জুনুকা - হাতী আৰু সাপ
লক্ষীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা শিশু সাহিত্য জুনুকাৰ অন্তিমখন গল্প আজি প্ৰস্তুত কৰা হ'ল ।
হাতী আৰু সাপ
এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল |
হাতীটোক ৰজাই ইমান ভাল পায় যে সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বন্ধাই নথয় |
সেইদেখি সি মুকলি হৈ চৰি ফুৰে; কিন্তু কাৰো একো অপকাৰ নকৰে |
তাৰ দোষৰ ভিতৰত ৰজাৰ মৰম পাই সি বৰ গপাল হৈ পৰিছিল |
এদিন সি বাটে বাটে গৈ থাকোঁতে দেখিলে যে মাজে বাটতে এটা গোম সাপ গা ৰ’দাই পৰি আছে | সাপটোৱে ভাবিলে –
সি ডাইলগোম, তালৈ ভয় নকৰা প্ৰাণী নাই | এতেকে সিনো মাজবাটৰ পৰা উঠি গৈ একাষৰীয়া হৈ হাতীটোক বাট এৰি দিব কিয় ? হাতীটোৱেইচোন কাষৰ কাটি যাওক |
ইয়াকে ভাবি সি ফেট তুলি ফোঁচ ফোঁচাবলৈ ধৰিলে | কিন্তু এচুলিমানো তাৰ পৰা নলৰিল | হাতীটোৱে ভাবিলে ভালা ৰে ভালা “ মই হলো ৰজাৰ মৰমৰ গজহস্তী, এইটো ক’ৰবাৰ টোকোনা সাপ | বনে ঘাঁহে চুঁচৰি চোৰৰ দৰে লুকাই ফুঁৰোতে তাৰ জন্ম গৈছে |
সিনো মই হেনো পুৰুষক বাট এৰি নিদিব কিয় ? নিদিয়ে যদি একে গচকতে তাৰ পেটু উলিৱাম নহয় |” ইয়াকে ভাবি হাতীটোৱে কেৰেপকে নকৰি আগবঢ়ি আহি সাপৰ গাত গচক মাৰি দিলে |
সাপেও তাক ভালকৈ তিনি-চাৰি খোঁট লগালে |
হাতীটোৰ গাত বিষ লাগি দুখোজমান গৈয়েই সি পৰি মৰিল |
সাপেও হাতীৰ গচকত পেটু নাড়ী ছিগি মৰি থাকিল |
হাতীটো বততে মৰি থকা দেখি এটা শগুনে শটো খাবৰ মনেৰে খুঁটিয়াই খুঁটিয়াই পেটৰ ছালখন ফুটাই বিন্ধা এটা কৰি হাতীটোৰ পেটত সোমাল | শগুনে পেটত সোমাই হাতীৰ মঙহ খাই থাকোঁতে, সি কৰা বিন্ধাটো ৰ’দত শুকাই মুদা মৰিলত, সি হাতীৰ পেটৰ ভিতৰতে মৰিল |
ঘোং নামৰ ব্যাধ এটা সেই বাটেদি চিকাৰ কৰিবলৈ যায় | দঁতাল হাতীটো বাটতে মৰি পৰি থকা দেখি দাঁতযোৰ কাঢ়ি উলিয়াই লৈ গ’লে বেচি ভালেমান টকা পাব ভাবি, দাঁত এটা দাৰে কাতি কাটি টানি এটা বৰ আজোৰ মৰাত ভট্ কৰে দাঁতটো উঘাল খাই আহি তাৰ পেটত বেগেৰে খোচ লাগি আগটো সোমালত সি তাতে পৰি মৰি থাকিল |
এটা হালোৱা মানুহে ওচৰৰ পথাৰত হালবাই থাকোঁতে এই ঘটনাটো আগৰে পৰা গুৰিলৈকে চাই আছিল | ব্যাধটো মৰাৰ পিছত সি লাহেকৈ হালখন এৰি মৰা হাতীটোৰ ওচৰলৈ আহি এই ফকৰাটো মাতিলে –
“গপত মৰিল গজহস্তী,
ফোকাৰাত মৰিল গোম |
শ খাওতে শগুন মৰিল,
আঁজোৰত মৰিল ঘোং |”
ডাঙৰেই হোৱা, সৰুৱেই হোৱা, গৰ্ব নকৰিবা |
গৰ্ব কৰিলে খৰ্ব হৈ বিপঙে মৰিবা |জুনুকা - সাপ আৰু খেতিয়কৰ জীয়েকৰ সাধু
Today we are presenting a story from Junuka written by Lakshminath Bezbaruah. More stories can be found in Assamese stories link in header.
সাপ আৰু খেতিয়কৰ জীয়েক
(লক্ষীনাথ বেজবৰুৱা)
সাপ আৰু খেতিয়কৰ জীয়েক
(লক্ষীনাথ বেজবৰুৱা)
এটা খেতিয়কৰ দুজনী ঘৈনীয়েক আছিল | সৰুজনী লাগী আৰু বৰজনী এলাগী | দুইজনী ঘৈনীয়েকৰ দুজনী জীয়েক |
গিৰীয়েকে এলাগীক দেখিব নোৱাৰে, জীয়েককো দেখিব নোৱাৰে |
তাৰ উপৰি লাগীয়েও দিনে ৰাতিয়ে সিঁহতক বৰকৈ দুখ দিয়ে আৰু গোবৰ পেলোৱা, ধান বনা, ছুৱা ধোৱা আদি দুখৰ বনবোৰ এলাগী আৰু জীয়েকক কৰিব দিয়ে |
এদিন বাপেকে এলাগীৰ জীয়েকক পথাৰত পকা ধান ৰাখিবলৈ পঠাই দিলে |
বতা চৰাইবোৰে ধান খোৱা দেখি এলাগীৰ জীয়েকে এইটবুলি সিঁহতক হুৰাই দিছিল –
“হুৰ হুৰ বতা চৰাই !
মোৰ ধান নেখাবি,
তোক দিম গোটেই কৰাই
|”
এইদৰে মাতি মাতি চৰাই খেদাওঁতে হাবিৰ মাজৰ লেটেকু গছ এজোপাৰ পৰা উত্তৰ আহিল –
“হুৰ হুৰ বতা চৰাই!
আঘোনত সাপে তোক বিয়া কৰায় |”
এই উত্তৰ শুনি ছ
ৱালীজনীয়ে ভয় খাই তাৰ পৰা লৰি গুচি আহি ঘৰ পালেহি | বাপেকে তাইক কিয় গুচি আহিলি বুলি সুধিলত, তাই সেই কথা ক’লত বাপেকে – “ ব’লচোঁন যাওঁ | কোনেনোও কি কৈছে শুনোগৈ” বুলি ছোৱালীজনী লৈ ধানৰ পথাৰলৈ আহি তাইক সেইদৰে মাতি বতা চৰাই খেদবলৈ ক’লে | জীয়েকে আগৰ দৰে মাতিলত আকৌ আগৰ দৰেই উত্তৰ আহিল | বাপেকে আচৰিত মানি, হাবিৰ মাজৰ লেটেকু গছজোপাত “কিনো আছে চাওঁগৈ” বুলি তাৰ ওচৰলৈ গৈ দেখিলে যে তাত এটা অজগৰ সাপ আছে | সাপটোৱে খেতিয়কক তাৰ জিয়েকক বিয়া কৰিম বুলি ক’লত সি “বাৰু, কাইলৈ ভাবি চিন্তি ক’ম” এইবুলি কৈ গুচি আহিল |
ঘৰ পাই সি লাগীক সেই কথা ক’লত লাগীয়ে তাক উৎসাহ দি সাপেৰে সৈতে এলাগীৰ জিয়েকক বিয়া দিবলৈ ক’লে; কাৰণ, তাই ভাবিছিল, তেনেহ’লে সাপে তাইক খাই পেলাব |
এলাগী এই কথা শুনি কান্দিবলৈ ধৰিলে | কিন্তু তাইৰ কথা শুনে কোনে ?
পিছদিনা বাপেকে আহি সাপক ক’লে যে “ মই মোৰ জীক তোমালৈ বিয়া দিম |
কাইলৈ গধূলি তুমি জোৰণ পিন্ধাবাগৈ
!” তাৰ পিছদিনা সাপে এলাগীৰ জিয়েকক জোৰন পিন্ধাবলৈ গ’ল |
ৰাতি এলাগীৰ জিয়েকক সাপেৰে সৈতে একেটা কোঠালিত থকিবলৈ দিয়া হ’ল আৰু মাক বাহিৰতে পৰি থাকিল | ৰাতি এলাগীৰ জীয়েকে এইদৰে ক’বলৈ ধৰিলে - “আই! মোৰ ভৰি কুটেকুটায়
|” মাকে বাহিৰৰ পৰা উত্তৰ দিলে –
“আই! তোক জোৱায়ে নেপূৰ পিন্ধায়
|” তাৰ পিছতে জীয়েকে ক’লে –
“আই !
মোৰ হাতে কুটেকুটায়
|” মাকে বাহিৰৰ পৰা ক’লে “আই! তোক জোৱায়ে খাৰু পিন্ধায় |” এইদৰে শৰীৰৰ সকলো ভাগৰ কথা কৈ কৈ মাকৰ পৰাও তেনে উত্তৰ পাই পাই শেষত নমতা হ’ল | পিছদিনা ৰাতিপুৱা মাকে দুৱাৰ মেলি চাই দেখিলে যে জীয়েকৰ গা সোণৰ অলংকাৰেৰে জকমকাব লাগিছে |
দেখি মাকৰ মহা আনন্দ হ’ল | মাহীয়েকে আৰু বাপেকে ভাবিছিল যে তাইক সাপে ৰাতি খাই পেলাব |
কিন্তু এতিয়া তেনেকুৱা দেখি বৰ আচৰিত মানিলে আৰু মাহিয়েকে পেটে পেটে বৰ বেজাৰ পালে |
ইয়াৰ পিছত লাগীয়ে গিৰীয়েকক বৰকৈ লাগিল যে তাইৰ জীয়েককো এটা সাপ আনি সাপেৰে সৈতে বিয়া দিব লাগে | গিৰীয়েকে লাগীৰ খাটবান্ধ এৰাব নোৱাৰি ভালেমান মানুহ লগত লৈ গৈ হাবিত অনেক বিচাৰি বিচাৰি এটা অজগৰ সাপ পাই ধৰি লৈ আহি ৰাতি লাগীৰ জীয়েকৰ লগত এটা খোটালিত থাকিবলৈ দিলত , সাপে লাহে লাহে লাগীৰ জীয়েকক গিলিবলৈ ধৰিলে | লাগীৰ জীয়েকে “ আই,
মোৰ ভৰি কুটেকুটায়” , “আই মোৰ কঁকাল কুটেকুটায়” ইত্যাদি ৰকমে মাকক কৈ আছিল, কিন্তু
মাকে জোঁৱায়েকে জীয়েকক অলংকাৰ পিন্ধাইছে বুলি ভাবি সেইদৰে উত্তৰ দি আছিল | শেহত জীয়েকৰ
মাত নাইকিয়া হ’লত জীয়েকে শুলে বুলি ভাবি মাকে নিশ্চিন্ত হ’ল | ৰাতিপুৱা তাই দুৱাৰ মেলি
চাই দেখিলে যে জীয়েক নাই | সাপটোৱে জীয়েকক গিলি গেৰেলা হৈ তাতে পৰি আছে | এনে হোৱা
দেখি তাই হুৰাওৰাৱে কান্দিবলৈ ধৰিলে |
যি
কৰে পৰত |
তাৰ
মিলে ঘৰত |
Subscribe to:
Posts (Atom)
-
More poems here অবশেষ ফুলিল মালতী, ফুলি সৰি গ'ল, বিলোৱা সৌৰভ মাত্ৰ জগতত ৰ'ল । ভাগি গ'ল বীণখনি, ছিগি গ...
-
Read other poems of Ram Gogoi শাওণৰ মেঘমুক্ত নীলাকাশ সূৰ্য্যস্নাত ক্লেদময় হে বিশাল পথাৰ ....... বিপ...
-
This poem from Kuhipath is a prayer by a kid to God. Without knowing who God is, where He lives or how to pray him its the love of God an...
-
কাৰ পৰশত ফুলিলি বান্ধৈ অ' মোৰ সাদৰী ফুলাম পাহি ? শ্যামলী পাতৰ ওৰণি গুচাই কাৰ ফালে চাই মাৰিলি হাঁহি ? কোন নন্দনত লগালি চমক, নাচিছে...
-
সন্ধ্যারাগে ঝিলিমিলি ঝিলমের স্রোতখানি বাঁকা আঁধারে মলিন হলো যেন খাপে ঢাকা বাঁকা তলোয়ার ! দিন...
-
People who studied in Assam in general and in Assamese medium in particular know Kuhipath, the very first book one gets to read in schools...
-
Today we are publishing some sweet poems from Kuhipath that every student who studied in Assamese medium primary school can relate to. আ...
-
মহান শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া সাহিত্যক উপহাৰ দি গৈছে বহু সোণসেৰীয়া গীত । তাৰেই কিছু গীত ইয়াতে প্ৰস্তুত কৰা হ'ল । ১) ম...
-
Read more poems of Hiren bhattacharya here এদিন শাওণ আজি শাওণৰ বাৰ কি তেৰ এৰাল ছিঙি ক'লা ডাৱৰবোৰে আকাশখনত হেম্বেলিয়াই আছে ...
-
Story has it that Kach, son of the Brihaspati - the Guru of the Gods, was sent to Shukracharya, Guru of the Daityas, to learn the Mrita-sa...