অজেয় - চন্দ্ৰকুমাৰ আগৰৱালা



হে নিয়তি, তই যদিও দুখৰ
পিহনিশিলত থই
ভাঙিলি মোৰ জীৱন শস্য
চূৰ্ণবিচুৰ্ন কৈ,

বাৰু চাবি মোৰ চকুলোৰে তাকে
সানিপুটকী লই
বান্ধিম আশাৰ পিঠাপনা লাৰু
-   ভুঞ্জি নিচুকিব অই |
সহস্ৰ হৃদয়যালৈ নেমেলে
পথাৰৰ শস্যয়ো থোক
তিতিকি কেতুৰি বনখাৰধিও
মিলক বা নিমিলক ?

হে নিয়তি তই,
ফুটন্ত জীৱন মোৰ
ভসম কৰিলি ধুলি উৰুৱালি
গচকি পেলালি ওৰ,

হেৰ চা
চাওঁতে চাওঁতে উপচি পৰিল
ফুলে পাতে (মোৰ ) কুঞ্জলতা
স্নিগ্ধ প্ৰেমৰ জীবন দায়িনী
শাখা প্ৰশাখা-যুতা,
সহস্ৰ হৃদয় জিৰাব ইয়াতে
-   ফুলিব মৰুৰ মাজে
' নাছিল একোৱেই কঠুৱা কালৰ

কাঁইট-কলিত বাজে !

7 comments:

  1. কবিতাটোৰ মূলভাব

    ReplyDelete
    Replies
    1. অজেয় কবিতাটোৰ মূলভাৱ

      Delete
    2. মূল ভাৱ

      Delete
    3. মূলভাৱ দিব আশা কৰিলোঁ 🙏

      Delete
  2. চন্দ্ৰকুমাৰ আগৰৱালাৰ অজেয় কবিতাৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰা বহলাই

    ReplyDelete
  3. কবিতাটোৰ মুলভাব

    ReplyDelete
  4. অজেয়” কবিতাটোৰ মূলভাব
    চন্দ্ৰকুমাৰ আগৰৱালাৰ “অজেয়” কবিতাটোত মানুহৰ অদম্য মনোবল, আশাবাদ আৰু জীৱনসংগ্ৰামৰ শক্তিৰ প্ৰকাশ ঘটিছে। কবিয়ে নিয়তিক সম্বোধন কৰি কৈছে যে নিয়তিয়ে তেওঁৰ জীৱনত বহু দুখ-কষ্ট আৰু আঘাত আনিছে। যেনেকৈ শিলত শস্য পিহি চূৰ্ণ-বিচূৰ্ণ কৰা হয়, তেনেদৰে নিয়তিয়ে তেওঁৰ জীৱনকো বিধ্বস্ত কৰি পেলাইছে। কিন্তু ইমান দুখ-কষ্টৰ পিছতো তেওঁ ভাঙি নপৰে বা হতাশ নহয়।
    কবিৰ দৃঢ় বিশ্বাস যে দুখ আৰু বেদনাই মানুহক সম্পূৰ্ণৰূপে পৰাজিত কৰিব নোৱাৰে। তেওঁ নিজৰ চকুলোৰে দুখৰ চূৰ্ণক সানি নতুন আশাৰ “পিঠা-পনা-লাৰু” গঢ়াৰ কথা কৈছে। ইয়াৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে মানুহে দুখ-কষ্টকো জীৱনৰ নতুন শক্তি আৰু প্ৰেৰণালৈ ৰূপান্তৰিত কৰিব পাৰে।
    কবিতাৰ শেষাংশত কবিয়ে কয় যে নিয়তিয়ে তেওঁৰ সেউজীয়া, ফুলে-পাতে ভৰা জীৱন ধ্বংস কৰি দিলেও সেই ধ্বংসস্তূপৰ মাজতেই পুনৰ নতুন জীৱনৰ উন্মেষ ঘটিব। য’ত আগতে একো নাছিল, তাতো ফুল ফুলিব, মৰুভূমিতো সেউজীয়া জীৱনৰ সৃষ্টি হ’ব। অৰ্থাৎ ধ্বংসৰ মাজতো সৃষ্টিৰ বীজ লুকাই থাকে।
    সেয়ে এই কবিতাৰ মূল বক্তব্য হ’ল— মানুহৰ সাহস, আশা, অধ্যৱসায় আৰু সৃষ্টিশীল শক্তি ইমানেই শক্তিশালী যে নিয়তিৰ কঠোৰ আঘাতেও তাক পৰাজিত কৰিব নোৱাৰে। মানুহেই প্ৰকৃত অৰ্থত অজেয়।

    ReplyDelete