Some famous poems of Amulya Baruah


Amulya Baruah has written some very intriguing poems about the dark side of the society and men's nature. Here are some of his finest creations.

আন্ধাৰৰ হাহাকাৰ


হেমন্তৰ সেমেকা সন্ধিয়া
পশ্চিমৰ আকাশৰ এক প্ৰান্তৰত জ্বলা
শেহৰ পোহৰে চুমে
কোলাহল ধৰণীৰ মৌন অন্ধকাৰ৷
শীতৰ পৰশ পাওঁ পাওঁ
পাত সৰা গছবোৰ
পৃথিৱীৰ ওপৰত থিয় হ’ই
হা-হতোস্মিৰ সুৰে আৰ্তনাদ কৰি
প্ৰকাশিছে অন্তৰৰ গভীৰ হতাশা ৷
সিহঁতৰ হতস্তম্ভ জীৱনৰ কৰুণ ট্ৰেজেডি;
দুদিন পিছতে যেন মৃত্যুৰ কৰাল গ্ৰাসে ধৰিব আৱৰি৷
আকাশৰ পূব প্ৰান্তৰত
কিবা এটা চাঞ্চল্যৰ মৃদুল স্পন্দন,
জীৱন-সৃষ্টিৰ এটা নতুন উল্লাস ।
নীলিম আকাশ
দূৰ-দূৰান্তৰ জিনি নীলা ৰং ঢলা ৷
তাৰ মাজে মাজে
ইপিনে সিপিনে
এটুকুৰা দুটুকুৰা ছিগা-ভগা ক’লা ডাৱৰৰ
শক্তিহীন চাব৷
অদূৰতে ডাৱৰৰ অলপ পিছতে
আঁৰ লই লই জ্বলে ৰূপালী জ্যোতিৰ শিখা-
জনহীন প্ৰান্তৰৰ
দেশহীন, মাটিহীন
শূন্যৰ কোলাত উঠা
নৱমীৰ নতুন জোনটো৷
হাঁহি হাঁহি পাৰ ভাঙি ঢালি দিব খোজে তাৰ
জোনাকৰ ঢল৷
তলৰ পৃথিৱী হয়
অলপ পোহৰ৷
খাল, বিল,
নৈ, জান, জুৰি
ঘিণ লগা গোন্ধত অত্কাৰ
মহানগৰীৰ দাঁতিয়েদি বৈ যোৱা যত
ড্ৰেইন্ আৰু নৰ্দমাৰ জল৷
খন্তেক উজলি উঠে
নিজ ৰূপ ঢাকি আন্ধাৰৰ আঁচলত
জিল্ জিল্ কৰি৷
আকাশৰ মহোৎসৱ-
অকল জোনেই নহয়,
ৰাশি ৰাশি তৰাবৃন্দ
ৰাশি ৰাশি নক্ষত্ৰৰ আলোক-উৎস;
সজায় দীপালী যেন
সৰ্ব্ব্যাপ্ত মহাদিগন্তৰ
কক্ষে কক্ষে
উকি মাৰি মাৰি৷
মই যাওঁ পৃথিৱীৰ মাটিৰ মানুহ
মাটিয়েদি খোজ কাঢ়ি কাঢ়ি
বাস্তৱৰ বিকৃত বিপদে ঢকা
মোৰ প্ৰতিকৃতি
সেই অন্ধকাৰ বাটটোত
অকলে অকলে ;
শান্তিহীন, শ্ৰান্তিহীন
মহাসমৰৰ দাবানলে পোৰা
পৃথিৱীৰ শ্মশানত
ভয় লগা স্পিৰিটৰ দৰে ৷
শক্তিৰ কঁপনি উঠে
অন্তৰৰ আঁহে আঁহে,
বিদ্ৰোহ-অগনি জ্বলে চকুৰ শিখাত,
বিদগ্ধ বিধ্বস্ত স্তূপত মোৰ
নতুন সৃষ্টিৰ
প্ৰতিজ্ঞাৰ অটল বিশ্বাস থাপি;
ভাবৰ বুকুত
মুহূৰ্ত্তৰ ভিতৰতে গুৰি কৰি
লক্ষ লক্ষ শতাব্দীৰ so-called সভ্যতাৰ বিলাস-বৈভৱ ।
এবাৰ জোনটো ডাৱৰে ঢাকে ৷
পৃথিৱীৰ বুভুক্ষিত হতভগা দলে
চেপি ৰখা হাই-উৰুমিৰ
নাকত লাগেহি মোৰ তপত নিশ্বাস
বিকৃত গোন্ধৰ কিবা নৱ আৱিষ্কাৰ !
সিহঁতৰ খকা খুন্দা লাগি যায়
আন্ধাৰৰ আঁৰালত গছৰ তলত
- কোনোবা মানৱৰ প্ৰসাদৰ
উচ্ছিষ্ট যচা প্ৰসাদৰ বাবে
দানৱৰ হিংস্ৰ তীব্ৰ ক্ষুধা !
মোৰ ভৱিষ্যৰ সমাজৰ সংস্কাৰ কৰা,
নতুন জগত গঢ়া
বিদ্ৰোহী কল্পনা যায় মিলি
সিহঁতৰ জৰাকীৰ্ণকায়াৰ ছাঁয়াত৷
হায়,
সৰু সৰু অশৃঙ্খল
মানুহৰ জীৱনেৰে সিহঁতো এজাক
নিষ্পেষিত, ৰুক্ষ, শুষ্ক অনাথৰ দল !
সিহঁতে হাঁহে
বিকৃত চিয়ঁৰ মাৰি
আন্ধাৰৰ শূন্যতাত
সিহঁতৰ বগা দাঁতবোৰ নিকটায়
তাৰ পিছত- অসম্ভৱ !
ধূলিৰ জোঁৱাৰ তুলি
মুঠি মুঠি জাৱৰৰ হোলি খেলি খেলি
প্ৰচণ্ড ধুমুহা তোলে
‘মাৰ কাট্ খা’ ৰ
ভয়ঙ্কৰ হুলস্থূল ৷
এনেতে
জীৱনৰ অতিৰিক্ত মমতাৰ অন্ধতাত
জোনৰ পোহৰে সানে চেকা৷
জোনটো ওলায়৷
সিহঁত নিস্তব্ধ হই যায় !!
সিহঁতৰ আন্ধাৰ
হাঁহিৰ হুঙ্কাৰ
‘মাৰ কাট্ খা’ ৰ
নৃত্য-প্ৰহেলিকা?
সিহঁতৰ জীৱনৰ অধিকাৰ
আন্ধাৰৰ আসুৰিক দুৰ্বলতা,
নীচতা, দীনতা,
প্ৰেতাত্মাৰ গোপন অভিসন্ধি
তল পৰি যায় ৷
ধৰণীৰ আনন্দৰ পোহৰত যেন
এইখন মৰা দানৱৰ সাৰশূন্য দেশ !
জোনৰ পোহৰে
সিহঁতৰ নিৰ্মম নগ্নতা ঢাকি
মাৰ যোৱা বাস্তৱৰ আন্ধাৰত তৰে
সৌন্দৰ্য্যৰ মৰীচিকাময় জিল্মিল চিকুণ সপোন৷
আৰু মই?
বাস্তৱৰ ৰহস্যৰ আত্ম-বিস্মৃতিত পৰি
থাকোঁ চাই
সিহঁতৰ ক’লা ক’লা লেতেৰা জীৱনবোৰ
সিহঁতৰ আন্ধাৰৰ হাহাকাৰ
আৰু

জোনাকৰ পৰিহাস ।।



কুকুৰ



সউদল কুকুৰ
প্ৰত্যেকটো ৰাস্তাৰ
আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে
সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে
ৰস নাইকিয়া শুকান একোডোখৰ
জাতি-বৰ্ণবিচাৰ নোহোৱা হাড়;
নাইবা কোনোটোৰ মুখত
ফুটা জোতাৰ একো টুকুৰা লেকেটা চামৰা।
দুই-এটা ভাগ্যৱানৰ বাহিৰে
চুৱা-পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাটন।
সিহঁতৰ পাছে পাছে ফুৰিছে
গাৰ ছাঁৰ দৰে আন্ধাৰ বুভুক্ষা।
ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায়।
"অহিংসা পৰম ধৰ্ম"
সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ, হিংসামত্ত সমাজত
ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম!
যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত
ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।
ক্ষুধাৰ তাড়না,
লোভৰ লেলাৱতি
আৰু চোকা দাঁতৰ কুট্ কুটনিত,
নীৰস হাড় আৰু লেকেটা চামৰাও হয়
সিহঁতৰ বাবে
সৰস আৰু ‘প্ৰটিন’ৰ দৰে কোমল।
ইমান তৃপ্তি সিহঁতৰ!
দাঁতত পেলাই চোবোৱাৰ
নানা কৌণিক ভংগিমাৰে
সিহঁতে যেন আৰু জটিল কৰি দিয়ে
সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন-
"আমি কেৱল খাবৰ বাবে জীছোঁ নে
আমি জীৱৰ বাবে খাইছো?”
কিন্তু, “খোৱা, পিয়া আৰু স্ফূৰ্তি কৰা"
খাবৰ বাবে জী থকাৰ প্ৰত্যেকটো আহিলাৰে যে
সিহঁতৰ অভাৱ!
জীৱৰ বাবে খাবলৈ
খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ!
এনেকৈয়ে সিহঁতে মৃত্যুক নিজে মাতি মৰিব,
সিহঁত নিৰুপায়!
সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে
কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা;
আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য-চন্দুক বিশ্বাসী প্ৰহৰী
পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা
সকলোৱে সিহঁতক উপলুঙা কৰে;
এইখন পৃথিৱীত কি যে কূট চক্ৰান্ত!
এই দল খাবলৈ নোপোৱা কুকুৰ
ইহঁত নিম্নবংশ জাত।
কিন্তু আৰু এদল আছে
সেই দল কুকুৰে খাবলৈ পায়,
সিহঁত উচ্চ বংশজাত।
সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত
গঢ়ি উঠিছে
এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা।

দুয়ো দলৰ নাম কুকুৰ ।।


বেশ্যা 


কুৰি শতিকাৰ যান্ত্ৰিক যুগৰ সভ্যতাৰ
তায়ো এজনী মানুহ ।
তেজ, মাংস, অস্থি, চৰ্ম, স্নায়ুৰে ভৰা
যন্ত্ৰমান দেহ পিঞ্জৰাটোৰ মাজত
বায়বীয় জীৱটোৰ
আৱশ্যকীয় ভোকৰ ভাত আৰু পিয়াহৰ পানীৰ
অভাৱটোৱেই যেতিয়া চুড়ান্ত
আৰু তাৰ বাবেই যেতিয়া এমুঠি টকাৰ প্ৰয়োজন
আত্ম-সন্মানৰ দাম্ভিক চক্‌চকীয়া মুখা পিন্ধা
ৰায়চাহেব শৰ্মা, খানবাহাদুৰ ইকবাল
ই এ চি ফুকনৰ বুকুতো যেতিয়া
তেওঁলোকৰ ঘৰৰ ডিঙিত শিকলি দিয়া বিলাতী কুকুৰটোৰ দৰে
চেপি ৰখা দুৰন্ত কামনাৰ তাড়না
আৰু তাৰে চৰিতাৰ্থৰ বাবেই চোৰৰ দৰে আন্ধাৰৰ আঁৰ লৈ
তাইৰ ঘৰলৈ সিঁহতৰ গোপন আগমন -
এটোপা সুৰা আৰু 'ছাকী'ৰ চাকনৈয়াত উটি
ওমৰৰো যেতিয়া জীৱনৰ নিগূঢ় কৰুণতাৰ 
দাৰ্শনিক ব্যখ্যা দিয়াৰ একান্ত অধিকাৰ
সমাজৰ ব্যভিচাৰত কক্ষচ্যুত,
অৰ্থনৈতিক সমস্যাত জলাকলা
পৰমুখাপেক্ষী মৰিবলৈ ধৰা তাইৰ জীৱনটোক
আত্মসন্মান, নাৰী পৱিত্ৰতাৰ বিৰাট প্ৰবঞ্চনাৰে ঠগি
তিলে তিলে জহি যাবলৈ দিয়া অৰ্থহীন কৌতুকটোক
তাই তাইৰ আৱশ্যকতাহীন জীৱনটোতকৈয়ো বিড়ম্বন বুলি ভাবে
সেয়েহে হয়তো
সুৰা গান আৰু নৃত্যৰ মজলিছৰ আৰাম 'কামৰাত'
পৃথিৱীৰ বোকাৰে সজা দেহা বেচি
তাই হল নৃত্যৰতা কামৰতা, কলুষ বেশ্যা
আজিৰ নগন্য আত্মসন্মানৰ ভীৰুতাক বিসৰ্জন দি
তাই বছি ল'লে জীৱনৰ এটি সহজ নিশ্চিন্ত উপায় ।
কিন্তু সিমানো সহজ নহয় ।
তাৰ বাবে তাইক লগা হ'ল বিশ্ব বিখ্যাত মনোবিজ্ঞান বৈশ্লেষণিক পণ্ডিত
ফ্ৰয়েডৰ,
যৌণ তাত্ত্বিক হেভলক্‌ ইলিচৰ
যৌণ তত্ত্বৰ ক খ গ ৰ জ্ঞান ;
গৰ্ভৰোধ, গৰ্ভপাতৰ কিছুমান সহজ উপায়;
বাৎসায়নৰ কাম-শাস্ত্ৰৰ প্ৰেমাভিনয়ৰ কিছুমান উন্নত মনোৰঞ্জক লাস্য,
অৰিয়েণ্টাল নৃত্য আৰু সঙ্গীতৰ নিখুঁত সুৰ আৰু ভঙ্গিমা
তানপুৰা আদি বাদ্য যন্ত্ৰৰ এটা পুৰা 'ছেট' ;
সেমেকা সন্ধিয়া গৰম কৰা Red sealed XXX Ram ৰ
কিছুমান ৰঙা বটল ;
বেঙ্গল কেমিকেল কোম্পানীৰ সুগন্ধি প্ৰসাধন ;
কমলালয়ৰ কেইখনমান আকাশী ৰঙা শাৰী ;
আৰু কত কি ?
- তাইৰ বাবেই নহয়,
এই বিলাক 'চব' সিঁহতৰ বাবে ।
সিঁহতক লাগে কেৱল আনন্দ
কেৱল কামনা তৃপ্তিৰ কোলাহল পূৰ্ন মাতলামিৰ মন বোৱতি সূঁতি  ।
আৰু তাইৰ যেনিবা সিঁহতৰ
টোপনিৰ পৰা উঠা অলস চিন্তাৰ একাপ গৰম মিঠা চাহ,
টকাৰ এৱাঁ সূতাৰে টনা এটা নিষ্প্ৰাণ কাঠৰ পুতুলা নাচ
তাইৰ নাই ভাগৰ , তাইৰ নাই কোনো ক্লেশ ;
তাইৰ জীৱনৰ সহজ গতিটোৰ
ৰূদ্ধ হৈ যোৱা স্বাভৱিক প্ৰসাৰতাৰ প্ৰতি সিঁহত অন্ধ ।
প্ৰগতিশীল 'ইনটেলেক্‌ছুয়েল' কবি মি: বৰুৱাই হয়তো নিৰ্ভীক
ভাৱেই কয় ;
এই বৰাঙ্গনা কাৰাগাৰে সমাজৰ যিমানেই অনিষ্ট  নকৰক
মই গৌৰৱ কৰোঁ
ভাৰতৰ দুটা পুৰণি ৰত্ন আজিও সিঁহতে জীয়াই ৰাখিছে,
অৰিয়েণ্টাল ডান্‌চ আৰু অৰিয়েণ্টাল মিউজিক্‌ ।
সিঁহত নোহোৱা হ'লে একেবাৰে লোপ পালেহেঁতেন  ।
অৰ্থনীতিৰ অধ্যাপক ব্যনাৰ্জীয়ে হয়তো ক'ব ;
ভাৰতৰ বৰ্তমান অৰ্থ-নৈতিক অৱস্থাত ইঁহত অৱস্ম্ভাৱী
ইঁহতৰ জন্ম কোনো বিদ্যুত প্ৰৱাহো নহয়,
বজ্ৰপাতৰ আকস্মিক আঘাতো নহয় ।
'অমৃত বাজাৰ'ৰ সম্পাদকে সেয়েহে হয়তো আমাক বাতৰি যোগায়
অকল কলিকতা মহনগৰীতে ৪৫ হজাৰৰো ওপৰ
গৱৰ্ণমেণ্টক কৰ শোধোৱা
(চমৎকাৰ গৱৰ্ণমেণ্টৰ ধন উপাৰ্জনৰ পথ)
আৰু বা ক'ত বে-আইনী বেশ্যাৰ বাস ।
কিন্তু সিঁহতৰ বে-আইনী ব্যৱসায়ত নাই
'মুনাফাখোৰ' পণ্ডিত সিঙৰ
১০০ টিং চোৰাং মিঠাতেলৰ লাভৰ অংশ
বা মন্ত্ৰী আলিল চাহাবৰ ভাতিজাক
টেক্স্‌টাইল চুপাৰিণ্টেনডেণ্ট আশ্ৰফ আলিৰ
গোপন সন্মতি গ্ৰাহী ক'লা বজাৰৰ চোৰাং ধনৰ ভাগ ;
নাইবা মৰা অসমীয়াৰ পচা জঁকা টানি
অসমৰ উৰ্বৰা পতিত মাটিত জাকে জাকে পমুৱা শগুনৰ
অক্ৰমণমূলক বে-আইনী দখল ।
তাইৰ মৰ্জিত অৰ্জন মাত্ৰ
চৌখিন ধনীৰ যুক্তিসন্মত ব্যয়ৰ এটা নগন্য অংশ,
তাইৰ ওঁঠত নাই নিষ্পেষিতৰ বুকু শোহা
কেঁচা তেজৰ নিলাজ চেকা ।
আছে মাথোঁ বিলাসী ধনীৰ মোনাৰ টকাৰে কিনা
লিপ্‌ ষ্টিকৰ সমুজ্জ্বল ৰং
তথাপি তাইক সকলোৱে ঘিন কৰে, হাঁহে,
হায় লাঞ্ছিতা বেশ্যা ।
কিন্তু আন্ধাৰৰ আঁৰৰ কামুক ভদ্ৰবেশী দস্যুৰ দল
পোহৰত ইমান জিলিকা ।
হুইটমেনে অৱশ্যে কান্দে,
এজনে কান্দে তাইৰ সৌন্দৰ্যৰ জঁকাটোত
কৃত্ৰিম প্ৰসাধনৰ অত্যাচাৰেৰে
ঈশ্বৰৰ সুন্দৰ সৃষ্টিত আনৰ মন-যোগনীয়াৰ হ'বৰ বাবে,
দুটা টকা অহাৰ বাট মুকলি ৰখাবৰ বাবে
ধুনীয়া বোলাবৰ হাঁহি উঠা বাসনাটো দেখি ।
ইজনে কান্দে পতিতা 'গাভৰু ওঁঠৰ লালিমাৰ' বাবে
তেওঁৰ উদভ্ৰান্ত প্ৰেমিক হৃদয়ৰ মানৱীয় কামনাৰ পলাশ জুইত
উৰণীয়া চগাৰ দৰে আত্ম আহুতি দিয়াৰ নিমন্ত্ৰন জনাই
তেওঁ কান্দে কুৰি শতিকাৰ নিৰ্ভীক দেৱদাসীৰ বাবে ।
অজন্তা ইলোৰাৰ ৰূপদক্ষ শিল্পীৰতো তাই এক অভাৱনীয় প্ৰয়োজন
উলঙ্গ নাৰী-সৌন্দৰ্য্যৰ সাধনাৰ গোপন কক্ষত
তাইয়ে জীৱন্ত সৌন্দৰ্য্যৰ চিৰ-নতুন প্ৰতীক ।
আৰু এই সংগ্ৰাম্লিপ্ত কামনৰ আগত উছৰ্গিত
খাকী জীৱনবিলাক উন্মত্ত কাম বুভুক্ষাৰ পথত
তাই এক সামাজিক শৃঙ্খলাৰ শাসক ।
কিন্তু সমাজৰ ধৰণীধৰ দলেই তাইক ভয় কৰে আটাইতকৈ বেচি ;
দেশদ্ৰোহী, জাতিদ্ৰোহী, সমাজদ্ৰোহী তাই,
অগ্নিক সাক্ষী কৰি লোৱা কত পতিব্ৰত স্ত্ৰীৰ
মদ্যপায়ী জন্তু স্বামীৰ তায়ে সৰ্বনাশৰ হেতু ।
কত ভবিষ্যত দেশ গৌৰৱ, দেশ -নেতাৰ
উদভ্ৰান্ত যৌৱন মাদকতাৰ ভোগ যাচি
ক্ষয়ৰোগ, গানোৰিয়াৰ যন্ত্ৰনাত অকাল মৃত্যুৰো মূল তায়ে ।
তাতোকৈ
চৰিত্ৰৰ কৰ্ণধাৰ, সমাজৰ নীতি বিচাৰৰ ফটা-ঢোল কোবোৱা
বৰমূৰীয়া সকলৰ গোপন চৰিত্ৰৰ তাই যে কৰ্ষটিশিল ।
তথাপি তুমি মহিয়ান্‌
হে গোপন প্ৰিয়া -
কুৰিখন চাহ বাগানৰ মালিক বৰুৱা হাকিমে
হাজাৰ কুলীৰ তেজ শুহি অনা অক্ষয় ঐশ্বৰ্য্যৰ
তুমি কি শান্তি ৰূপী লক্ষী গৃহিণী
মনীষী সকলৰ তৰ্ক চক্ৰত তুমি যে এক গবেষণাৰ বিষয়
ভাৰত স্বাধীনততকৈ গুৰুত্বৰ,
চান্‌ফ্ৰাঞ্চিচকোৰ ভৱিষ্যত আন্তৰ্জাতিক পৰিকল্পনাতকৈও সমস্যাপূৰ্ণ
কোনে জানে তোমাৰ চকুত, তোমাৰ ওঁঠত, তোমাৰ দেহত
মনালিছাৰ কি ৰহস্যময় লাস্য,
সি আত্মপ্ৰতিষ্ঠা আত্ম তৃপ্তিৰ গোপন অৰ্থপূৰ্ণ হাঁহি,
নে সমাজৰ অবিচাৰ অন্যায়ৰ বিৰুদ্ধে কটাক্ষ বিদ্ৰুপ,
প্ৰতিহিংসাৰ অস্ফুটিত উত্তপ্ত লাভাৰ জ্বলন্ত ফিৰিঙতি ?
ধন্য হে কুৰি শতিকাৰ নৃত্যশীলা কোকিলা-কণ্ঠা চিত্ৰলেখা,
তোমাৰ ছলনাত
শত অনিৰূদ্ধ, অসুৰ বাণৰ ৰুদ্ধ কাৰাগাৰত বন্দী ;
দ্বাপৰ যুগৰ শ্ৰী কৃষ্ণৰ অব্যৰ্থ সুদৰ্শন চক্ৰও হয়তো
তোমাৰ আগত শক্তিহীন ।
তোমাৰ একো নাই -
আছে মাথোঁ অলস বাহুৰ এটি প্ৰাণহীন দুৰ্বল বান্ধনি,
এটি তেজ নাইকিয়া শেঁতা হাঁহি
আৰু উলঙ্গ দেহৰ উৎকট কামুকতা,
হে যান্ত্ৰিক যন্ত্ৰপ্ৰায় বিশ্বপ্ৰিয়া
কোনে কয় তুমি বাৰঙ্গনা ?
তুমিয়ে ধনীক সম্প্ৰদায়ৰ বিৰুদ্ধে বনুৱাৰ শ্ৰেণী সংগ্ৰামৰ
এটা সংকট পূৰ্ণ 'ষ্ট্ৰেতেজিক পইণ্ট'
তুমি কুৰি শতিকাৰ নগ্ন সভ্যতাৰ
নিৰ্ভীক বাৰঙ্গনা ।।



                   বিপ্লবী


আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস ;
আমাৰ আছে ভবিষ্যতৰ সুস্থ ৰঙা সূৰ্য্যৰ পিনে চকু ।
বৰ্তমানৰ নিৰালম্ব নিৰাসক্তিৰ
বিকৃত জঞ্জাল ল'ই
জীয়াৰ বুকুতামাৰ দুৰু দুৰু স্পন্দমান অন্তৰতো আছে
শতেক ভৰসা ।
গেলা দুৰ্গন্ধ, অস্বাস্থ্যকৰ
পাৰিপাৰ্শিকতাৰ ওপৰত নিৰ্ভৰ
এই ভঙ্গ, পঙ্গু, নৰক কেন্দ্ৰিক দেহৰ দুৰ্ভোগ
আমি
অন্তৰৰ গতিশীল শক্তিৰ
পৰম তৃপ্তিত
দিনে দিনে গঙ্গাস্নান কৰি
লভিছোঁ মুক্তি ।
আমি গঢ়িছোঁ নিজৰ ৰূপ,
সমাজৰ বিশ্ব মানৱৰ সুগভীৰ দৃঢ় সভ্যতা,
আমাৰ সংস্কৃতিৰ নৱ সাম্যমন্দিৰ ।
বিশ্বৰ জনসভাত ।
ৰূদ্ধ আত্মৰতি মননশীলতাৰ অন্ধ কাৰাগাৰ গঢ়ি
আমি নহওঁ "নিঃসঙ্গ সুদূৰ ।"
স্বৰ্গৰ কোনোবা নন্দন বনত
আমাৰ বাবে নাই
মৃত্যুঞ্জয়ী অমৃতৰ গোপন ভাণ্ডাৰ
আমি মানুহ -
জাগ্গতিক পঞ্ছভূত জাত আমাৰ
দীপ্তিমান শৰীৰক লাগে
নতুন মুকলি নীলা আকাশত হোৱা অৰুণোদয়ৰ
'আলট্ৰাভায়োলেট' ৰশ্মি ;
পুষ্টি সাধক অন্নৰ
তৃপ্তিদায়ক ভৰা থাল ।
তাৰ বাবে আমি উৰ্বৰা মাটিৰ কৰ্মনিষ্ঠ পূজাৰী ।
যুগ পৰিস্থিতিৰ প্ৰতীক
বস্তু আৰু আদৰ্শৰ
দ্বন্দাত্মক লিপ্ত বিপ্লবী ।।


সিহঁত তেতিয়া জীৱ


কিন্‌ কিন্‌ বৰষুণৰ নিশা
আৰু মৰা জোনৰ গাঢ় অন্ধকাৰ ।
ৰাস্তাৰ এমূৰে -
নৰ্দমাৰ দাঁতিৰ নিঃসঙ্গ বুঢ়া আহতৰ উলঙ্গ কায় ।
নিস্তেজ শক্তীহীন শৰীৰৰ দুৰ্বল কঁপনিত
জীৱনৰ শেষ চিহ্ন বাকী থকা এখিলা পাত সৰে ।
বতাহৰ শব্দ হয় ।
নিশাৰ গভীৰ নিশ্বাসত কমি অহা
হতাশাত ক্ষীণ হই অহা নিস্তব্ধ জীৱনৰ বুকুত
আঘাত কৰে খৰ্‌ খৰ খৰ্‌ ।
নীৰৱ নিস্পন্দ জীৱনৰ প্ৰেতত্মাবিলাক সাৰ পাই উঠে ।
পৃথিৱীৰ ইতিহাসত পিশাচৰ নৃত্যাভিনয়
পোহৰৰ মৃত্যু আৰু এন্ধাৰৰ জয়
যি মৰি পৃথিৱীক তৰাই
ক্ষুধাৰ ক্ষয় ৰোগে যাক তিল্‌ তিল্‌ কৈ খাই নিঃশেষ কৰি দিয়ে ।
শাস্তিহাৰা জীয়া জীৱনৰ তাড়নাত মৰি
যি তন্দ্ৰাৰ অচেতন আবেশত অলপ জীয়ে
শ্মশানৰ নিৰ্জনতাৰ সিঁহতে পাতে
সিঁহত অভিশপ্ত মৰা কঙ্কালৰ বিকত নিশাৰ দৰে
ভয় লগা বিজয় উল্লাস
জীৱনৰ সঙ্গোপন ৰহস্যময় মহৎ উৎসৱ
পোহৰৰ সভ্যতাৰ বিৰুদ্ধে ভীষণ চক্ৰান্ত ।
শ্মশানৰ পোৰা নগ্নতাৰ হয় -
সিহঁতৰ জীৱনৰ সৰ্বশেষ কামনাৰ সিদ্ধি লাভ ।
সিহঁতৰ জীৱনৰ চিতাগ্নিৰ ক'লা পাপৰ ধোঁৱাই
মুকলি নীলা আকাশৰ কোমলতাক কৰে নিষ্ঠুৰ আঘাত ;
পৃথিৱীৰ বায়ু মণ্ডল কৰে বিষাক্ত
এইবোৰ যেন জীৱনৰ ব্যধিগ্ৰস্ত ব্যৰ্থতাৰ নিৰ্জীৱ তাড়নাৰ
কালান্তক প্ৰতিহিংসা ।
পৃথিৱীৰ  অধিদেৱতাৰ দয়াৰ দান
অনাদৰ অৱহেলা আৰু নিষ্পেষণ
সিঁহতৰ মূৰত যেন ফুল চন্দনৰ
কোমল প্ৰলেপ
আৰু তাৰ কৃতজ্ঞতাত সিঁহতৰ চিৰ অৱনত মূৰ ।
পৃথিৱীত সিহঁতৰ অধিকাৰ
জীৱনৰ নিৰৰ্থক আৰ্তনাদ আৰু নিয়তিৰ কুটিল হাঁহি ।
প্ৰৰোচনাৰ কুটিল চক্ৰান্তৰ
সিহঁত লীন হৈ যায় ।
সিহঁতৰ কামনা
সিহঁতৰ প্ৰানৰ উশ্বাস লৈ
সিহঁতে এৰি যোৱা পৃথিৱীৰ
ভৱিষ্যতৰ ৰঙা সূৰ্যই সানিব জীৱনৰ কেঁচা তেজৰ বোল ।
নতুন পৃথিৱীত
বুঢ়া আঁহতৰ কুঁহি পাত ওলাব
নিয়ৰে মুকুতা সানিব
সিহঁত তেতিয়া জীৱ ।।


            আজি আমাৰ বিহু


আজি মোৰ অসমৰ ঘৰে ঘৰে বিহু ।
প্ৰকৃতিত বসন্তৰ মাদকতা
ৰূপ ৰস গন্ধ মাধুৰীমাৰ প্ৰাচুৰ্য্য ।
বিবসনা সৌন্দৰ্য্যত সৃষ্টিৰ আদিম কামুকতা ।
দলে দলে মানুহৰ ভীৰ !
জীৱনৰ সোঁতত বুৰি যেন মৃত্যুত আজি মৰি যাব ।
ঢোল খোল তাল টকা মৃদঙ্গ আৰু পেঁপাৰ ৰোল
নৃত্যৰত জীৱনৰ ধুনীয়া ভঙ্গিমা
মানুহৰ মিঠা মিঠা মাত
অন্তৰৰ অনাবিল উলাহৰ দীঘলীয়া উকি !
-মৃত্যুৰ অপৰিহাৰ্য ৰূপটোকো ৰূপান্তৰ কৰি দিয়া
মানুহৰ কি নিৰ্ভীক গৌৰৱ ।
বিহুৰ উল্লাসত আমি যেন অমৰৰ প্ৰতীক
মৰণৰ সিপাৰৰ পদধ্বনিৰ লগত
আমাৰ এই ফেৰ পতা সমতাল
পদাতিক সৈনিকৰ যেন
বুট ৰাইফল আৰু সঙ্গীনেৰে
মৃত্যুক বিচাৰি ফুৰা সংঘবদ্ধ বিজয় কুচ-কাৱাজ
জীৱনৰ ব্যস্ততাত আজি মৰণৰ অস্তিত্বও মিছা ।
যন্ত্ৰনাৰ যাতনাত
প্ৰাণ নাইকিয়া পৃথিৱীৰ ঘৰে ঘৰে আজি
কেৱল মৰি যোৱাৰ
কেৱল শেষ হৈ যোৱাৰ
আশঙ্কাতে কঁপা জীয়া মানুহৰ কঙ্কাল
আৰু এই আনন্দৰ আলিঙ্গন ।
ৰুটি আৰু ক্ষুধা ।
নিয়তিৰ পৰিহাস্য আৰু মানুহৰ কান্দোন
জীৱন আৰু মৰণৰ
অৱিশ্ৰান্ত সংগ্ৰামৰ সৰ্ব্বগ্ৰাসী বিকৃত তাড়না
আৰু আমাৰ এই
আনন্দ আহ্লাদৰ নৃত্য নিপুণতা
মোক লাগে এই আনন্দ ।
মোক লাগে এই গীতৰ সুৰে সুৰে
নাচোনৰ চেৱে চেৱে
এক হৈ যোৱা বিশ্ব জীৱনৰ হাঁহি উলাহৰ বাহুৰ আলিঙ্গন
পৃথিৱীৰ অনৈক্যৰ বিৰূদ্ধে
বিংশ শতব্দীৰ মানুহৰ
বিপুল ঐক্যৰ অৰ্থ পূৰ্ণ সমাগম ।
সভ্যতাৰ নতুন ৰূপ
সংস্কৃতিৰ উন্নত নতুন অপৰূপ পৰিচয় ।
যুগৰ অভিসন্ধি অভিশাপ আৰু প্ৰৰোচনাৰ বিৰূদ্ধে
আমাৰ অন্তৰ্নিহিত নিস্বাৰ্থ ভাতৃত্বৰ ভীষণ সংগ্ৰাম ।
ধ্বংসৰ বিৰুদ্ধে
প্ৰাণৰ শৌৰ্য্য-বীৰ্য্য
আৰু সৃষ্টি ক্ষমতা !
অনাগত ভৱিষ্যতৰ স্থিৰ পৰিকল্পনা ।
আজি একি ৰঙৰ উছৱ ?
মানুহৰ একি নতুন সত্য শিৱ সুন্দৰৰ পুজা ?
আনৰ প্ৰতি ইকি অন্তৰৰ অসীম কৰুণা !
-মৰণৰ যন্ত্ৰণাত যেন আনন্দৰ বাবেই
আনন্দ উছৱ উলাহ
আৰু মানুহৰ আত্ম আহুতিৰ এই
আচৰিত যজ্ঞ ।
আজি আমাৰ বিহু !



Eight beautiful poems of Amulya Baruah





No comments:

Post a Comment