মোৰ দেশ মানুহৰ দেশ
মোৰ দেশ মানুহৰ দেশ
উত্তৰে উত্তুঙ্গ গিৰি , দক্ষিণে সাগৰ,
শত নদী বুকুৰে বাগৰে
পাৰে পাৰে সাজে ভাঙে কত ইতিহাস
ব্ৰহ্মপুত্ৰ, গোদাবৰী, শিপ্ৰা আৰু গঙ্গা যমুনাৰ ।
সুন্দৰী ভাৰতবৰ্ষ, ৰুপহী অসম ।
তথাপিও মোৰ ববে মানুহ আপোন ,
যি মানুহে এই ভূখণ্ডত
বাৰে বাৰে সাজিছে কাৰেং
বিশ্ব সভ্যতাৰ |
সৃজনৰ আৱেগত হাবি কাটি নগৰ সাজিছে;
জীৱনৰ মৃত্যুদীপ্ত তীব্ৰপ্ৰেৰণাত
হৈ উচ্ছল বাৰিধি
পাৰ হৈ গভীৰ অৰণ্য
দ্বীপময় ভাৰত গঢ়িছে;
কম্বোজত সাজিছে ওঙ্কাৰ ধাম ।
আত্মাৰ আদেশ মানি
অতিক্ৰমী হিমালয় -
তিব্বতৰ বৰফস্তুপত যি মানুহে
মৈত্ৰী আৰু অহিংসাৰ
শলিতা জ্বলালে,
সে মানুহৰ দেশ,
মোৰ এই মহান স্বদেশ ।
বাৰে বাৰে আহে দস্যুদল,
স্বাতন্ত্ৰ ৰক্ষাৰ বাবে স্বদেশ আত্মাৰ
বাৰে বাৰে যুঁজিছেহ মানুহে,
ভাৰত বুৰঞ্জীৰ পাতে পাতে সনা আছে বোল তাৰ ।
কেতিয়াবা বিজয় উল্লাস, কেতিয়াবা মূক পৰাভৱ ।
তথাপি জীয়াই আছোঁ
মানুহৰ দৰে ।
জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে
মাতিছে আমাক ;
তেজেৰে আমাৰ
পানিপথ, হলদীঘাট, পলাশীৰ, শৰাইঘাটৰ
মাটি সেমেকাই
আমি তাক কৰিছোঁ গ্ৰহণ ।
ফাচীকাঠে মাতিছে আমাক,
আমি তাৰ নিমন্ত্ৰণ প্ৰ্ত্যাখ্যান কৰা নাই |
সেই বাবে ননুন ভাৰত এয়া;
ঘৰে ঘৰে আশাৰ প্ৰদীপ,
পথাৰত সোনোৱালী ধান ।
নতুন দিনৰ স্বপ্ন দুচকুত
ডেকা - গাভৰুৰ
দুবাহুত শক্তিৰ সঞ্চয় ।
বাহিৰত কিহৰ আৰাও ?
দস্যুদল দুৱাৰ দলিত ।
সাজু হোৱা দেশৰ মানুহ !
আকৌ আহ্বান ! স্বদেশ ৰক্ষাৰ বাবে
আকৌ আহিছে শুনা মৰণৰ উদগ্ৰ আহ্বান,
যি মৰণে যুগে যুগে জীৱনক কৰিছে অমৰ ।
তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে ?
এই দেশ ৰাখিব লাগিব ।
এইখন আপোনাৰ দেশ,
এইখন মৰমৰ দেশ,
এইখন মানুহৰ দেশ ।
Mor desh manuhar desh - মোৰ দেশ মানুহৰ দেশ - Poem of Debakanta barua
মোৰ দেশ মানুহৰ দেশ
উত্তৰে উত্তুঙ্গ গিৰি , দক্ষিণে সাগৰ,
শত নদী বুকুৰে বাগৰে
পাৰে পাৰে সাজে ভাঙে কত ইতিহাস
ব্ৰহ্মপুত্ৰ, গোদাবৰী, শিপ্ৰা আৰু গঙ্গা যমুনাৰ ।
সুন্দৰী ভাৰতবৰ্ষ, ৰুপহী অসম ।
তথাপিও মোৰ ববে মানুহ আপোন ,
যি মানুহে এই ভূখণ্ডত
বাৰে বাৰে সাজিছে কাৰেং
বিশ্ব সভ্যতাৰ |
সৃজনৰ আৱেগত হাবি কাটি নগৰ সাজিছে;
জীৱনৰ মৃত্যুদীপ্ত তীব্ৰপ্ৰেৰণাত
হৈ উচ্ছল বাৰিধি
পাৰ হৈ গভীৰ অৰণ্য
দ্বীপময় ভাৰত গঢ়িছে;
কম্বোজত সাজিছে ওঙ্কাৰ ধাম ।
আত্মাৰ আদেশ মানি
অতিক্ৰমী হিমালয় -
তিব্বতৰ বৰফস্তুপত যি মানুহে
মৈত্ৰী আৰু অহিংসাৰ
শলিতা জ্বলালে,
সে মানুহৰ দেশ,
মোৰ এই মহান স্বদেশ ।
বাৰে বাৰে আহে দস্যুদল,
স্বাতন্ত্ৰ ৰক্ষাৰ বাবে স্বদেশ আত্মাৰ
বাৰে বাৰে যুঁজিছেহ মানুহে,
ভাৰত বুৰঞ্জীৰ পাতে পাতে সনা আছে বোল তাৰ ।
কেতিয়াবা বিজয় উল্লাস, কেতিয়াবা মূক পৰাভৱ ।
তথাপি জীয়াই আছোঁ
মানুহৰ দৰে ।
জীৱনৰ মৃত্যুঞ্জয়ী আকুল আহ্বানে বাৰে বাৰে
মাতিছে আমাক ;
তেজেৰে আমাৰ
পানিপথ, হলদীঘাট, পলাশীৰ, শৰাইঘাটৰ
মাটি সেমেকাই
আমি তাক কৰিছোঁ গ্ৰহণ ।
ফাচীকাঠে মাতিছে আমাক,
আমি তাৰ নিমন্ত্ৰণ প্ৰ্ত্যাখ্যান কৰা নাই |
সেই বাবে ননুন ভাৰত এয়া;
ঘৰে ঘৰে আশাৰ প্ৰদীপ,
পথাৰত সোনোৱালী ধান ।
নতুন দিনৰ স্বপ্ন দুচকুত
ডেকা - গাভৰুৰ
দুবাহুত শক্তিৰ সঞ্চয় ।
বাহিৰত কিহৰ আৰাও ?
দস্যুদল দুৱাৰ দলিত ।
সাজু হোৱা দেশৰ মানুহ !
আকৌ আহ্বান ! স্বদেশ ৰক্ষাৰ বাবে
আকৌ আহিছে শুনা মৰণৰ উদগ্ৰ আহ্বান,
যি মৰণে যুগে যুগে জীৱনক কৰিছে অমৰ ।
তাৰ আমন্ত্ৰণ কোনে নেওচিব পাৰে ?
এই দেশ ৰাখিব লাগিব ।
এইখন আপোনাৰ দেশ,
এইখন মৰমৰ দেশ,
এইখন মানুহৰ দেশ ।
Mor desh manuhar desh - মোৰ দেশ মানুহৰ দেশ - Poem of Debakanta barua
Abdul Alim
ReplyDeleteধুনীয়া কবিতা। কিন্তু কবিজন আছিল "ইন্দিৰা ইজ ইন্দিয়া" 😖
ReplyDelete