Showing posts with label Assamese Story. Show all posts
Showing posts with label Assamese Story. Show all posts

Stories of Laksminath Bezbaruah - নিস্তাৰিণী দেৱী বা ফতেমা বিবি - Nistarini devi ba fatema bibi

নিস্তাৰিণী দেৱী বা ফতেমা বিবি 

              দেওবাৰ, দুপুৰীয়া । পৰক আপোনাৰ কৰি , অৰ্থাৎ পানীৰ মাছ , পথাৰৰ ভাত , বাৰীৰ শাক পাচলি, বজাৰৰ লোণ তেলক অন্তৰংগ বন্ধু কৰি লৈ, অৰ্থাৎ পোনাই ক'বলৈ গ'লে ওপৰত কোৱা বস্তুবোৰ দকচি এপেটকৈ খাই উঠি 'ইজিচেয়াৰ'  বা 'আৰামচকী' এখনৰ উপৰত পূৰ্ণ বিশ্বাস স্থাপন কৰি সম্পূৰ্ণৰূপে ভৰ দি , নিজৰ হাত-ভৰি মূৰেৰে সপৰিবাৰে শৰীৰটো তাত থাপি, বনৰীয়া উতনুৱা ছটা বাৰৰ লগৰীয়া-ঘৰচীয়া জাতি দেওবাৰটোক নথৈ শলাগি, আদখিনি মেলা আদখিনি জোপোৱা চকুৰে দেহাৰূপী বৰঘৰটো আন্ধাৰ-পোহৰ কৰি থাকি , নলিচা লগোৱা গুৰগুৰিটোৰ সৈতে টোৰোক টোৰোক ভাষাত অ তীত কালৰ পাহৰা কথা সুঁৱৰি সুঁৱৰি পাতি আছোঁ । এনেতে মোৰ পকী ঘৰৰ চালৰ ওপৰত গিৰিংকৰে কিব এটা শব্দ শুনিলোঁ । মোৰ বৈ থকা সুখনৈৰ সোঁতটোৱে ততালিকে ওভতনি পাক ল'লে আৰু মই উঠি গৈ দেখিলোঁ যে পকীঘৰৰ চালৰ ওপৰত কাম কৰা ৰাজমিস্ত্ৰীবোৰৰ ইটা যোগোৱা কুলিয়নী তাই মূৰত লৈ যোৱা এপাচি ইটাৰে সৈতে চালৰ ওপৰত হঠাতে পিছলি পৰি মূঁছকঁছ গৈছে । লৰালৰিকৈ পানী আনি তাইৰ মূৰত দিবলৈ দিহা নকৰি মিস্ত্ৰী কেইটাই অবাক হৈ ভোজখোৱা শিয়ালৰ দৰে চাই আছে । 'হেৰ বাঘে খোৱা গৰুহঁত' । লৰালৰিকৈ পানি অনাই মানুহজনীৰ মূৰত থপিয়াই দিয়ালো । অলপমান বেলিৰ পিছত তাইৰ ধাতু আহিল । তাৰ পিছত দাংদোলকৈ তাইক ধৰাই লাহে লাহে তললৈ নমালোঁ । এপাচি ইটাৰে সৈতে পৰি তাই বৰ টান পোৱা বাবে তাইৰ তেনে হৈছিল । মানুহজনী গা-ভাৰী আছিল । তাই তেনেকুৱা অৱস্থাত কিয় ইমান গধুৰ কাম কৰিবলৈ আহিছে বুলি সোধাত তাই ক'বলৈ ধৰিলে ।
                'হুজুৰ ! মোৰ দুখৰ কথা ক'ম , ক'লে ওৰ নপৰে । কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে । আল্লাৰ মৰ্জি । আল্লাই মোক সৰুতে আই-বোপাই, ককাই -ভাই , বন্ধু-বান্ধৱ , ঘৰ -বাৰী সকলোৰে পৰা বঞ্চিত কৰিলে । বঞ্চিত কৰিলে মানে কিজানি হুজুৰে ভাবিছে , তেওঁলোক মৰি-হাজি ঢুকাল । সি নহয় । মইহে তেওঁলোকৰ মনত মৰি - হাজি ঢুকালোঁ । কেনেকৈ তেনে হ'ল, মই কওঁ শুনক ।' ¬
               'আমাৰ ঘৰ বৰ্ধমান জিলাৰ বামুণগাওঁত । আই বোপাই, ককাই-ভাই ধন-ধান্যেৰে আমাৰ ঘৰ জয়জয়-ময়ময় আছিল । গাওঁৰ ভিতৰত মোৰ বোপাই সকলো বিষয়তে বৰমূৰীয়া আছিল । কিন্তু তেওঁৰ স্বভাৱটো অতি উগ্ৰ আছিল দেখি গাওঁৰ ভিতৰৰ সৰহখিনি মানুহে তেওঁক ভাল নাপাইছিল । আমাৰ ঘৰ মানুহ ধন-বিতেৰে চহকী দেখি আমাৰ দুখীয়া বঙহ - পৰিয়ালবিলাকেও আমাৰ শ্ৰী সহিব নোৱাৰি সদায় আমাক খিয়াল কৰিছিল । পিতাদেৱে কাৰো ওচৰত সৈমান হৈ নচলি কাকো গ্ৰাহ্য নকৰি লোকৰ মনৰ সেই ভাবটো আৰু দ কৰি দিছিল ।'

             'আমাৰ গাওঁৰ ওচৰত ঘৰচেৰেক মুছলমান মানুহ আছিল । আমাৰ পথাৰৰ খেতি-বাতি আদি কামত আৰু ৰূপৱান বাঢ়িলে ধাৰে নিয়া আদি বিষয়ত সততে সিঁহতে আমাৰ ঘৰৰ মানুহক উপাসা - ভৰষা কৰি চলিছিল । মোৰ এতিয়াও ভলকৈ মনত পৰে ; মই তেতিয়া সাত বছৰীয়া ছোৱালী । এদিন মই আমাৰ ওচৰ-চুবুৰীয়া সমনীয়া ছোৱালী জনীচেৰেক সৈতে কাকো নোকোৱাকৈ মনে মনে মুছলমান এঘৰত ঈদ চাব গৈছিলোঁ । আমাক দেখি সেই ঘৰৰ তিৰোতাবিলাকে সন্তোষ পাই আস্তব্যাস্ত কৰি বহুৱালে আৰু 'চিমাইৰ পায়স' খাবলৈ দিলে । ছোৱালী মানুহ আমি আগ-গুৰি ভাল-বেয়া একো নুগুণি পেট ভৰাই পায়স খাই বৰ ৰঙেৰে ঈদ চাই গধূলি ঘৰলৈ উভতি আহিলোঁ । পিতাদেৱৰ অনেক শত্ৰু । তাৰে ভিতৰে কোনোবাই সেই কথা গম পাই , লৰলৰিকৈ আহি গাৱত ৰাষ্ট্ৰ কৰি দিলে যে অমুকৰ জীয়েক নিস্তাৰিনীয়ে মুছলমানৰ ঘৰত পায়স খাই আহিছে । লগৰীয়া আনকেইজনী ছোৱালীৰ নামকে নোলাল, অকল নিস্তাৰিণীৰহে নামটো ওলাল । এই বাতৰি পিতাদেৱৰ কাণত পৰিলত তেওঁৰ মুৰত আকাশী স্বৰ্গ ভগি পৰিল । লোকৰ দোষ বিচাৰি ফুৰা তেওঁৰ, লোকৰ ওপৰত কথাই কথাই বৰমতআ ওলোৱা তেওঁৰ গৰ্বটো গোটেই গাওঁৰ মানুহে ধৰি খৰ্ব কৰি পেলালে । তেওঁৰ জাত গ'ল বুলি তেওঁক এঘৰীয়া কৰিবলৈ সকলোৱে ভয় দেখুৱালে । লাজ-অপমান আৰু খঙত তেওঁ মৰ্মান্তিক হই সোণৰ সোলেং যেন সাত বছৰ বয়সীয়া জীয়েকক য'তে মৰে ত'তে মৰকগৈ বুলি ঘৰৰ পৰা উলিয়াই দিলে । তাই কান্দি কাটি বিবুধি হ'ল । পিতাদেৱৰ মুৰ্তি দেখি চুৰ্তি হেৰাই কি কৰিম ক'লৈ যাম ভাবি বিবুধি হ'লোঁ । মই আশ্ৰয় বিচাৰি চিনাকি মানুহ যাৰে ঘৰলৈ গ'লোঁ , সিয়েই মোক ছেই ছেই কৰি খেদাই দিলে । অন্তত মই বিবুধি হৈ লাহে লাহে সেই মুছলমানৰ ঘৰলৈ গৈ ওলালোগৈ ।  সিঁহতে মোৰ সকলো কথা শুনি মোক আতৌ পুতৌ কৰি সিঁহতৰ ঘৰতে ৰাখিলে । ময়ো কি কৰিম একোকে ভবি নাপাই তাতে থকিলোঁ । নেদেখা জনৰ ইচ্ছাত অমুকা বামুণৰ জীয়েক নিৰাশ্ৰয়া নিস্তাৰিণী নৰু মিঞা মুছলমানৰ ঘৰত আশ্ৰয় পাই মুছলমান হ'ল ।

              লাহে লাহে মই নৰু মিঞাৰ জীয়েকৰ পদ পালোঁ । বিপদৰ কালত নৰু মিঞা - মিঞানীয়ে মোক সাৱটি ধৰিলে । মোৰো ছোৱালী মন সকলো দুখ -বেজাৰ পাহৰি নতুন অবস্থাৰে সৈতে মই মিলি গলোঁ । বোপাইৰ মনত পায়স ফেটীসাপে মোক খুটি মাৰিলে । আয়েও বোপাই আৰু লোকৰ ভয়ত মোৰ বিষয়ে সেইদৰেই কিছুমান দুৰ ভাবিবলৈ বাধ্য হ'ল । কিন্তু মাকৰ মন বৰ ডাঙৰ বস্তু হুজুৰ , ৰাইজৰ ভয়েও সদাই তাক ভৰিৰ তলত ৰাখিব নোৱাৰে । আয়ে লুকাই-চুৰকৈ জীয়েকলৈ টোপোলাটো বস্তুখন, বেহানিখন নপঠিওৱাকৈ আৰু জীৱেকৰ বাতৰি নোলোৱাকৈ থাকিব নোৱাৰিছিল, কাৰন পিতাদেৱে কৈছিল যে মোক তেওঁ দেখিলে ছোৱা ছোৱাকৈ কাটিব । কবলৈ পাহৰিছোঁ, মই নৰু মিঞাৰ ঘৰত থকাৰ এবছৰৰ পিছত মোক মুছলমান কৰি ফতেমা বিবি নাম দিয়া হ'ল । মোৰ পোন্ধৰ বছৰ বয়সত মিঞা-মিঞানীয়ে মোক এজন মুছলমান ডেকা ল'ৰাৰে বিয়া দিলে । তেওঁৰ ফালৰ পৰা মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী হৈছিল ।তিনি চাৰি মাহ মান হৈছে , মাউৰত পৰি মোৰ গিৰিহ'ত আৰু ল'ৰা - ছোৱালী দুটি মৰিল । তেওঁ ডাকঘৰতে হৰকৰাৰ কাম কৰিছিল, আৰু একো ধন-বিত ৰাখি থৈ যাব নোৱাৰিলে । মই চাৰিমহীয়া গা-ভাৰি মানুহ । মোৰ খাবলৈ ভাত নাই , পিন্ধিবলৈ কাপোৰ নাই, কোনো সহায় নাই, উপায় নাই ।এই পৃথিৱীত দুখ ভুঞ্জিবলৈ মোক আল্লাই জীয়াই থৈছে । মোৰ শৰীৰ এনে অৱস্থাত মই কুলিৰ কাম কৰি পেটৰ ভাত-কাপোৰ মোকলাবলগীয়াত পৰিছোঁ ।আজি যেতিয়া এপাচি ইটাৰে সৈতে হুজুৰৰ ঘৰৰ চালৰ ওপৰত পৰিছিলোঁ । তেতিয়া ভবিছিলোঁ যে খোদাই দুখুনীৰ ওপৰত কৃপা কৰিলে । মোক মাৰি নিব। কিন্তু লেলেতীয়া জীৱৰ ইমান সোনকালে দুখৰ ওৰ কিয় পৰিব , সেই দেখি নমৰিলোঁ ।

             মোৰ বোপাই ঢুকাল ।। আই এতিয়াও আছে ।বোপাই ঢুকুৱাৰ পিছত তেওঁৰ ধন-সম্পত্তি সকলোবোৰ কেনিবা উৰি গ'ল আৰু আই বৰ দুখত পৰিল । মোৰ ককাইটোৱে খেতি-বাতি কৰি আইক নিজৰ ল'ৰা-তিৰোতাক অতি কষ্টেৰে কোনোমতে পোহে । এতিয়া মই অৱশ্যে আইক চাবলৈ মাজে যাওঁ । কিন্তু তেওঁক পাইটো  পইচাটো দি সহায় কৰিব নোৱাৰোঁ । কাৰণ তেনেহ'লে তেওঁৰ জাত যাব; তেওঁৰ হিন্দু বঙহ পৰিয়াল আৰু গাওঁৰ মানুহে তেওঁক এঘৰীয়া কৰিব ।মই দুই-চাৰি  অনাকৈ গোটাই মহে মাহে এটকা-দুটকাকৈ ৰূপ আইলৈ লুকাই পঠিয়াই দিওঁ, তাৰে তেওঁৰ লোণ-তেলৰ খৰচ চলে । এই পৃথিৱীত  মোতকৈ দুখিত প্ৰাণী, হুজুৰ কোনো নাই । কিন্তু হুজুৰ এটা কথা কওঁ, আমাৰ দেশখন জাতেই খালে । জাত কৈ ইটোৱে সিটোক ঘিণাই, হিন্দু-মুছলমান বুলি এটা ধৰ্মৰ মানুহে আনটোক ছেই ছেই কৰি মিছাতে আমাৰ দেশখন 'জহন্নামে' নিলে । আল্লাৰ আগত সকলো জাতৰ সকলো ধৰ্মৰ মানুহ সমান হুজুৰ । ইপুৰীত মই মোৰ আই-বোপাইক নেপালোঁ,, সিপুৰীত নিশ্চয় মাক খোদাই তেওঁলোকক দিব । দুখুনী ফতেমাই এইকেষাৰ কথা ক'লে - নিশ্চয় নিশ্চয় , হুজুৰ জানিব , ই ফলিয়াবই ফলিয়াব ।'



Kokadeuta aaru naatilora ( ককাদেউতা আৰু নাতিল'ৰা) - Laksminath Bezbaruah

We are uploading our first PDF book  Kokadeuta aaru Naatilora ( ককাদেউতা আৰু নাতিল'ৰা) written by Sahityarathi Laksminath Bezbaruah. Follow link below to view PDF book.


VIEW PDF HERE

জুনুকা - হাতী আৰু সাপ

লক্ষীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা শিশু সাহিত্য জুনুকাৰ অন্তিমখন গল্প আজি প্ৰস্তুত কৰা হ'ল ।

হাতী আৰু সাপ

এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল | হাতীটোক ৰজাই ইমান ভাল পায় যে সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বন্ধাই নথয় | সেইদেখি সি মুকলি হৈ চৰি ফুৰে; কিন্তু কাৰো একো অপকাৰ নকৰে | তাৰ দোষৰ ভিতৰত ৰজাৰ মৰম পাই সি বৰ গপাল হৈ পৰিছিল | এদিন সি বাটে বাটে গৈ থাকোঁতে দেখিলে যে মাজে বাটতে এটা গোম সাপ গা দাই পৰি আছে | সাপটোৱে ভাবিলেসি ডাইলগোম, তালৈ ভয় নকৰা প্ৰাণী নাই | এতেকে সিনো মাজবাটৰ পৰা উঠি গৈ একাষৰীয়া হৈ হাতীটোক বাট এৰি দিব কিয় ? হাতীটোৱেইচোন কাষৰ কাটি যাওক | ইয়াকে ভাবি সি ফেট তুলি ফোঁচ ফোঁচাবলৈ ধৰিলে | কিন্তু এচুলিমানো তাৰ পৰা নলৰিল | হাতীটোৱে ভাবিলে ভালা ৰে ভালামই হলো ৰজাৰ মৰমৰ গজহস্তী, এইটো ৰবাৰ টোকোনা সাপ | বনে ঘাঁহে চুঁচৰি চোৰৰ দৰে লুকাই ফুঁৰোতে তাৰ জন্ম গৈছে | সিনো মই হেনো পুৰুষক বাট এৰি নিদিব কিয় ? নিদিয়ে যদি একে গচকতে তাৰ পেটু উলিৱাম নহয় |” ইয়াকে ভাবি হাতীটোৱে কেৰেপকে নকৰি আগবঢ়ি আহি সাপৰ গাত গচক মাৰি দিলে | সাপেও তাক ভালকৈ তিনি-চাৰি খোঁট লগালে | হাতীটোৰ গাত বিষ লাগি দুখোজমান গৈয়েই সি পৰি মৰিল | সাপেও হাতীৰ গচকত পেটু নাড়ী ছিগি মৰি থাকিল |
হাতীটো বততে মৰি থকা দেখি এটা শগুনে শটো খাবৰ মনেৰে খুঁটিয়াই খুঁটিয়াই পেটৰ ছালখন ফুটাই বিন্ধা এটা কৰি হাতীটোৰ পেটত সোমাল | শগুনে পেটত সোমাই হাতীৰ মঙহ খাই থাকোঁতে, সি কৰা বিন্ধাটো দত শুকাই মুদা মৰিলত, সি হাতীৰ পেটৰ ভিতৰতে মৰিল |
ঘোং নামৰ ব্যাধ এটা সেই বাটেদি চিকাৰ কৰিবলৈ যায় | দঁতাল হাতীটো বাটতে মৰি পৰি থকা দেখি দাঁতযোৰ কাঢ়ি উলিয়াই লৈ লে বেচি ভালেমান টকা পাব ভাবি, দাঁত এটা দাৰে কাতি কাটি টানি এটা বৰ আজোৰ মৰাত ভট্কৰে দাঁতটো উঘাল খাই আহি তাৰ পেটত বেগেৰে খোচ লাগি আগটো সোমালত সি তাতে পৰি মৰি থাকিল | এটা হালোৱা মানুহে ওচৰৰ পথাৰত হালবাই থাকোঁতে এই ঘটনাটো আগৰে পৰা গুৰিলৈকে চাই আছিল | ব্যাধটো মৰাৰ পিছত সি লাহেকৈ হালখন এৰি মৰা হাতীটোৰ ওচৰলৈ আহি এই ফকৰাটো মাতিলে
গপত মৰিল গজহস্তী,
ফোকাৰাত মৰিল গোম |
খাওতে শগুন মৰিল,
আঁজোৰত মৰিল ঘোং |”
ডাঙৰেই হোৱা, সৰুৱেই হোৱা, গৰ্ব নকৰিবা |
গৰ্ব কৰিলে খৰ্ব হৈ বিপঙে মৰিবা |