Some poems by Lakshminath Bezbaruah - লক্ষীনাথ বেজবৰুৱাৰ কবিতা

অবশেষ


ফুলিল মালতী, ফুলি সৰি গ'ল,
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰ'ল ।
ভাগি গ'ল বীণখনি, ছিগি গ'ল তাঁৰ,
ৰই গ'ল অৱশেষ অমিয়া জোকাৰ ।

পঞ্চতত্ত্ব লীন হ'ল তৰুণী সুন্দৰী,
মধুৰ হাঁহিটি মাথোঁ থাকি গ'ল পৰি ।
মাৰ গ'ল দ্বিতীয়াৰ জোনৰ জীৱন,
থকি গ'ল মধুৰতা কিৰিশ কিৰণ ।

সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গ'ল বলি,
মৃদুল হিল্লোল ৰ'ল হৃদয় আকুলি ।
আকাঙ্খাৰ অধীৰতা, উদ্বেগ হিয়াৰ
বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ ।

লাহে লাহে আঁতৰিল, ৰ'ল প্ৰতিধ্বনি
সুৱাগ সমল গ'ল, থাকিল বিননি ।
ধন গ'ল, জন গ'ল, গ'ল ক্লায়কেশ,
সুখ্যাতি-অখ্যাতি ৰ'ল আত্মা অৱশেষ ।


বসন্ত

মালতী ফুলিল, সেউতী উঠিল,
কেতেকী গা-মুৰি দিলে,
সুৰীয়া কুলিয়ে গল কঁপাই গাই
বননিৰ বাতৰি দিলে |

বকুলে সিঁচিলে তৰা একোকণি
মদাৰে খেলিলে ফাঁকু,
যুতি ফুলজুপি নিশাহ এৰিলে
পদুমে মেলিলে চকু |

থুৰিত কৰবীয়ে সাঁচিলে মৌ টুপি
ভুমিয়ে মেলিলে চঁপা,
চৰাই হালধীয়া মৌ মতলীয়া
উলটি কৰিলে কৃপা |


মালতী

পূবৰে দত        চিক্মিক্কৰিছে
     লুইতৰে পাৰৰে বালি;
আকশত উড়িছে      তেনে চিকেমিকাই
     বগলি জাকৰে লালী |
পাৰতে হুয়াৰ      ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল,
মালতীৰ হাঁহিতে দাঁতে চিকেমিকাই
দেখোঁতেই অমোলমোল |
লুইতৰ কুৱৰী       নহয় মালতী
নহয় তেওঁ ফুলৰে ৰাণী:
আকশী পোহৰৰ           নহয় তেওঁ প্ৰতিমা,
নহয় তেওঁ বীণৰে বাণী
পৰ্বতৰ জীয়ৰী       সুন্দৰী গৌৰী
সাঁচত মোৰ মালতী নাই;
নুশুঙা ফুলটিৰ      নুফুলা কলিটিৰ
মালতীত তুলনা পায় |
ভৱৰে প্ৰতিমা       ভাৱতে বাঢ়িছে
ভাৱতে বেহানি কৰে;
বুকুৰে ভিতৰত            চেনেহৰ সঁফুৰাত
মালতীৰ চেনেহকণ চৰে |
চাম মই মালতীক     ওৰে জীৱন জুৰি
থম মোৰ বুকুতে বান্ধি;
মালতীৰ হাঁহিতে      হাঁহিটি  মিলাই মই
থাকিম কান্দোনত কান্দি |
চেনেহী মালতীৰ      কোলাত থৈ মূৰটি
মুদিম দুই চকুৰে পটা;
নিঠুৰ এই জগতৰ     মেলানি মাগি
ঢুকাব সকলো কথা |


নিকুঞ্জ লতা সপোন মগন

নিকুঞ্জ লতা         সপোন মগন
     বাঁহীৰ অমিয়া পি,
বসন্তই বঢ়ালে        সপোনৰ ৰাগী
মূৰত হাত বুলাই দি |
মলয়া বতাহে        লতাটি জগালে
মেলিলে ফুলৰে চকু,
জোনায়ে ঢালিলে      সুধাৰ নিজৰা
উপচি পৰিল বুকু ।



বৃন্দা-চন্দ্ৰাৱলী সংবাদ

চন্দ্ৰা ঃ Now look here Brinda বাই,
                                            go tell him go : -
          মই ৰাধা নহওঁ, বাঁহী বাই নচুৱাব মোক so !
          Let him go to Radha's Bower
                                        here no চালাকি ।
          ইমান পাতল নহয় চন্দ্ৰা, ভালৰ জীয়াৰী নহয় কি?

বৃন্দা ঃ হ'ব পাৰা ভালৰ জীয়াৰী, হ'ব পাৰা গধুৰ
          But why abuse our Radha?
                                     what is her কচুৰ ?
           হাক দিলেও, কলাই বাঁহী বজাবলৈ নেৰে ।
           Aweful naughty that boy
                                   ৰাধাক বলিয়া কৰে ।

চন্দ্ৰা ঃ Steel the flute, pay him back in his
                                                    own coin;
          ফুটাকেইটাত মাটি সুমাই মাৰি দিয়াঁ তাৰ জইন ।

          That's the way to put an end to that
                                                         nuisance.

          যোৱাঁ । বৃন্দ যোৱাঁ লক্ষী । pray have no

                                                        nonsence .



প্ৰেম

ব্ৰহ্মাণ্ডৰ সত্ব যিটো পৰিছে নিজৰি;
ইৰি-বন গছ-লতা সচেতন কৰি;
অমৃত হাঁহিৰ ৰং ফুলত ফুলায়;
যি শকতি প্ৰভাৱত মন্দাকিনী যায়;
অণু-পৰমাণু মিলে আকৰ্ষি অন্তৰ;
পৃথক আতমা মিলি হয় একেশ্বৰ;
ব্যৱধান ক্ষয় হয়, ওচৰে আঁতৰ;
অব্যক্ত বেকত; গুচে আত্ম পৰ;
সৰ্বঙ্গে সৰ্বাঙ্গ লয়; জীৱনে জীৱন;
আনন্দে আনন্দ, মহনন্দৰ সৃজন;
সংজ্ঞাৰ অতীত শক্তি, বিশ্বব্যাপী কায়;
ক্ষণিক সম্ভোগে যাৰ দেবত্ব মিলায়;
মৰু বুৰে, শিল পমে, বিন্দুৰ পৰশে;
প্ৰেম আখ্যা মহাশক্তি জগৎ প্ৰকাশে

More poems here


Saturday Sketch 005 - Flowers in a crystal glass

This minimalistic drawing with loose lines of flowers with leaves and stalks in a crystal glass with water is drawn with micron 0.5 black pen on A5 matte white photo paper of 250 gsm thickness.


Drawing Tutorial 005 - Drawing male face in front view



1. The basic oval of the face in front view remains same. Mark the horizontal eyeline and vertical divider. Mark the position of the nose, mouth and position of eyes. The eyebrows in case of a male is generally little thicker and straighter than that of female.

জুনুকা - হাতী আৰু সাপ

লক্ষীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা শিশু সাহিত্য জুনুকাৰ অন্তিমখন গল্প আজি প্ৰস্তুত কৰা হ'ল ।

হাতী আৰু সাপ

এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল | হাতীটোক ৰজাই ইমান ভাল পায় যে সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বন্ধাই নথয় | সেইদেখি সি মুকলি হৈ চৰি ফুৰে; কিন্তু কাৰো একো অপকাৰ নকৰে | তাৰ দোষৰ ভিতৰত ৰজাৰ মৰম পাই সি বৰ গপাল হৈ পৰিছিল | এদিন সি বাটে বাটে গৈ থাকোঁতে দেখিলে যে মাজে বাটতে এটা গোম সাপ গা দাই পৰি আছে | সাপটোৱে ভাবিলেসি ডাইলগোম, তালৈ ভয় নকৰা প্ৰাণী নাই | এতেকে সিনো মাজবাটৰ পৰা উঠি গৈ একাষৰীয়া হৈ হাতীটোক বাট এৰি দিব কিয় ? হাতীটোৱেইচোন কাষৰ কাটি যাওক | ইয়াকে ভাবি সি ফেট তুলি ফোঁচ ফোঁচাবলৈ ধৰিলে | কিন্তু এচুলিমানো তাৰ পৰা নলৰিল | হাতীটোৱে ভাবিলে ভালা ৰে ভালামই হলো ৰজাৰ মৰমৰ গজহস্তী, এইটো ৰবাৰ টোকোনা সাপ | বনে ঘাঁহে চুঁচৰি চোৰৰ দৰে লুকাই ফুঁৰোতে তাৰ জন্ম গৈছে | সিনো মই হেনো পুৰুষক বাট এৰি নিদিব কিয় ? নিদিয়ে যদি একে গচকতে তাৰ পেটু উলিৱাম নহয় |” ইয়াকে ভাবি হাতীটোৱে কেৰেপকে নকৰি আগবঢ়ি আহি সাপৰ গাত গচক মাৰি দিলে | সাপেও তাক ভালকৈ তিনি-চাৰি খোঁট লগালে | হাতীটোৰ গাত বিষ লাগি দুখোজমান গৈয়েই সি পৰি মৰিল | সাপেও হাতীৰ গচকত পেটু নাড়ী ছিগি মৰি থাকিল |
হাতীটো বততে মৰি থকা দেখি এটা শগুনে শটো খাবৰ মনেৰে খুঁটিয়াই খুঁটিয়াই পেটৰ ছালখন ফুটাই বিন্ধা এটা কৰি হাতীটোৰ পেটত সোমাল | শগুনে পেটত সোমাই হাতীৰ মঙহ খাই থাকোঁতে, সি কৰা বিন্ধাটো দত শুকাই মুদা মৰিলত, সি হাতীৰ পেটৰ ভিতৰতে মৰিল |
ঘোং নামৰ ব্যাধ এটা সেই বাটেদি চিকাৰ কৰিবলৈ যায় | দঁতাল হাতীটো বাটতে মৰি পৰি থকা দেখি দাঁতযোৰ কাঢ়ি উলিয়াই লৈ লে বেচি ভালেমান টকা পাব ভাবি, দাঁত এটা দাৰে কাতি কাটি টানি এটা বৰ আজোৰ মৰাত ভট্কৰে দাঁতটো উঘাল খাই আহি তাৰ পেটত বেগেৰে খোচ লাগি আগটো সোমালত সি তাতে পৰি মৰি থাকিল | এটা হালোৱা মানুহে ওচৰৰ পথাৰত হালবাই থাকোঁতে এই ঘটনাটো আগৰে পৰা গুৰিলৈকে চাই আছিল | ব্যাধটো মৰাৰ পিছত সি লাহেকৈ হালখন এৰি মৰা হাতীটোৰ ওচৰলৈ আহি এই ফকৰাটো মাতিলে
গপত মৰিল গজহস্তী,
ফোকাৰাত মৰিল গোম |
খাওতে শগুন মৰিল,
আঁজোৰত মৰিল ঘোং |”
ডাঙৰেই হোৱা, সৰুৱেই হোৱা, গৰ্ব নকৰিবা |
গৰ্ব কৰিলে খৰ্ব হৈ বিপঙে মৰিবা |