি
সোণৰ বঠা ৰূপৰ নাও
বাইছিল টুলবুল ৰাজনন্দিনী,
(যাৰ) ঘামবিন্দু, জলবিন্দু কপালত যেন মুক্তামণি ।
সৰগৰ সেই অপেস্বৰী
তিলোত্তমা বিদ্যাধাৰী
উৰ্বশী-ৰম্ভাৰে সৈতে ক্ৰীড়িছিল তোমাৰেই পানী,
তোমাৰ প্ৰেমৰ পাশত নদ ! উৰ্বশী হ'ল বন্দিনী ।
দক্ষৰ দুহিতা সতী
শিৱ যাৰ প্ৰাণপতি
স্বামী-নিন্দাত প্ৰাণ ত্যজে ইয়াতেই দক্ষায়নী ।
ইয়াতেই কি মদন ভস্ম?
কাম ইয়াতেই নে চষ্ম ?
ইয়াতেই নে উষাদেৱী কৰিছিল প্ৰেম-বীণা ধ্বনি
(যাৰ) আৱাহনত অনিৰুদ্ধৰ প্ৰেমবদ্ধ হৃদয়খনি ?
কোনটি কুন্দ্ৰাক্ষৰ ছিদ্ৰ
অন্তেষপুৰৰ প্ৰেমছিদ্ৰ
ভ্ৰমৰৰূপী চিত্ৰলেখা ঊষাসুন্দৰী-সঙ্গিনী,
দেখাই দিয়া ব্ৰহ্মপুত্ৰ ! সেই লীলা-তৰংগিনী ।
গৌৰী-উমা গুৰিসূতা
মেনকাৰ প্ৰাণদুহিতা
তোমাৰ পাৰৰ পৰ্বতত পুজিছিল নে হৰক ধনী
(যাৰ) ৰূপ বৰ্ননাত কালিদাসৰ উপমাই নেপায় থাউনি ?
তোমাৰেই গৰ্ভত নে নদ !
মোগলৰ নৌসেনা হত
ৰামসিংহৰ বিজয়চূড়া পৰিল নে খহি ধৰণী ?
কায়স্থ-কূলনন্দন
অসমৰ হৃদিৰতন
শংকৰদেৱক তুলি দিলা নে ধৰ্মজীৱনী
(যাৰ) কৰুণ প্ৰেম শুকান অসম ঢৌৱালে দি শান্তিপানী ?
কোৱা হে বিচক্ষণ
শান্তনুকুলনন্দন !
তোমাৰ তীৰত মাধৱদেৱে ৰচিছিল যে ঘোষাখনি ?
তোমাৰৰ তীৰত শংকৰ-মাধৱ হৈছিল যে মিলনি ?
শুনা হে'ৰা ব্ৰহ্মপুত্ৰ !
সোণ অসমৰ প্ৰাণচিত্ৰ
(যেন) খেলাৰ শেষত তোমাৰ বুকুত
মাৰ যায় মোৰ জীৱন-তৰণী ।
লুইত হেৰা ! তুমিয়েই নে
সেই লৌহিত্য নৈখনি ?
[বাঁহী : ৭ম বছৰ, ২য় সংখ্যা (পুহ, ১৮৩৭ শক) ]
গীত
(১)
পৰমানন্দ হে!
আনন্দ দিয়া শুকান প্ৰাণত,
আনন্দ দিয়াঁ হে !
(তোমাৰ) আনন্দকণাই ফুলায় ফুল,
প্ৰেম এবিন্দুত সাগৰ-কল্লোল,
(মোৰ) তাপিত পৰাণ পৰিছে জঁয়,
ব্যথিত হৃদয় দুখ-শোকময়,
সিঁচাহে তোমাৰ কৰুণাবাৰি,
সজীৱ কৰি লোৱাহে ।
পৰমানন্দ হে !
"আনন্দাৎ ইমানি ভূতানি জায়ন্তে,
আনন্দেন জীতানি জীবন্তি,
আনন্দং প্ৰয়ন্তি অভিসংবিশন্তি,
আনন্দং নন্দনাতীতম্ হে ।"
[বাঁহী : ৮ম বছৰ, ৭ম সংখ্যা, (জেঠ, ১৮৪০ শক)]
(২)
প্ৰেম প্ৰেম বুলি জগৎ ঘূৰিলোঁ,
ঘৰতে আছিল প্ৰেম;
ধন ধন কৰি ঢাপলি মেলিলোঁ
হিয়াতেই পৰম ধন ।
গংগা-যমুনা স্নানিলোঁ যতনে,
গয়া-কাশী তীৰ্থ কৈলোঁ;
হিয়াৰ ঈশ্বৰ হিয়াতেই আছিল,
ক'ৰবাত বিচাৰি মৈলোঁ ।
প্ৰকৃত ধৰম বিচাৰি-খেচাৰি
বিদেশ বনালো দুখে;
নিজৰ দেশৰ নিৰ্মল ধৰম
নামঘৰৰ দুৱাৰমুখে ।
"গুৰু লাগে, মই শিক্ষিত শিষ্য !"
জগতত জাননী দিলোঁ;
জগতৰ গুৰু শংকৰ ঘৰতেই,
অন্ধলাই নেদেখিলোঁ;
[বাঁহী : ৮ম বছৰ, ৪ৰ্থ সংখ্যা, (ফাগুণ, ১৮৩৯ শক)]
(৩)
(দ্বৈত কণ্ঠত)
সদায় থাকিম তাতে
ভটীয়াই গৈছে
টুলবুল নাওখন
চোৱাচোন লুইতৰ ঘাটে ।।
গুণ্ গুণ্ গীতৰ সুৰ ।
গাই যাম একে হৈ,
শুনি যাম মিলি গৈ,
পামগৈ নেদেখা পুৰ ।।
শুই চাই যাম তৰা ।
জোনবাইৰ আগৰে
একেটি মাথোন
আয়ে বিয়া দিয়া দৰা ।।
নিছিগা ধাৰৰ সুখ ।
পি থাকিম দিনটো,
পি থাকিম ৰাতিটো,
তেও নভৰিব মুখ ।।
একেটি তামোলৰ ডাবি ।
সপোন নে দিঠক,
নহওঁ যে পৃথক,
কেনেকৈ মোক এৰাবি ।।
[বাঁহী : ১৯শ বছৰ, ২য় সংখ্যা (আহিন, ১৮৫২ শক)]
(৪)
তোমাৰ মৌকোঁহ তোমাতেই থাওক
তুমিতো তাৰ ভাগ নিদিয়া
তোমাৰ হিয়াত তোমাৰ জোনাই
তাৰ অমৃত অকলৈ পিয়া ।।
তোমাৰ হাতত তোমাৰেই বীণ
সোৱাদ সোৱাদ সুৰ উলিওৱা ।
তোমাৰ বাৰীত তোমাৰ গোলাপ
তুমি তোমাৰ খোপাত পিন্ধোৱা ।।
সন্ধ্যা
পিন্ধি ক'লা সাজ সন্ধ্যা আই
লাহে লাহে চৰণ চলাই
ৰংগমনে হ'ল উপগতা
যেনে সজাইয়া নিজ অংগ
নৱবধু কৰি ভাৱ-ভংগ,
পতিপাশে যায় লজ্জ্বান্বিতা ।।
শোভিছে খোপাত নানা ফুল
মনোহৰ গোন্ধত আমোল,
মনক যি বলিয়া কৰিছে
কদম কেতেকী কৰবীৰ
ৰুপহী মালতী, জাই ধীৰ,
মিচিকাই হাঁহিক মাৰিছে ।।
জোনাকীপৰুৱা সাতৰী
জ্বলিছে ডিঙিত শাৰী শাৰী
জিলিকনি ধৰয় চকুত ।
মোহন ধ্ৰুৱৰ মণ্ডলত
সপ্তঋষি জ্বলে ওপৰত,
দেখি মন যাক তৃপ্তিযুত ।।
কুঞ্জৰ অলকা শ্ৰেণী শোভে,
ঘুৰিয়া বতাহ যাৰ লোভে,
থাকি থাকি ধেমালি কৰিছে ।
ৰূপ দেখি পশ্চিমত স্তম্ভি
সূৰ্যে অস্তচূড়া অবিলিম্ব
ভৰাইয়া নয়ন চাহিছে ।।
কিন্তু হায় ! কিনো দুৰ্ভগীয়া,
দেখোঁতেই পৰিল খসিয়া,
সংসাৰৰ মায়া আচৰিত ।
তথাপি আমাৰ মুঢ় মন,
মৰা মন অতি অবুজন
মৰে মজি ক্ষণিক সৃষ্টিত ।।
ঝিলি নূপুৰৰ ৰূপ ধৰি,
বাজে পাৱে ৰুণিজুনু কৰি,
সি ধ্বনিত পমি যায় মন ।
সহচৰী ফেঁচাই উৰুলি
দিয়ে থাকি থাকি মুৰ তুলি
শুনি হিয়া হয় উচাটন ।।
শংখ-বাদ্যকাৰী শিয়ালৰ,
হোৱা-হোৱা বৰ খৰতৰ,
দিশ-বিদিশক পুৰি যায় ।
হাম্বা শব্দে গৰুৰ পোৱালি
খোজে খোজে উৰুৱাই ধুলি,
গোমুখৰ বাদ্যক বজায় ।।
দিৱসৰ পৰিশ্ৰমত
ভাগৰে আকুল প্ৰাণী যত
দেখি আই বিয়াকুল ।
ফোকাৰিছে শোকৰ নিশ্বাস
ৰিব্ ৰিব্ বায়ুৰ উচ্ছ্বাস
যেন বিৰহিণী বিনা পতি ।।
প্ৰশান্ত মূৰতি প্ৰকাশিয়া
সুশীতল কোলা বিস্তাৰিয়া
আশ্বাসিছে তনয়সবক ।
যি কোলাত পৰিয়া জগত
মজিয়া শান্তিৰ সাগৰত
ধন্যবাদ দিছে ঈশ্বৰক ।।
সন্ধ্যা আই আহিবৰ দেখি,
নিশাচৰ জীৱসব সুখী
হই, আপোনাৰে কাণে ৰত ।
দিবাচৰে জানি অন্তকাল
লই লই নিজ নিজ পাল
আপোন স্থানত উপগত ।।
দেৱালয়ে আৰতি কৰিয়া
ধূপ-দ্বীপ নৈবদ্যদি দিয়া
গাইছে ব্ৰাহ্মণে স্তৱ-স্ত্ৰোত্ৰ ।
ভকত মহন্ত সাধুসৱে
হৰিধ্বনি কৰে উচ্চচৰে
শুনি মন হোৱয় পবিত্ৰ ।।
দবা-ঘণ্টা-তাল-কৰতাল
মৃদংগ-গোমুখ বাজে ভাল
সিসবে মনক মোহি নিছে ।
ঠায়ে ঠায়ে ঐক্যতান দল
মন-কাণ কৰিয়া শীতল
সুমধুৰ সংগীত কৰিছে ।।
এইৰুপে অলপ ক্ষণ আছে,
পড়িল 'পৰদা' সন্ধ্যা আছে
লুকায়ে আপোন কলেৱৰ ।
আপোনাৰ পাল উপস্থিত,
দেখি নিশা হই পুলকিত
সমাগতা অকৃতি গম্ভীৰ ।।
[আসাম বন্ধু ঃ দ্বিতীয় খণ্ড, ৩য়-৪ৰ্থ সংখ্যা, চ'ত-ব'হাগ (১৮০৭-৮ শক, ইং ১৮৮৬ চন)]
প্ৰিয়তমা
(১)
গোলাপ ফুলৰ ৰেণুৰে বোলোৱা
দুখনি তোমাৰ গাল,
নীলাকাশ যেন নিৰ্মল দুচকু
মোৰ লাগে বৰ ভাল ।
(২)
শিৰীষ পাত সৰি সৰি গ'ল
আহঁতৰ ওলাল কুঁহি,
দুখ-ৰং মোৰ একো নাই তাত
তোমাৰ অনন্ত হাঁহি ।
(৩)
ধৰমৰ পতাকা লই ফুৰাবোৰে
লভক যিকৰে আশ,
তোমাৰ অৰুণ চৰণ তলত
মোক দিয়া মাথোঁ বাস ।
(৪)
নই বই যায় কুল কুল গাই
অনন্ত জলাধিমুখে,
পাৰতে বহি মোক তোমাৰ ৰাগিণী
গাব দিয়া মহাসুখে
(৫)
অনেক কৰিছোঁ অনেক লভিছোঁ
হৰিষ বিষাদ নাই,
হিচাপ-কিতাপ নেৰাখোঁ হাতত
দিয়া কাষৰত ঠাই ।
[বাঁহী ঃ ৭ম বছৰ, ১১শ সংখ্যা (আহিন, ১৮৩৮ শক)]
কবিতা
গা ধুই উঠি, চোৱা, প্ৰিয়তমালই
জেতুকী হাতেৰে টানি -
দীঘল চুলিকোছা চুচি নি শুকাইছে
আগেদি পৰিছে পানী ।
কবিৰ চকুযুৰি কবিৰেই নিচিনা
কল্পনা-কঞ্ছৰীৰ ফোঁট,
পিন্ধি, সোমাই গৈ কুন্দ্ৰাক্ষৰ জলা
পালেগৈ সপোন-কোঠ ।
উলটি নাহিল বাতৰিটি লৈ
কিনো বিপৰিত হায়,
চুলিকোছা বুলি ভ্ৰমত পৰিলা
ক'লা মেঘে ওন্দোলায়
জেতুকীতলুৱা ক'তনো দেখিলা ?
বিজুলী চিক্মিকায়,
কোনে ভুৱা দিলে পানী পৰা দেখা?
মুকুতা বৰষি যায় ।
জাৰ
(১)
যদি - প্ৰেমৰ নিজৰা হিয়াত শুকাল
বান্ধবৰ বান্ধোন গ'ল,
প্ৰিয় প্ৰেমিকাৰ, বুকুৰ কন্দৰ
আৰুনো কি বাকী ৰ'ল ?
(২)
ফটিকৰ পানীৰ ৰ'দৰ নৈখনি
নবলে ধুৱাই ভৰি,
ওলোমাই ভৰিটি কি কৰে পৰ্বতে
প্ৰাণটি যে গ'ল উৰি !
(৩)
বন্দুলীৰ পাহিটি বঁহীয়া পৰিল
শেৱালীৰ উড়িল গন্ধ,
কি সুখ খাবলৈ বসন্ত থাকিব
বসন্ত কিয় সি মিছাতে বন্ধ ?
বসন্ত
(১)
মালতী ফুলিল, সেউতী উঠিল,
কেতেকী গামুৰি দিলে;
সুৰীয়া কুলিয়ে গ'ল কঁপাই গাই
বননিৰ বাতৰি দিলে ।
(২)
বকুলে সিঁচিলে তৰা একোকণি
মদাৰে খেলিলে ফাঁকু,
যুতি ফুলজুপি নিশাহ এৰিলে
পদুমে মেলিলে চকু ।
(৩)
থুৰিত কৰবীৰে সাঁচিলে মৌটুপি,
ভুমিয়ে মেলিলে চঁপা,
চৰাই হালধীয়া মৌ মতলীয়া
উলটি কৰিলে কৃপা ।
[বাঁহী : সপ্তম বছৰ, ১২২ সংখ্যা (১৮৩৮ শক)]
পদুম পাতৰ পানী
প্ৰথম আধ্যা
পদুমৰ পাততে মুকুতা গুটিদেক
তিৰবিৰ কৰিছে জ্বলি;
কৰেনো মুকুতা, কোনে কৈ দিব
কোনেনো এৰি থৈ গ'লি ?
দেৱৰে জীয়ৰী, ৰূপৰে পোহাৰী
আহি ধুইছিল গা;
ডিঙিৰ মালাধাৰী সোলোকাই স্নানিলে
পাহৰি পেলাই গ'ল বা ?
দ্বিতীয় আধ্যা
মলিয়ন হাতেৰে নুচুবি মণিবোৰ,
মাটিৰ মানুহ যে তই !
দেওকন্যাটিয়ে সুঁৱৰি নিবহি,
বহি ৰখি থাকোঁ মই ।
তুলা যেন কোমল ঐ ! দেৱৰে জীয়ৰী,
ধল যেন ডিঙিটি বগা,
মুকুতা মালাৰে মণিধাৰি নাই
আপচু হৈ আছে কিবা !!
তৃতীয় আধ্যা
সোণৰ জখলাৰে নামি আহা আইটি !
পিন্ধি সাজে হালধীয়া,
পদুম আঁহেৰে সি মণিকেইটি
উলটি স্বৰ্গলৈ যোৱা ।
ঢুলঢুল চকুৰে মণি শোকে কৰে -
শুকুলা ডিঙিটি ক'ত ?
নামি আহা আইটি ! বুটলি লোৱাহি
দীপলিপ মণিটিহঁত ।
চতুৰ্থ আধ্যা
কিনো মোৰ কপল ঐ ! কাতি হ'ল পাতটি,
মণি গ'ল পানীত মিলি,
ইমান চেনেহিলোঁ, ইমানকৈ ৰখিলোঁ,
হায় ! মণি ক'লৈনো গ'লি ?
পঞ্চম আধ্যা
কেতেকী চৰায়ে উৰি কয়ে গ'ল -
হে'ৰা লক্ষীনাথ শুনা,
তুমিও এইদৰে ব্ৰহ্মসাগৰত
মিলিবা অনেক দিনা ।
[বাঁহী : ৭ম বছৰ, ৯ম সংখ্যা (১৮৩৮ শক, শাওণ) ]
বিশৃংখল
আউল চুলি দুডালি তোমাৰ
নিছিগা কবিতা-ৰস ধাৰ ।
ফণিৱা অযুত চুলিবোৰে
নিয়মত পৰি প্ৰাণ এৰে ।
শৃংখলিত দাঁতৰ শাৰীত
এটি দাঁত শৃংখলৰহিত ।
সৌন্দৰ্যৰ বীণাখনি মোৰ
বজায় সি অময়া মধুৰ ।
কাপোৰত ভাঁজ পৰি আছে
আঁচলত দহি পৰি নাচে,
ভাল লাগে মোৰ ।
ঢৌহীন সাগৰে নোমোহে,
মোহে ঢৌ নতুবা বতাহে ।
ব্যৱস্থিত হাঁহি মিচিকীয়া
বুজ দিয়ে শুকান যে হিয়া ।
ভেটা ভঙা হাঁহিৰহে শুনি
অন্তৰৰ পাঞ্চজন্য ধ্বনি ।
শৃংখলাবদ্ধ স্বাধীনতা,
প্ৰাণহীন পৰ অধীনতা ।
[বাঁহী : ৮ম বছৰ, ১১ শ সংখ্যা (১৮৩৯ শক) ]
বৰ আৰু সৰু
(১)
দুবৰি বনৰ পাতৰ আগত
নিয়ৰে মুকুতা আঁৰে,
ওখৰ মলয়াই মৰমৰ হাতেৰে
চোতালৰ ধূলিটি সাৰে ।
(২)
বোকাৰ পদূমত পাহিটি জিলিকে
আকাশৰ হাঁহিটি পৰি,
কেতেকীৰ সোণালী ৰেণুটি উৰিল
চেনেহৰ চুমাটি ভৰি ।
(৩)
পৰ্বতৰ টিঙৰে অকণি নিজৰা
নামি ভুঁইৰ বুকুলৈ গ'ল,
চেনেহৰ হাতেৰে ভুঁয়ে সাৱটিলে
ৰঙতে বন্দী হৈ ৰ'ল ।
(৪)
দুৱৰি বনতকৈ সৰু তই লক্ষীনাথ !
ধূলিৰো তলৰে ধূলি,
তোকো নেপাহৰে প্ৰিয়তকৈ প্ৰিয়ই তোৰ
আদৰি ল'বহি তুলি ।
বিৰহ
(গীত)
প্ৰাণনাথ হে ! বিৰহ কাতৰ হ'লো ।
দীঘল দিনটো, ৰাতিটো গোৱালোঁ,
আজিও লগ নাপালোঁ ।।
নপচাৰো চকু, নীৰব এই বুকু,
সঁহাৰি পাবৰ মনে,
ফুলা ফুলকেইটি অলৰ অচৰ,
নিজম হৃদি-কাননে ।
নিচুক ৰাগিনী, স্তম্ভিত নাচোন,
প্ৰেমৰ প্ৰবাহ থিৰ,
মলয়া বতাহ হিয়াত থমকিল
সোঁতহীন তেজ-শিৰ ।
নিৰাশাত ফুল লেৰেলিব খোজে,
পাহিটি খহিব ধৰেচ
চকুৰ পানীৰে জীয়াই ৰাখিছোঁ,
নতু এতিয়াই সৰে ।
কন্দুৱাই মোক কি সুখ পাইছা,
চকুলো সম্বল মই,
অশোকজুপিয়েও শোকত কান্দিছে,
পদুমো পৰিছে জঁয় ।
নিঠুৰতা নিজ লাজত সংকোচ,
জোনে ওন্দোলাইছে মুখ,
যন্ত্ৰণাত প্ৰাণ ছটফট নাথ !
আৰু মোক নিদিবা দুখ ।
কঠিন সংসাৰ নোৱাৰোঁ যুজিব,
হৃদয় শত-বিক্ষত ।
দুৰ্দান্ত বিষয়-বাসনা মায়াবী,
হাঁহিছে হাঁহি বিকট ।
হিয়াৰ ফলিত নামটি তোমাৰ,
আকিছোঁ যতন কৰি,
তাকে মচিবলৈ যখিনী প্ৰেতিনী
ফুৰিছে লৰিঢাপৰি ।
নোৱাৰোঁ মচিব, মৰিও ৰাখিম,
মধুৰ তোমাৰ নাম,
আহা প্ৰাণস্বামী, চোৱা উজ্জ্বলিছে,
হে'ৰা মোৰ প্ৰাণৰাম !
শৰত কালৰ পূৰ্ণিমাৰ ৰাতি,
হৃদয় বৃন্দাবন,
ফুলশয্যা পাতি বাট চাই আছোঁ
আহাঁ মোৰ প্ৰাণধন !
[বাঁহী : ৬ষ্ঠ বছৰ, ১২শ সংখ্যা (কাতি, ১৮৩৭)]
বৰদৈচিলা
(অসমীয়া বনঘোষাৰ সুৰ)
(১)
পাটকাই পৰ্বততে হোলোং গছ এডালি
ওপৰতে এটি ডাল ।
বৰদৈচিলাৰ মাকে বাহটি সাজিলে
পৰিলে কণীটি ভাল ।
বছৰেক উমনিত জাগিল পোৱালিটি
বৰদৈচিলা থ'লে নাম,
গজিল কাড়পাখি মাকে এৰি গ'ল
মোমাইৰ ঘৰতে সকাম ।
মাকৰ পাছে পাছে বৰদৈ উৰি গ'ল
পৰ্বতে-ভৈয়ামে জুৰি,
মোমাইৰ ঘৰত বিহু খাৱ বৰদৈয়ে,
আৰু সি খেলিব কড়ি ।
উছাহত বৰদৈয়ে ওখ গছ ভাঙিলে
উৰালে বৰঘৰৰ মুখ,
নাহৰৰ ফুলবোৰ সিঁচৰিত কৰিলে
পানীৰে কৰিলে যুধ ।
যাগৈ বিহুৱা চিলাবৰদৈয়া
খাগৈ মাৰৰ ঘৰত চিৰা,
উভতি আহোঁতে দৈ-পইতা দিম,
বহুৱাম পাৰি বৰপীৰা ।
বালিতে বৰকাছৰ কণী ছয় অৰা
ছমাহ পৰি তাতে আছে,
বৰদৈচিলা অহা বতৰিটি পাই
ফুটি পানীত পৰি নাচে ।
বালিৰ বৰগৰা খহাইছে বৰদৈয়া
উৰাই দে মদাৰৰ ফুল,
সাউদে বৰনাওখন বাই যায় বঠাৰে
লুইতৰ বুকুত টুলবুল ।
বৰদৈচিলা হেৰ ! নুবুৰা নাওখনি,
সাউদে কৰিছে তুতি,
পাল তৰি দিছে ছমাহৰ বাটটি
কৰি দে তই হে'ৰ চুটি ।
[বাঁহী, প্ৰথম বছৰ (১৮৫৪ শক) ]
মৰ্মবাণী
(১)
ধৰমৰ নামত কত অধৰম,
পুণ্যৰ নামত পাপ,
সঁচাৰ নামত কত মিছা কথা,
দেখি মোৰ লাগিছে তাপ !
(২)
প্ৰেম-ঢাকোনেৰে বিশ্বাসঘাতকতা,
সোৱাদৰ আঁৰৰে তিতা,
ক'তনো দেখিম ! ক'তনো শুনিম ?
নোৱাৰোঁ সহিব, মিতা !
(৩)
মিতাতকৈ মিতা ! বিশ্বাসৰ বন্ধু !
তুমি আছো, মই আছোঁ ?
তোমাতে সঁপিছো সকলো বিশ্বাস,
গোটেই জীৱন দিছোঁ ।
(৪)
ভূমিৰ মউটুপি লৈ
তোমাৰ ফাললৈ চায়,
স্বাৰ্থত অন্ধলা গোটেই সংসাৰে
গচকি চলিছে হায় ।
(৫)
জিন হওক দেহা, আতমা অক্ষত
উঠিছে তোমাৰ ফালে,
তোমাৰ শীতল হাত বুলনিত
শঁতাব অনন্ত কালে ।
[বাঁহী : ৭ম বছৰ, ১০ম সংখ্যা ]
ধূলি
(১)
ভৰিৰ তলুৱাত ধুলি লাগিছিল
জোকাৰি পেলালা কিয় ?
তুমি পেলাই গ'লা, বুটলি ল'লোঁ মই
আদৰত সি হ'ল থিয় ।
(২)
জীৱনৰ কাহিনী কেউটীয় ক'লে
টুপিকৈ চকুলো টুকি;
দুখতে কান্দিলোঁ, শোকতে হাঁহিলো,-
জীৱনটো কি এটা ফাঁকি ।
(৩)
এটি ধুলিকণা ভৰত ৰজা হেনো,
এটিৰ নাম মান্ধতা ৰজা,
এটিয়ে ক'লে - তেওঁ নহুষৰ কোঁৱৰ,
এটি যযাতিৰ প্ৰজা ।
বিক্ৰম-আদিত্যৰ এটি নৱৰত্ন
কালিদাস বানীৰ পো,
পুলহ পুলস্ত আন এটি ধূলি
এটি চন্দ্ৰগুপ্তৰ সোঁ ।
জগত শেঠ নামে এটি ধূলি
ভিকহু ৰুদ্ৰাম এটি,
'মেজৰ জেনেৰেল' 'মণ্টকাম' আন এটি
শোৱছিং চিপাহী সিটি ।
(৪)
এটি ধূলিকণা আঁতৰি ফুৰিছে,
নকয় নিজৰ কথা;
কোৱা' বুলি মই সাদৰি মাঁতিলো
বৰকৈ কৰিলোঁ বেথা
বৰাহী জাতৰে নাম ৰঙামুৱা
দেউতাৰ ককাকৰ কাঁড়ী;
জাতিস্মৰ মই, মনত আছে জাত
যদিও হৈছোঁ ধূলি ।
পুলহ, পুলস্ত্য, ৰজা যযাতিৰে
যদিও একত্ৰে থকা,
তথাপি হঠাৎ দেউতাক চুবলৈ
মনত আহিল শংকা ।
ধূলিৰে দেউতা পুনৰপি আহি
যেতিয়া হ'বহি ধূলি,
বামুণ পুলস্ত্য, ক্ষত্ৰিয় যযাতি
সৈতে ল'ম আঁকোৱালি ।
দেউতাও ধূলি, মান্ধাতও ধূলি
ধূলি ৰঙামুৱা মই;
নেজানে দেউতাই, জানে ৰঙামুৱাই
এইফেৰি মনত ভয় ।
[বাঁহী : সপ্তম বছৰ, ৭ম সংখ্যা (জেঠ, ১৮৩৮ শক)]
(১)
আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হ'ম ?
সকলো আছিল, সকলো আছে,
নুবুজো নলওঁ গম ।
শংকৰে দিলে বিশুদ্ধ ধৰম
লাচিতে বাহুত বল,
সতী জয়মতী সতীত্ব তেজেৰে
অসমী আই প্ৰবল ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(২)
যতন কৰিলে সৰু বৰ হয়
তামুলী মোমায়ে ক'লে,
ৰজা হৈ ৰাম ৰজা হ'ব পাৰি
ৰুদ্ৰ সিংহে দেখুৱালে ।
শংকৰাচাৰ্যৰ গুৰু অসমীয়া
কুমৰিল ভট্ট নাম ,
জগত গুৰুৰো গুৰু হ'ব পাৰি
ভট্টই দেখালে কাম ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৩)
ভাস্কৰ জেউতি ভাস্কৰবৰ্মা
প্ৰাগজ্যোতিষৰ ৰজা,
ভাৰতৰ ৰজাৰ আগশাৰী ল'লে,
নহয় ই কথা সজা ।
উত্তৰ ভাৰতৰ কেদাৰ ব্ৰাহ্মণ
মহাবলবন্ত ৰজা,
কামৰূপধিপতি শংকলাদিবে
ঘটুৱালে কেনে বুজা ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৪)
চাৰি লাখ পদাতি লাখ অশ্বাৰোহী,
চাৰি হেজাৰেক হাতী,
শংকলাদিবৰ বীৰ্য-বিক্ৰমৰ
ভাৰত বিয়পা খ্যাতি ।
লক্ষণাৱতী গৌড় ৰজাৰ
আমাৰ শংকলে কৰা,
ৰাজধানী হৈ আছিল বংগৰ
দুহেজাৰ বছৰ জোৰা ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৫)
সিদিনা তোমাৰ ঢেকিয়াল ফুকনে
উনত্ৰিছ বছৰীয়া ডেকা,
অসমৰ হকে যিখিনি কৰিলে,
কীৰ্তি ৰাখিলে লেখা ।
তোমাৰে আনন্দ বৰুৱাই চোৱা
সংস্কৃত সাহিত্য মথি,
ইউৰোপ, এছিয়াত কীৰিতি ৰাখিলে,
জগত কৈছে ডাঠি ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৭)
'হেমকোষ ৰচি হেমচন্দ্ৰ হেৰা
ভাষা আকাশৰ জোন,
স্বদেশ ভাষাত এনে শব্দকোষ
ভাৰতত ৰচিলে কোনে ?
তামুলী ফুকন, গুনাভি বৰুৱা
বুৰঞ্জী জ্ঞানত জ্ঞানী,
স্বাধীন ব্যবসা দেশৰ হিতত
জগন্নাথ-মানিক মানী ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
(৮)
হে'ৰা অসমীয়া, নোহোৱা দুখীয়া
কিহৰ দুখীয়া হ'বা ?
নিজ নাপাহৰি বিভুক সুঁৱৰি
লাগাচোন সুফল পাবা ।
'বুৰঞ্জীৰ হ'ব পুনৰ অভিনয়
জ্ঞান-বৃদ্ধসৱে গায় ,
লক্ষ স্থিৰ ৰাখা, আগবাঢ়ি যোৱা,
মানুহমুৱা হোৱা ভাই ।
বাজক দবা, বাজক শংখ
বাজক মৃদং খোল,
অসম আকৌ উন্নতি-পথত
'জয় আই অসম' বোল ।
[বাহী ঃ ৬ষ্ঠ বছৰ
১২শ সংখ্যা (১৮৩৭ শক)]
ব্ৰহ্মপুত্ৰ সংগীত
(কীৰ্তনৰ সুৰ)
লুইত হে'ৰা ! তুমিয়েই নে সেই
লৌহিত্য নৈখনি -
(যাৰ) বহল বুকুত নিৰ্মল জলত
স্নানিছিল বশিষ্ঠ মুনি ?
গোকৰ্ণ গালব ঋষি
অসংখ্য তাপ-িতাপসী
(যাৰ) পাৰত বহি আশ্ৰম পাতি
কৰিছিল সামবেদ ধ্বনি ?
লক্ষীকান্ত অশ্বক্লান্ত
জিৰাই গুচাইছিল শ্ৰান্ত
তোমাৰ পাৰত বহি, তুমি
ধুৱাইছিলা পাৱ দুখনি ।
ষোলহেজাৰ ৰাজকন্যা
ৰূপে গুনে মহাধন্যা
তোমাৰ পাৰত প্ৰাগজ্যোতিষত
থৈছিল নে নৰকে আনি
যাৰ বাতৰি আনি,
(তুমি) দ্বাৰকাত দিলা জাননী ?
কোৱা হে'ৰা নদবৰ !
প্ৰাগজ্যোতিষ নগৰৰ
মহাৰজা ভগদত্তৰ কি বীৰত্ত্ব, কি কাহিনী
(যাৰ) ৰথৰ ভৰত কুৰুক্ষেত্ৰত কঁপিছিল এই মেদিনি ?
আবেলিৰ মলয়া বলি
তোমাৰেই বুকুত চলি
সোণৰ বঠা ৰূপৰ নাও
বাইছিল টুলবুল ৰাজনন্দিনী,
(যাৰ) ঘামবিন্দু, জলবিন্দু কপালত যেন মুক্তামণি ।
সৰগৰ সেই অপেস্বৰী
তিলোত্তমা বিদ্যাধাৰী
উৰ্বশী-ৰম্ভাৰে সৈতে ক্ৰীড়িছিল তোমাৰেই পানী,
তোমাৰ প্ৰেমৰ পাশত নদ ! উৰ্বশী হ'ল বন্দিনী ।
দক্ষৰ দুহিতা সতী
শিৱ যাৰ প্ৰাণপতি
স্বামী-নিন্দাত প্ৰাণ ত্যজে ইয়াতেই দক্ষায়নী ।
ইয়াতেই কি মদন ভস্ম?
কাম ইয়াতেই নে চষ্ম ?
ইয়াতেই নে উষাদেৱী কৰিছিল প্ৰেম-বীণা ধ্বনি
(যাৰ) আৱাহনত অনিৰুদ্ধৰ প্ৰেমবদ্ধ হৃদয়খনি ?
কোনটি কুন্দ্ৰাক্ষৰ ছিদ্ৰ
অন্তেষপুৰৰ প্ৰেমছিদ্ৰ
ভ্ৰমৰৰূপী চিত্ৰলেখা ঊষাসুন্দৰী-সঙ্গিনী,
দেখাই দিয়া ব্ৰহ্মপুত্ৰ ! সেই লীলা-তৰংগিনী ।
গৌৰী-উমা গুৰিসূতা
মেনকাৰ প্ৰাণদুহিতা
তোমাৰ পাৰৰ পৰ্বতত পুজিছিল নে হৰক ধনী
(যাৰ) ৰূপ বৰ্ননাত কালিদাসৰ উপমাই নেপায় থাউনি ?
তোমাৰেই গৰ্ভত নে নদ !
মোগলৰ নৌসেনা হত
ৰামসিংহৰ বিজয়চূড়া পৰিল নে খহি ধৰণী ?
কায়স্থ-কূলনন্দন
অসমৰ হৃদিৰতন
শংকৰদেৱক তুলি দিলা নে ধৰ্মজীৱনী
(যাৰ) কৰুণ প্ৰেম শুকান অসম ঢৌৱালে দি শান্তিপানী ?
কোৱা হে বিচক্ষণ
শান্তনুকুলনন্দন !
তোমাৰ তীৰত মাধৱদেৱে ৰচিছিল যে ঘোষাখনি ?
তোমাৰৰ তীৰত শংকৰ-মাধৱ হৈছিল যে মিলনি ?
শুনা হে'ৰা ব্ৰহ্মপুত্ৰ !
সোণ অসমৰ প্ৰাণচিত্ৰ
(যেন) খেলাৰ শেষত তোমাৰ বুকুত
মাৰ যায় মোৰ জীৱন-তৰণী ।
লুইত হেৰা ! তুমিয়েই নে
সেই লৌহিত্য নৈখনি ?
[বাঁহী : ৭ম বছৰ, ২য় সংখ্যা (পুহ, ১৮৩৭ শক) ]
গীত
(১)
পৰমানন্দ হে!
আনন্দ দিয়া শুকান প্ৰাণত,
আনন্দ দিয়াঁ হে !
(তোমাৰ) আনন্দকণাই ফুলায় ফুল,
প্ৰেম এবিন্দুত সাগৰ-কল্লোল,
বিশ্বাসৰ এটি ক্ষুদ্ৰ হিল্লোলে
মলয় মৰুৎ বোৱায়হে ।।(মোৰ) তাপিত পৰাণ পৰিছে জঁয়,
ব্যথিত হৃদয় দুখ-শোকময়,
সিঁচাহে তোমাৰ কৰুণাবাৰি,
সজীৱ কৰি লোৱাহে ।
পৰমানন্দ হে !
"আনন্দাৎ ইমানি ভূতানি জায়ন্তে,
আনন্দেন জীতানি জীবন্তি,
আনন্দং প্ৰয়ন্তি অভিসংবিশন্তি,
আনন্দং নন্দনাতীতম্ হে ।"
[বাঁহী : ৮ম বছৰ, ৭ম সংখ্যা, (জেঠ, ১৮৪০ শক)]
(২)
প্ৰেম প্ৰেম বুলি জগৎ ঘূৰিলোঁ,
ঘৰতে আছিল প্ৰেম;
ধন ধন কৰি ঢাপলি মেলিলোঁ
হিয়াতেই পৰম ধন ।
গংগা-যমুনা স্নানিলোঁ যতনে,
গয়া-কাশী তীৰ্থ কৈলোঁ;
হিয়াৰ ঈশ্বৰ হিয়াতেই আছিল,
ক'ৰবাত বিচাৰি মৈলোঁ ।
প্ৰকৃত ধৰম বিচাৰি-খেচাৰি
বিদেশ বনালো দুখে;
নিজৰ দেশৰ নিৰ্মল ধৰম
নামঘৰৰ দুৱাৰমুখে ।
"গুৰু লাগে, মই শিক্ষিত শিষ্য !"
জগতত জাননী দিলোঁ;
জগতৰ গুৰু শংকৰ ঘৰতেই,
অন্ধলাই নেদেখিলোঁ;
[বাঁহী : ৮ম বছৰ, ৪ৰ্থ সংখ্যা, (ফাগুণ, ১৮৩৯ শক)]
(৩)
(দ্বৈত কণ্ঠত)
সদায় থাকিম তাতে
ভটীয়াই গৈছে
টুলবুল নাওখন
চোৱাচোন লুইতৰ ঘাটে ।।
গুণ্ গুণ্ গীতৰ সুৰ ।
গাই যাম একে হৈ,
শুনি যাম মিলি গৈ,
পামগৈ নেদেখা পুৰ ।।
শুই চাই যাম তৰা ।
জোনবাইৰ আগৰে
একেটি মাথোন
আয়ে বিয়া দিয়া দৰা ।।
নিছিগা ধাৰৰ সুখ ।
পি থাকিম দিনটো,
পি থাকিম ৰাতিটো,
তেও নভৰিব মুখ ।।
একেটি তামোলৰ ডাবি ।
সপোন নে দিঠক,
নহওঁ যে পৃথক,
কেনেকৈ মোক এৰাবি ।।
[বাঁহী : ১৯শ বছৰ, ২য় সংখ্যা (আহিন, ১৮৫২ শক)]
(৪)
তোমাৰ মৌকোঁহ তোমাতেই থাওক
তুমিতো তাৰ ভাগ নিদিয়া
তোমাৰ হিয়াত তোমাৰ জোনাই
তাৰ অমৃত অকলৈ পিয়া ।।
তোমাৰ হাতত তোমাৰেই বীণ
সোৱাদ সোৱাদ সুৰ উলিওৱা ।
তোমাৰ বাৰীত তোমাৰ গোলাপ
তুমি তোমাৰ খোপাত পিন্ধোৱা ।।
সন্ধ্যা
পিন্ধি ক'লা সাজ সন্ধ্যা আই
লাহে লাহে চৰণ চলাই
ৰংগমনে হ'ল উপগতা
যেনে সজাইয়া নিজ অংগ
নৱবধু কৰি ভাৱ-ভংগ,
পতিপাশে যায় লজ্জ্বান্বিতা ।।
শোভিছে খোপাত নানা ফুল
মনোহৰ গোন্ধত আমোল,
মনক যি বলিয়া কৰিছে
কদম কেতেকী কৰবীৰ
ৰুপহী মালতী, জাই ধীৰ,
মিচিকাই হাঁহিক মাৰিছে ।।
জোনাকীপৰুৱা সাতৰী
জ্বলিছে ডিঙিত শাৰী শাৰী
জিলিকনি ধৰয় চকুত ।
মোহন ধ্ৰুৱৰ মণ্ডলত
সপ্তঋষি জ্বলে ওপৰত,
দেখি মন যাক তৃপ্তিযুত ।।
কুঞ্জৰ অলকা শ্ৰেণী শোভে,
ঘুৰিয়া বতাহ যাৰ লোভে,
থাকি থাকি ধেমালি কৰিছে ।
ৰূপ দেখি পশ্চিমত স্তম্ভি
সূৰ্যে অস্তচূড়া অবিলিম্ব
ভৰাইয়া নয়ন চাহিছে ।।
কিন্তু হায় ! কিনো দুৰ্ভগীয়া,
দেখোঁতেই পৰিল খসিয়া,
সংসাৰৰ মায়া আচৰিত ।
তথাপি আমাৰ মুঢ় মন,
মৰা মন অতি অবুজন
মৰে মজি ক্ষণিক সৃষ্টিত ।।
ঝিলি নূপুৰৰ ৰূপ ধৰি,
বাজে পাৱে ৰুণিজুনু কৰি,
সি ধ্বনিত পমি যায় মন ।
সহচৰী ফেঁচাই উৰুলি
দিয়ে থাকি থাকি মুৰ তুলি
শুনি হিয়া হয় উচাটন ।।
শংখ-বাদ্যকাৰী শিয়ালৰ,
হোৱা-হোৱা বৰ খৰতৰ,
দিশ-বিদিশক পুৰি যায় ।
হাম্বা শব্দে গৰুৰ পোৱালি
খোজে খোজে উৰুৱাই ধুলি,
গোমুখৰ বাদ্যক বজায় ।।
দিৱসৰ পৰিশ্ৰমত
ভাগৰে আকুল প্ৰাণী যত
দেখি আই বিয়াকুল ।
ফোকাৰিছে শোকৰ নিশ্বাস
ৰিব্ ৰিব্ বায়ুৰ উচ্ছ্বাস
যেন বিৰহিণী বিনা পতি ।।
প্ৰশান্ত মূৰতি প্ৰকাশিয়া
সুশীতল কোলা বিস্তাৰিয়া
আশ্বাসিছে তনয়সবক ।
যি কোলাত পৰিয়া জগত
মজিয়া শান্তিৰ সাগৰত
ধন্যবাদ দিছে ঈশ্বৰক ।।
সন্ধ্যা আই আহিবৰ দেখি,
নিশাচৰ জীৱসব সুখী
হই, আপোনাৰে কাণে ৰত ।
দিবাচৰে জানি অন্তকাল
লই লই নিজ নিজ পাল
আপোন স্থানত উপগত ।।
দেৱালয়ে আৰতি কৰিয়া
ধূপ-দ্বীপ নৈবদ্যদি দিয়া
গাইছে ব্ৰাহ্মণে স্তৱ-স্ত্ৰোত্ৰ ।
ভকত মহন্ত সাধুসৱে
হৰিধ্বনি কৰে উচ্চচৰে
শুনি মন হোৱয় পবিত্ৰ ।।
দবা-ঘণ্টা-তাল-কৰতাল
মৃদংগ-গোমুখ বাজে ভাল
সিসবে মনক মোহি নিছে ।
ঠায়ে ঠায়ে ঐক্যতান দল
মন-কাণ কৰিয়া শীতল
সুমধুৰ সংগীত কৰিছে ।।
এইৰুপে অলপ ক্ষণ আছে,
পড়িল 'পৰদা' সন্ধ্যা আছে
লুকায়ে আপোন কলেৱৰ ।
আপোনাৰ পাল উপস্থিত,
দেখি নিশা হই পুলকিত
সমাগতা অকৃতি গম্ভীৰ ।।
[আসাম বন্ধু ঃ দ্বিতীয় খণ্ড, ৩য়-৪ৰ্থ সংখ্যা, চ'ত-ব'হাগ (১৮০৭-৮ শক, ইং ১৮৮৬ চন)]
প্ৰিয়তমা
(১)
গোলাপ ফুলৰ ৰেণুৰে বোলোৱা
দুখনি তোমাৰ গাল,
নীলাকাশ যেন নিৰ্মল দুচকু
মোৰ লাগে বৰ ভাল ।
(২)
শিৰীষ পাত সৰি সৰি গ'ল
আহঁতৰ ওলাল কুঁহি,
দুখ-ৰং মোৰ একো নাই তাত
তোমাৰ অনন্ত হাঁহি ।
(৩)
ধৰমৰ পতাকা লই ফুৰাবোৰে
লভক যিকৰে আশ,
তোমাৰ অৰুণ চৰণ তলত
মোক দিয়া মাথোঁ বাস ।
(৪)
নই বই যায় কুল কুল গাই
অনন্ত জলাধিমুখে,
পাৰতে বহি মোক তোমাৰ ৰাগিণী
গাব দিয়া মহাসুখে
(৫)
অনেক কৰিছোঁ অনেক লভিছোঁ
হৰিষ বিষাদ নাই,
হিচাপ-কিতাপ নেৰাখোঁ হাতত
দিয়া কাষৰত ঠাই ।
[বাঁহী ঃ ৭ম বছৰ, ১১শ সংখ্যা (আহিন, ১৮৩৮ শক)]
কবিতা
গা ধুই উঠি, চোৱা, প্ৰিয়তমালই
জেতুকী হাতেৰে টানি -
দীঘল চুলিকোছা চুচি নি শুকাইছে
আগেদি পৰিছে পানী ।
কবিৰ চকুযুৰি কবিৰেই নিচিনা
কল্পনা-কঞ্ছৰীৰ ফোঁট,
পিন্ধি, সোমাই গৈ কুন্দ্ৰাক্ষৰ জলা
পালেগৈ সপোন-কোঠ ।
উলটি নাহিল বাতৰিটি লৈ
কিনো বিপৰিত হায়,
চুলিকোছা বুলি ভ্ৰমত পৰিলা
ক'লা মেঘে ওন্দোলায়
জেতুকীতলুৱা ক'তনো দেখিলা ?
বিজুলী চিক্মিকায়,
কোনে ভুৱা দিলে পানী পৰা দেখা?
মুকুতা বৰষি যায় ।
জাৰ
(১)
যদি - প্ৰেমৰ নিজৰা হিয়াত শুকাল
বান্ধবৰ বান্ধোন গ'ল,
প্ৰিয় প্ৰেমিকাৰ, বুকুৰ কন্দৰ
আৰুনো কি বাকী ৰ'ল ?
(২)
ফটিকৰ পানীৰ ৰ'দৰ নৈখনি
নবলে ধুৱাই ভৰি,
ওলোমাই ভৰিটি কি কৰে পৰ্বতে
প্ৰাণটি যে গ'ল উৰি !
(৩)
বন্দুলীৰ পাহিটি বঁহীয়া পৰিল
শেৱালীৰ উড়িল গন্ধ,
কি সুখ খাবলৈ বসন্ত থাকিব
বসন্ত কিয় সি মিছাতে বন্ধ ?
বসন্ত
(১)
মালতী ফুলিল, সেউতী উঠিল,
কেতেকী গামুৰি দিলে;
সুৰীয়া কুলিয়ে গ'ল কঁপাই গাই
বননিৰ বাতৰি দিলে ।
(২)
বকুলে সিঁচিলে তৰা একোকণি
মদাৰে খেলিলে ফাঁকু,
যুতি ফুলজুপি নিশাহ এৰিলে
পদুমে মেলিলে চকু ।
(৩)
থুৰিত কৰবীৰে সাঁচিলে মৌটুপি,
ভুমিয়ে মেলিলে চঁপা,
চৰাই হালধীয়া মৌ মতলীয়া
উলটি কৰিলে কৃপা ।
[বাঁহী : সপ্তম বছৰ, ১২২ সংখ্যা (১৮৩৮ শক)]
পদুম পাতৰ পানী
প্ৰথম আধ্যা
পদুমৰ পাততে মুকুতা গুটিদেক
তিৰবিৰ কৰিছে জ্বলি;
কৰেনো মুকুতা, কোনে কৈ দিব
কোনেনো এৰি থৈ গ'লি ?
দেৱৰে জীয়ৰী, ৰূপৰে পোহাৰী
আহি ধুইছিল গা;
ডিঙিৰ মালাধাৰী সোলোকাই স্নানিলে
পাহৰি পেলাই গ'ল বা ?
দ্বিতীয় আধ্যা
মলিয়ন হাতেৰে নুচুবি মণিবোৰ,
মাটিৰ মানুহ যে তই !
দেওকন্যাটিয়ে সুঁৱৰি নিবহি,
বহি ৰখি থাকোঁ মই ।
তুলা যেন কোমল ঐ ! দেৱৰে জীয়ৰী,
ধল যেন ডিঙিটি বগা,
মুকুতা মালাৰে মণিধাৰি নাই
আপচু হৈ আছে কিবা !!
তৃতীয় আধ্যা
সোণৰ জখলাৰে নামি আহা আইটি !
পিন্ধি সাজে হালধীয়া,
পদুম আঁহেৰে সি মণিকেইটি
উলটি স্বৰ্গলৈ যোৱা ।
ঢুলঢুল চকুৰে মণি শোকে কৰে -
শুকুলা ডিঙিটি ক'ত ?
নামি আহা আইটি ! বুটলি লোৱাহি
দীপলিপ মণিটিহঁত ।
চতুৰ্থ আধ্যা
কিনো মোৰ কপল ঐ ! কাতি হ'ল পাতটি,
মণি গ'ল পানীত মিলি,
ইমান চেনেহিলোঁ, ইমানকৈ ৰখিলোঁ,
হায় ! মণি ক'লৈনো গ'লি ?
পঞ্চম আধ্যা
কেতেকী চৰায়ে উৰি কয়ে গ'ল -
হে'ৰা লক্ষীনাথ শুনা,
তুমিও এইদৰে ব্ৰহ্মসাগৰত
মিলিবা অনেক দিনা ।
[বাঁহী : ৭ম বছৰ, ৯ম সংখ্যা (১৮৩৮ শক, শাওণ) ]
বিশৃংখল
আউল চুলি দুডালি তোমাৰ
নিছিগা কবিতা-ৰস ধাৰ ।
ফণিৱা অযুত চুলিবোৰে
নিয়মত পৰি প্ৰাণ এৰে ।
শৃংখলিত দাঁতৰ শাৰীত
এটি দাঁত শৃংখলৰহিত ।
সৌন্দৰ্যৰ বীণাখনি মোৰ
বজায় সি অময়া মধুৰ ।
কাপোৰত ভাঁজ পৰি আছে
আঁচলত দহি পৰি নাচে,
ভাল লাগে মোৰ ।
ঢৌহীন সাগৰে নোমোহে,
মোহে ঢৌ নতুবা বতাহে ।
ব্যৱস্থিত হাঁহি মিচিকীয়া
বুজ দিয়ে শুকান যে হিয়া ।
ভেটা ভঙা হাঁহিৰহে শুনি
অন্তৰৰ পাঞ্চজন্য ধ্বনি ।
শৃংখলাবদ্ধ স্বাধীনতা,
প্ৰাণহীন পৰ অধীনতা ।
[বাঁহী : ৮ম বছৰ, ১১ শ সংখ্যা (১৮৩৯ শক) ]
বৰ আৰু সৰু
(১)
দুবৰি বনৰ পাতৰ আগত
নিয়ৰে মুকুতা আঁৰে,
ওখৰ মলয়াই মৰমৰ হাতেৰে
চোতালৰ ধূলিটি সাৰে ।
(২)
বোকাৰ পদূমত পাহিটি জিলিকে
আকাশৰ হাঁহিটি পৰি,
কেতেকীৰ সোণালী ৰেণুটি উৰিল
চেনেহৰ চুমাটি ভৰি ।
(৩)
পৰ্বতৰ টিঙৰে অকণি নিজৰা
নামি ভুঁইৰ বুকুলৈ গ'ল,
চেনেহৰ হাতেৰে ভুঁয়ে সাৱটিলে
ৰঙতে বন্দী হৈ ৰ'ল ।
(৪)
দুৱৰি বনতকৈ সৰু তই লক্ষীনাথ !
ধূলিৰো তলৰে ধূলি,
তোকো নেপাহৰে প্ৰিয়তকৈ প্ৰিয়ই তোৰ
আদৰি ল'বহি তুলি ।
বিৰহ
(গীত)
প্ৰাণনাথ হে ! বিৰহ কাতৰ হ'লো ।
দীঘল দিনটো, ৰাতিটো গোৱালোঁ,
আজিও লগ নাপালোঁ ।।
নপচাৰো চকু, নীৰব এই বুকু,
সঁহাৰি পাবৰ মনে,
ফুলা ফুলকেইটি অলৰ অচৰ,
নিজম হৃদি-কাননে ।
নিচুক ৰাগিনী, স্তম্ভিত নাচোন,
প্ৰেমৰ প্ৰবাহ থিৰ,
মলয়া বতাহ হিয়াত থমকিল
সোঁতহীন তেজ-শিৰ ।
নিৰাশাত ফুল লেৰেলিব খোজে,
পাহিটি খহিব ধৰেচ
চকুৰ পানীৰে জীয়াই ৰাখিছোঁ,
নতু এতিয়াই সৰে ।
কন্দুৱাই মোক কি সুখ পাইছা,
চকুলো সম্বল মই,
অশোকজুপিয়েও শোকত কান্দিছে,
পদুমো পৰিছে জঁয় ।
নিঠুৰতা নিজ লাজত সংকোচ,
জোনে ওন্দোলাইছে মুখ,
যন্ত্ৰণাত প্ৰাণ ছটফট নাথ !
আৰু মোক নিদিবা দুখ ।
কঠিন সংসাৰ নোৱাৰোঁ যুজিব,
হৃদয় শত-বিক্ষত ।
দুৰ্দান্ত বিষয়-বাসনা মায়াবী,
হাঁহিছে হাঁহি বিকট ।
হিয়াৰ ফলিত নামটি তোমাৰ,
আকিছোঁ যতন কৰি,
তাকে মচিবলৈ যখিনী প্ৰেতিনী
ফুৰিছে লৰিঢাপৰি ।
নোৱাৰোঁ মচিব, মৰিও ৰাখিম,
মধুৰ তোমাৰ নাম,
আহা প্ৰাণস্বামী, চোৱা উজ্জ্বলিছে,
হে'ৰা মোৰ প্ৰাণৰাম !
শৰত কালৰ পূৰ্ণিমাৰ ৰাতি,
হৃদয় বৃন্দাবন,
ফুলশয্যা পাতি বাট চাই আছোঁ
আহাঁ মোৰ প্ৰাণধন !
[বাঁহী : ৬ষ্ঠ বছৰ, ১২শ সংখ্যা (কাতি, ১৮৩৭)]
বৰদৈচিলা
(অসমীয়া বনঘোষাৰ সুৰ)
(১)
পাটকাই পৰ্বততে হোলোং গছ এডালি
ওপৰতে এটি ডাল ।
বৰদৈচিলাৰ মাকে বাহটি সাজিলে
পৰিলে কণীটি ভাল ।
বছৰেক উমনিত জাগিল পোৱালিটি
বৰদৈচিলা থ'লে নাম,
গজিল কাড়পাখি মাকে এৰি গ'ল
মোমাইৰ ঘৰতে সকাম ।
মাকৰ পাছে পাছে বৰদৈ উৰি গ'ল
পৰ্বতে-ভৈয়ামে জুৰি,
মোমাইৰ ঘৰত বিহু খাৱ বৰদৈয়ে,
আৰু সি খেলিব কড়ি ।
উছাহত বৰদৈয়ে ওখ গছ ভাঙিলে
উৰালে বৰঘৰৰ মুখ,
নাহৰৰ ফুলবোৰ সিঁচৰিত কৰিলে
পানীৰে কৰিলে যুধ ।
যাগৈ বিহুৱা চিলাবৰদৈয়া
খাগৈ মাৰৰ ঘৰত চিৰা,
উভতি আহোঁতে দৈ-পইতা দিম,
বহুৱাম পাৰি বৰপীৰা ।
বালিতে বৰকাছৰ কণী ছয় অৰা
ছমাহ পৰি তাতে আছে,
বৰদৈচিলা অহা বতৰিটি পাই
ফুটি পানীত পৰি নাচে ।
বালিৰ বৰগৰা খহাইছে বৰদৈয়া
উৰাই দে মদাৰৰ ফুল,
সাউদে বৰনাওখন বাই যায় বঠাৰে
লুইতৰ বুকুত টুলবুল ।
বৰদৈচিলা হেৰ ! নুবুৰা নাওখনি,
সাউদে কৰিছে তুতি,
পাল তৰি দিছে ছমাহৰ বাটটি
কৰি দে তই হে'ৰ চুটি ।
[বাঁহী, প্ৰথম বছৰ (১৮৫৪ শক) ]
মৰ্মবাণী
(১)
ধৰমৰ নামত কত অধৰম,
পুণ্যৰ নামত পাপ,
সঁচাৰ নামত কত মিছা কথা,
দেখি মোৰ লাগিছে তাপ !
(২)
প্ৰেম-ঢাকোনেৰে বিশ্বাসঘাতকতা,
সোৱাদৰ আঁৰৰে তিতা,
ক'তনো দেখিম ! ক'তনো শুনিম ?
নোৱাৰোঁ সহিব, মিতা !
(৩)
মিতাতকৈ মিতা ! বিশ্বাসৰ বন্ধু !
তুমি আছো, মই আছোঁ ?
তোমাতে সঁপিছো সকলো বিশ্বাস,
গোটেই জীৱন দিছোঁ ।
(৪)
ভূমিৰ মউটুপি লৈ
তোমাৰ ফাললৈ চায়,
স্বাৰ্থত অন্ধলা গোটেই সংসাৰে
গচকি চলিছে হায় ।
(৫)
জিন হওক দেহা, আতমা অক্ষত
উঠিছে তোমাৰ ফালে,
তোমাৰ শীতল হাত বুলনিত
শঁতাব অনন্ত কালে ।
[বাঁহী : ৭ম বছৰ, ১০ম সংখ্যা ]
ধূলি
(১)
ভৰিৰ তলুৱাত ধুলি লাগিছিল
জোকাৰি পেলালা কিয় ?
তুমি পেলাই গ'লা, বুটলি ল'লোঁ মই
আদৰত সি হ'ল থিয় ।
(২)
জীৱনৰ কাহিনী কেউটীয় ক'লে
টুপিকৈ চকুলো টুকি;
দুখতে কান্দিলোঁ, শোকতে হাঁহিলো,-
জীৱনটো কি এটা ফাঁকি ।
(৩)
এটি ধুলিকণা ভৰত ৰজা হেনো,
এটিৰ নাম মান্ধতা ৰজা,
এটিয়ে ক'লে - তেওঁ নহুষৰ কোঁৱৰ,
এটি যযাতিৰ প্ৰজা ।
বিক্ৰম-আদিত্যৰ এটি নৱৰত্ন
কালিদাস বানীৰ পো,
পুলহ পুলস্ত আন এটি ধূলি
এটি চন্দ্ৰগুপ্তৰ সোঁ ।
জগত শেঠ নামে এটি ধূলি
ভিকহু ৰুদ্ৰাম এটি,
'মেজৰ জেনেৰেল' 'মণ্টকাম' আন এটি
শোৱছিং চিপাহী সিটি ।
(৪)
এটি ধূলিকণা আঁতৰি ফুৰিছে,
নকয় নিজৰ কথা;
কোৱা' বুলি মই সাদৰি মাঁতিলো
বৰকৈ কৰিলোঁ বেথা
বৰাহী জাতৰে নাম ৰঙামুৱা
দেউতাৰ ককাকৰ কাঁড়ী;
জাতিস্মৰ মই, মনত আছে জাত
যদিও হৈছোঁ ধূলি ।
পুলহ, পুলস্ত্য, ৰজা যযাতিৰে
যদিও একত্ৰে থকা,
তথাপি হঠাৎ দেউতাক চুবলৈ
মনত আহিল শংকা ।
ধূলিৰে দেউতা পুনৰপি আহি
যেতিয়া হ'বহি ধূলি,
বামুণ পুলস্ত্য, ক্ষত্ৰিয় যযাতি
সৈতে ল'ম আঁকোৱালি ।
দেউতাও ধূলি, মান্ধাতও ধূলি
ধূলি ৰঙামুৱা মই;
নেজানে দেউতাই, জানে ৰঙামুৱাই
এইফেৰি মনত ভয় ।
[বাঁহী : সপ্তম বছৰ, ৭ম সংখ্যা (জেঠ, ১৮৩৮ শক)]
No comments:
Post a Comment