অজেয় - চন্দ্ৰকুমাৰ আগৰৱালা



হে নিয়তি, তই যদিও দুখৰ
পিহনিশিলত থই
ভাঙিলি মোৰ জীৱন শস্য
চূৰ্ণবিচুৰ্ন কৈ,

বাৰু চাবি মোৰ চকুলোৰে তাকে
সানিপুটকী লই
বান্ধিম আশাৰ পিঠাপনা লাৰু
-   ভুঞ্জি নিচুকিব অই |
সহস্ৰ হৃদয়যালৈ নেমেলে
পথাৰৰ শস্যয়ো থোক
তিতিকি কেতুৰি বনখাৰধিও
মিলক বা নিমিলক ?

হে নিয়তি তই,
ফুটন্ত জীৱন মোৰ
ভসম কৰিলি ধুলি উৰুৱালি
গচকি পেলালি ওৰ,

হেৰ চা
চাওঁতে চাওঁতে উপচি পৰিল
ফুলে পাতে (মোৰ ) কুঞ্জলতা
স্নিগ্ধ প্ৰেমৰ জীবন দায়িনী
শাখা প্ৰশাখা-যুতা,
সহস্ৰ হৃদয় জিৰাব ইয়াতে
-   ফুলিব মৰুৰ মাজে
' নাছিল একোৱেই কঠুৱা কালৰ

কাঁইট-কলিত বাজে !

3 comments:

  1. কবিতাটোৰ মূলভাব

    ReplyDelete
    Replies
    1. অজেয় কবিতাটোৰ মূলভাৱ

      Delete
    2. মূল ভাৱ

      Delete