সুৰ্যস্নাত এক মনোৰম প্ৰভাতত
বৰ্নাভ নিয়ৰৰ সেমেকা মাটিত
টিঙিৰিৰ জুইখেদা ৰণক্লান্ত এদল মানুহে
হঠাৎ বিচাৰি পালে জীৱনৰ স্বপ্ন মুঠি মুঠি !
বহাগৰ প্ৰথম বৰষুণ জাক যিদিনা অহিলে
অলেখ জন্মৰ বীজ সিঁচি দিলে মাটিৰ বুকুত,
সিদিনা উঠিল নাচি সিঁহতৰ উদ্ধত যৌৱন
মতলীয়া দুচকুত জিলিকী উঠিল
বিন্দু বিন্দু বিপুল বিস্ময় ।
এটি স্বপ্ন -- এখনি হৃদয় যেন নদীৰ বুকুৰ ,
যেন এটি কণমানি শিশুৰ হৃদয় ভৰি ভলপোৱা
জননীৰ সুগোল স্তনৰ; অসীম অনন্ত স্বপ্ন
স্পন্দিত হৃদয়ৰ গভীৰ গুহাত ঃ
যি স্বপ্ন কবিতা হ'ল প্ৰাণৰ ভাষাৰে ,
মুকলি পথাৰ হ'ল ; গাঁও হ'ল,
নীড় এটি শান্তিৰ নিবিড় আল্পনা;
সেই স্বপ্ন গীত হ'ল, সুৰ হ'ল জীৱন বীণাৰ
অনেক ধুমুহা আহি গুচি গ'ল,
বিক্ষুব্ধিত জীৱনৰ মহা সাগৰত
অনেক তৰংগ বৃত্ত উঠি উঠি মাৰ গ'ল
ছুই গ'ল সমাজৰ শৈল উপকূল;
জয় আৰু পৰাজয়, হাঁহি আৰু কান্দোনৰ
তুলিকাৰ বোল লাগি আকাশ ৰাঙলী হ'ল,
আকাশ ধূসৰ হ'ল । তথাপিতো
নতুনৰ পাছত নতুন । অলোকৰ পাছে পাছে
শাশ্বত আলোক বিচাৰি নিতে নৱ ইতিহাস
ৰচি গ'ল জীৱন পথৰ ঃ
যি পথ আৰম্ভ হ'ল মাতৃৰ গৰ্ভ বেদনাৰে
যি পথৰ অন্ত হ'ব মৃত্যুৰ ঘন এন্ধাৰেৰে ।
গতিৰ চঞ্চল ধ্বনি প্ৰাণময় অধীৰ আৱেগ ।
আজিও শুনিছোঁ মই হৃদয়ৰ ধমনিত
কলৰব নীৰব গানৰ । আজিও
অনেক স্বপ্নৰ ৰাতি কথা কয় মাটিৰ মৰমে ,
অলেখ স্বপ্নই কান্দে বুকু ভাঙি ভাঙি
যেতিয়া স্বপ্নৰ গীতৰ সুৰ
ভাগি হয় টুকুৰা টুকুৰ ,
যেতিয়া ৰণৰ শিঙা বাজি উঠে দুষ্ট ৰাৱণৰ ।
তথাপিতো মাটিকে সাৱটি লৈ বুকুৰ মাজত
এতিয়াও কথা কয় গান গায় বহুতো আশাই
অনেক স্বপ্নই লিখে প্ৰাণৰ কবিতা,
পোহৰৰ সভালৈ মাতি আনে নতুন শিশুক,
হয়তো পাহৰি যায় প্ৰাত্যহিক তুচ্চতাৰ
যত গ্লানি যত আত্মদাহ । মৃত্যুৰ নিৰ্মম সত্যক ।
এয়েতো জীৱনস্বপ্ন মাটিৰ বুকুত ।
এয়েতো সোণালী প্ৰেম যুগ যুগান্তৰ,
যেন এটি কণমানি শিশুৰ হৃদয় ভৰি ভালপোৱা
জননীৰ সুগোল স্তনৰ ।
হৃদয় শলিতা গছি, যেন মৌন মিনতি
ৰাখিছোঁ জ্বলাই মই;
যেতিয়া নুমাই যাব অসুন্দৰ জীৱনাতীতত
মাতিবা পুনৰ মোক, হে পৃথিৱী
পোহৰৰ সভালৈ
জীৱনৰ এটি দুটি গান গাবলৈ ।
বৰ্নাভ নিয়ৰৰ সেমেকা মাটিত
টিঙিৰিৰ জুইখেদা ৰণক্লান্ত এদল মানুহে
হঠাৎ বিচাৰি পালে জীৱনৰ স্বপ্ন মুঠি মুঠি !
বহাগৰ প্ৰথম বৰষুণ জাক যিদিনা অহিলে
অলেখ জন্মৰ বীজ সিঁচি দিলে মাটিৰ বুকুত,
সিদিনা উঠিল নাচি সিঁহতৰ উদ্ধত যৌৱন
মতলীয়া দুচকুত জিলিকী উঠিল
বিন্দু বিন্দু বিপুল বিস্ময় ।
এটি স্বপ্ন -- এখনি হৃদয় যেন নদীৰ বুকুৰ ,
যেন এটি কণমানি শিশুৰ হৃদয় ভৰি ভলপোৱা
জননীৰ সুগোল স্তনৰ; অসীম অনন্ত স্বপ্ন
স্পন্দিত হৃদয়ৰ গভীৰ গুহাত ঃ
যি স্বপ্ন কবিতা হ'ল প্ৰাণৰ ভাষাৰে ,
মুকলি পথাৰ হ'ল ; গাঁও হ'ল,
নীড় এটি শান্তিৰ নিবিড় আল্পনা;
সেই স্বপ্ন গীত হ'ল, সুৰ হ'ল জীৱন বীণাৰ
অনেক ধুমুহা আহি গুচি গ'ল,
বিক্ষুব্ধিত জীৱনৰ মহা সাগৰত
অনেক তৰংগ বৃত্ত উঠি উঠি মাৰ গ'ল
ছুই গ'ল সমাজৰ শৈল উপকূল;
জয় আৰু পৰাজয়, হাঁহি আৰু কান্দোনৰ
তুলিকাৰ বোল লাগি আকাশ ৰাঙলী হ'ল,
আকাশ ধূসৰ হ'ল । তথাপিতো
নতুনৰ পাছত নতুন । অলোকৰ পাছে পাছে
শাশ্বত আলোক বিচাৰি নিতে নৱ ইতিহাস
ৰচি গ'ল জীৱন পথৰ ঃ
যি পথ আৰম্ভ হ'ল মাতৃৰ গৰ্ভ বেদনাৰে
যি পথৰ অন্ত হ'ব মৃত্যুৰ ঘন এন্ধাৰেৰে ।
গতিৰ চঞ্চল ধ্বনি প্ৰাণময় অধীৰ আৱেগ ।
আজিও শুনিছোঁ মই হৃদয়ৰ ধমনিত
কলৰব নীৰব গানৰ । আজিও
অনেক স্বপ্নৰ ৰাতি কথা কয় মাটিৰ মৰমে ,
অলেখ স্বপ্নই কান্দে বুকু ভাঙি ভাঙি
যেতিয়া স্বপ্নৰ গীতৰ সুৰ
ভাগি হয় টুকুৰা টুকুৰ ,
যেতিয়া ৰণৰ শিঙা বাজি উঠে দুষ্ট ৰাৱণৰ ।
তথাপিতো মাটিকে সাৱটি লৈ বুকুৰ মাজত
এতিয়াও কথা কয় গান গায় বহুতো আশাই
অনেক স্বপ্নই লিখে প্ৰাণৰ কবিতা,
পোহৰৰ সভালৈ মাতি আনে নতুন শিশুক,
হয়তো পাহৰি যায় প্ৰাত্যহিক তুচ্চতাৰ
যত গ্লানি যত আত্মদাহ । মৃত্যুৰ নিৰ্মম সত্যক ।
এয়েতো জীৱনস্বপ্ন মাটিৰ বুকুত ।
এয়েতো সোণালী প্ৰেম যুগ যুগান্তৰ,
যেন এটি কণমানি শিশুৰ হৃদয় ভৰি ভালপোৱা
জননীৰ সুগোল স্তনৰ ।
হৃদয় শলিতা গছি, যেন মৌন মিনতি
ৰাখিছোঁ জ্বলাই মই;
যেতিয়া নুমাই যাব অসুন্দৰ জীৱনাতীতত
মাতিবা পুনৰ মোক, হে পৃথিৱী
পোহৰৰ সভালৈ
জীৱনৰ এটি দুটি গান গাবলৈ ।
No comments:
Post a Comment