জুনুকা - টোকোৰা আৰু চিতল


টোকোৰা আৰু  চিতল

সত্য কালৰ কথা | সেই কালত উৰণ আৰু বুৰণ এই দুইবিধ জন্তুৱে বাহ সাজি থাকিব নেজানিছিল | সেইবাবে সিঁহতৰ বৰ দুৰ্গতি দেখি সিঁহতৰ ভিতৰৰ বুঢ়া-মেঠা বিলাকে কি কৰা উচিত, এই কথা আলচ কৰিবলৈ এদিন মেল পাতিলে | মেলত স্থিৰ সিঁহতৰ পৰা দুজনক বিধাতাৰ ওচৰলৈ পঠিয়াই দিয়া হওক | বিধাতাক সিঁহতে সোধকগৈ কেনেকৈ সিহতৰ ভাই-বন্ধু-গিয়াতিবোৰে বাহ সাজি থাকিব | চৰাইবোৰে টোকোৰাক আৰু মাছবোৰে চিতলক বিধতাৰ ওচৰত পঠিয়াই দিলে | সিঁহতে বাটকুৰি বাই গৈ গৈ বিধতাৰ ওচৰ পালত বিধতাই সিঁহত কিয় আহিছে , কি লাগে বুলি সুধিলে | দুয়ো আঁঠু লৈ বিধাতাক নিজৰ নিজৰ দুখ দুৰ্গতিৰ কথা ভাঙি পাতি লত মাছ আৰু চৰাইবোৰে কেনেকৈ বাহ সাজি নিৰাপদে থাকিব লাগে, সেই বুধি বিধতাই চিতল আৰু টোকৰাই শিকাই দিলে |
ইয়াৰ পিছত দুয়ো বিধতাৰ ওচৰত মেলানি মাগি ঘৰমুৱা হৈ খোজ লে | বাটত টোকোৰাই চিতলক লে – “চিতল ককাই, মোৰ মনত এটা কথা খেলাইছে, জানো তুমি কি বোলা?”চিতলে উত্তৰ দিলে – “মোৰো মনত তেনেকুৱা কথা এটা খেলাইছে | আগেয়ে তোমাৰটো শুনি লওঁ, তাৰ পিছত মোৰটোও তোমাক |” টোকোৰাই লে – “ককাই ! আমি ইমান দুখে-ভাগৰে বিধতাৰ ওচৰলৈ আহি বাহ সজা শিকি লৈছোঁ | আমিনো আনক আমাৰ বুধিটো শিকাওঁ কেলেইকোনেনো আমাৰ বুকুৰ বান্ধ, কোননো আমাৰ আইৰ ফালৰ কুটুম যে তাক আমাৰ বুকুৰ অৰ্জনফেৰা দিম ? ছল পালেই সেই মুখত পোকলগা, হতছিৰি হোৱা কাউৰীয়ে মোক খেদাত তৎ এৰুৱায় | মই বোলো বুধিটো কাকো নিশিকাওঁহঁক | তুমি কি বোলা ?”এই কথা শুনি চিতলে জঁপিয়াই উঠি লে – “ঠিক কৈছা টোকোৰা ভাই! থিক কৈছা! ময়ো তোমাক তাকেহে বুলি ভাবি আহিছিলোঁ | তুমিও কাকো নিশিকাবা আৰু ময়ো কাকো নিশিকাওঁ | আমি সিঁহতক , বিধতাক আমি , বিধতাক আমি পোনতে লগকে ধৰিব নোৱাৰিলোঁ | খাপ লৈ লৈ, খাপ লৈ লৈ অনেক দিনৰ মূৰত অনেক পুৰুষাৰ্থ কৰি যিওবা এবাৰ তেওঁক লগ ধৰি আমাৰ দুখৰ কথা লত বিধতাই আমাক ডবিয়াই হুঁকিয়াই খেদি দিলে |”
এইদৰে দুয়ো বুধি পাতি আহি ঘৰ ওলালত চৰাইবোৰে টোকোৰাক আৰু মাছবোৰে চিতলককি গুণ, কি বেৱস্থা শিকিলি, কি বুজিলিবুলি শুধিলত দুয়ো মিছাকৈ চকুৰ পানী টুকি লে – “ককাইহঁত ! আমাৰ দুখৰ কথা আৰু কি ? কোনে পতিয়াব ? যাকে সিয়ে লথিয়াব প্ৰথমতে গৈতো বিধতাৰ ওচৰকে চপিব নোৱৰিলো |বিধতাৰ ঘৰৰ দুৱাৰমুখত পালতে দুৱৰীয়ে গতাৰ তাপত মুৰ ছিঙিবলগী্যা  কৰিলে | তাৰ পিছত তিনিদিন লেকাত লাগি শুকাই-উবাই খাপ দি পৰি আছিলোঁ | তিনি দিনৰ মুখত এবাৰ বিধতাক বাহিৰলৈ ওলাই অহা দেখি উঠি গৈ কান্দি-কাটি ভৰিত দীঘল দি পৰি আমাৰ দুখৰ কথা লত, তেখেতে আমাৰ দুখ পতিয়াওক ছাৰি ডবিয়াই-হুঁকিয়াই আমাক খেদি হে দিলে |
টোকোৰা আৰু চিতলৰ এই কথা শুনি ৰাইজে দুখ বেজাৰ কৰি থাকিল | কিন্তু লাহে লাহে দেখা গ’ল – টোকোৰাই কাকিনি তামোলৰ আগত আৰু চিতলে বৰ ডুবিৰ অগাধ দ পানীত সুন্দৰকৈ বাহ সাজি কণী পাৰি সপৰিয়ালেৰে মহা সুখত আছে | এই কথা দেখি মাছ আৰু চৰাইবোৰে বুজিব পাৰিলে যে চিতল আৰু টোকোৰাই বিশ্বাসঘাতকতা কৰিলে | সিঁহতৰ বৰ খং উঠিল | চৰাই বোৰে টোকোৰাক চুলিকোছাত ধৰি তাক চোচোৰাই আনি গতিয়াই ভুকুৱাই বেজান কৰি ক’লে যে “তোক আমি একেবাৰেই বধ নকৰোঁ, কিন্তু বিশ্বাসঘাতক আৰু মিতিৰ দ্ৰোহীয়াক উপযুক্ত শাস্তি নিদি নেৰোঁ | সেই দেখি আমি এটায়ে তোৰ মুখত একোটাকৈ লাথি মাৰি যাম |”এইবুলি যত চৰাই আছিল এতাইবোৰে গাইপতি টোকোৰাৰ মূৰত এত এটাকৈ লাথি মাৰি গ’ল | লাথিৰ কোবত টোকোৰাই মূৰৰ চুলি সৰি মূৰ টকলা হ’ল | সেইদেখি তেতিয়ৰে পৰা টোকোৰাৰ মূৰত চুলি নাই |

মাছবোৰেও চিতলক সেইদৰে কৈ তেনেকুৱা শাস্তি দিলে | সেইদেখি এটাইবোৰ মাছৰ লাথি খোৱা বাবে চিতলৰ মূৰটো সৰু আৰু চেপেটা হ’ল আৰু গাটোও চেপেটা পৰিল |

1 comment:

  1. ণজবজণবজণবজণজণবজণববজবজণণজবণছ

    ReplyDelete