Sketch Madness: Radha Krishna

Radha - Krishna
Always contemporary....Through their eternal love


Giri Mallika - Poems of Raghunath Choudhury : গিৰি - মল্লিকা - ৰঘুনাথ চৌধাৰীৰ কবিতা

অয়ি অৱগুণ্ঠিতা ফুল্ল শিখৰিণী
ৰঞ্জি মণিকৰ্ণিকাৰ হৰিত মেখেলা
আছাঁ শোভি শুভ্ৰবেশে । কৰি সুৰভিত
লৌহিত্যৰ তীৰভূমি শ্যামল বননি
নন্দনৰ ৰূপ-জ্যোতি পৰিমল সুধা,
কৰি আহৰণ বিশ্ব-বিজয়িনী ৰূপে
মোহিলাঁ নিতম্ব-দেশ বিজন প্ৰান্তৰ ।
বনস্পতি দ্ৰুমদলে নৱ পল্লৱেৰে
জনাইছে হৃদয়ৰ গুপ্ত সম্ভাষণ !
স্তোকনম্ৰা লতিকাৰ কুঞ্জ পল্লৱত
উঠিছে উঠলি যেন প্ৰেমৰ তৰঙ্গ ।
প্ৰিয়া, তুমি ঢালিলাঁ কি মোহন মদিৰা
হাঁহি কটাক্ষৰ ! যি হাঁহিত বনে বনে,
হৰিৎ ক্ষেত্ৰত, তৰু তৃণ লতিকাৰো
ভাগিল চমক । ঠায়ে ঠায়ে বিধে বিধে
ফুলিল ৰঙেৰে কূটজ-কূটমল-ৰাজি ।
দ্ৰোণিজত শুভ্ৰকান্তি ফুল্ল দ্ৰোণীদলে
প্ৰীতিভৰা লাজাঞ্জলি যাচিছে সাদৰে ।
দেৱ-তৰুসকলৰ মুকুল পৰাগ,
উৰি আহি পৱনৰ মৃদুল গতিত,
সুকোমল গৌৰ তনু পেলাইছে জুৰ ।
ৰঞ্জিত তুষাৰ-শুভ্ৰ নিমজ গালত
সুৰভি কুঙ্কুম ৰাগ ৰক্ত চন্দনৰ ।
শেষাদ্ৰি শিখৰ যেৱে ৰঞ্জি সন্ধ্যা ৰাগে
সুখেৰে বিশ্ৰাম লভে সান্ধ্য নভোমণি ।
বিবুধ-বনিতাসবে সিঞ্চি নভো-ৰেণু
দিছেহি পিন্ধাই মুক্তাহাৰ আভৰণ
কৌমুদী - প্লাৱিত তৱ কোমল বুকুত;
যেতিয়া জোনালী নিশা মধূ পূৰ্ণিমাৰ
হয় সুধা-ধৱলিত নীলিম আকাশ,
সপ্তস্বৰে সমকণ্ঠে কেতেকী অপ্সৰী
ঢালি দিয়ে ক্ষীৰধাৰা । ৰস-ভঙ্গিমাত
ভৰি উঠে যেন তৱ পল্লৱিত বুকু;
নন্দন - নন্দিতা তুমি দেৱ পাৰিজাত
যাৰ গন্ধ মদিৰাত মুগ্ধ দেৱপুৰী ।
নেজানো অপ্সৰী বেশে কোন দেৱতাৰ
আছিলাঁ হৃদয়-বাণী আলাসৰ লাৰু !
মদনৰ কামশৰ আছিলানে প্ৰিয়া,
গিৰি কৈলাসত ঃ যিদিনা মোহিনীৰূপ
ধৰিছিলা ধুৰ্জ্জটিৰ ধ্যান্ভঙ্গ হেতু !
কোপ-অনলত পৰি শাপভ্ৰষ্টা হই
ভ্ৰমিছাঁনে কি দেৱী শৈল শিখৰত?
দেৱভোগ্য উপভোগ তিয়াগি সকলো
হ'লাঁ চিৰ-নিৰ্ব্বাসিত চিৰদিনলই ।
আছিলাঁ তুমিয়ে প্ৰিয়া ঋষি আশ্ৰমত
ফুলৰ কুঁৱৰী সাজি পুষ্প-উপবন
কৰি জাতিষ্কাৰ । প্ৰভাতৰ সমীৰণে
কত খেলা খেলি থাকে তোমৰ লগত;
যেতিয়া পিছলি পৰে মৃদু হিল্লোলত
বুকুৰ আঁচল । লাজতেই কুঁচি মুচি
তলমূৰ কৰি কোন ঋষি-তনয়ক
যাচিছিলাঁ যৌৱনৰ সৌন্দৰ্য্য-মাধুৰী ।
নিদাঘৰ দহনত দুখ পোৱা বুলি
আল ধৰিছিল কোন তাপস-কুমাৰী !
মলচি দিছিল গাৱ কোমল হাতেৰে !
পূণ্যতোয়া মালিনীৰ শীতল জলেৰে ।
প্ৰাণপ্ৰিয়, আজি মোৰ বিজন কুঞ্জত
তুলিবানে লয়লাসে হাঁহিৰ তৰঙ্গ ?
ব্যথাৰে উপচি পৰা আকুল প্ৰাণত
দিয়াঁ প্ৰেম-মকৰন্দ অমৃত পৰশ;
অকৃত্ৰিম প্ৰণয়ৰ স্নেহ আলিঙ্গন
নিষ্প্ৰভ ফুলনি মোৰ হ'ক জ্যোতিৰ্ম্ময় ।



Golap - poems of Raghunath Choudhary : গোলাপ - ৰঘুনাথ চৌধাৰীৰ কবিতা

কাৰ পৰশত ফুলিলি বান্ধৈ
অ' মোৰ সাদৰী ফুলাম পাহি ?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি ?

কোন নন্দনত লগালি চমক,
নাচিছে য'ত পৰী বুলবুল,
অভিশপ্ত হৈ বিলাস-কুঞ্জত
প্ৰেম-মদিৰাত যেন মচ্‌গুল ?

হাছ্‌নাহানাৰ তীব্ৰ গন্ধত
সপোন-বিভোৰ মাধৱী নিশা,
তোৰ পৰশত বিৰহী জোনৰ
পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ?

আৰব-পিয়াৰী বছৰা বাণীৰ
গুল-বদন পেলালি জুৰ;
ভাহি ফুৰে তোৰ ৰূপ-তৰঙ্গত
পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ ?

ফুলিলি যিদিনা মৰু-উদ্যানত
উৰিল সৌৰভ জগত জুৰি;
গগনচুম্বী কলোছাছে তোৰ
পান কৰিলে ৰূপ-মাধুৰী ! 

আছিলিনে প্ৰিয়ে বেবিলনৰ
গুল-বাগানত ফুলৰ ৰাণী ?
স্বৰ্গৰ নন্দন সাজিলি শূন্যত,
কবিৰ মূখত অমৰ বাণী ।

ৰূপ ৰস গন্ধ পৰশ প্ৰেমত
জিনিলি পিয়াৰা হিন্দুস্তান;
বাদ্‌ছা হেৰেম কৰি গুলজাৰ
দিল-দৰিয়াত তুলিলি বান ।

তোৰ এ ৰূপ জগৎ বিভোল
ঢালিলি প্ৰেমৰ বিমল ধাৰা;
দিল্লী-বেগম নূৰজাহানৰ
আছিলিনে তয়ে দিলবাহাৰা ?

কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ ?
উঠিল প্ৰেমিক ছাহজাহানৰ
ভুৱনবিজয়ী মৰ্ম্মৰ তাজ !

কত কাব্য - গাথা, অতীতৰ স্মৃতি,
উদাস প্ৰেমৰ মুৰ্ত্ত বিকাশ;
বিজড়িত তোৰ কোমল বুকুত
কত বিৰহীৰ হ-হুতাশ !

ফুলিবিনে মোৰ মানস-কুঞ্জত
অ' মোৰ দৰদী ফুলাম পাহি ?
উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ
পুলক-ভৰা মিলন বাঁহী ?

Phul Sojjya - Poems of Raghunath choudhary : ফুল শয্যা - ৰঘুনাথ চৌধাৰীৰ কবিতা

আৰুনো কিমন দিয়া বেদনাৰ বোজা,
হে মোৰ হৃদয় দেৱতা ?
কৰুণ ৰোদন তুমি ভাঙি দিলা কিয়
প্ৰাণৰ নিবিড়- নীৰৱতা ?

জীৱনৰ সন্ধিক্ষণ বিয়লি বেলাত
হিয়া ধুনি উঠে কোলাহল,
আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত
ঢালি দিলাঁ তীব্ৰ হলাহল ?

কোন কাহানিয়ে তুমি হৰি নিছা মোৰ
প্ৰীতিভৰা প্ৰণয়ৰ লাৰু,
অন্তৰ্দাহী ৰাৱনৰ চিতা-জুইকুৰা
কোনদিনা নুমবনো আৰু ?

আনন্দৰ পূৰ্ণপাত্ৰ শূন্য আজি মোৰ
কেউপিনে দেখোঁ হাহাকাৰ -
দাৱাগ্নিৰ দহনত দেৱদাৰু তৰু
পুৰি-দেই হ'ল ছাৰখাৰ !

মাৰিছিলা শক্তি-শেল তাহানি যিপাট
যোৱা নাই সি বিষ জামৰি,
বেদনাৰ যত অস্ত্ৰ কৰিছোঁ প্ৰয়োগ
বুকু পাতি লইছোঁ সামৰি ।

হিয়া ভগা বিষাদৰ তিতি অশ্ৰু-জলে
পাহৰিছোঁ সংসাৰ - মৰম ;
ভাৰাক্ৰান্ত চিত্ত আজি উদ্বেলিত কৰি
কিবা সুখ পালাঁ প্ৰিয়তম ?

মৰহিছে জীৱনৰ দুৰ্লভ মাধুৰী
নোৱাৰিলোঁ আকাঙ্খা পুৰাব;
আহিছে প্ৰাণত আজি ক্লান্তি-আৱসাদ
দিয়া মোক শান্তিৰে জুৰাব ।

যাতনাৰ নিপীড়িত ওৰে জীৱনত
কড়িয়ালোঁ যত আবৰ্জনা,
তোমাৰেই অৱদান বুকুত সাবটি
অন্তিমত লভিম সান্তনা ।

জ্বলিছে দূৰত সউ প্ৰলয়ৰ শিখা,
ধৰিছে কি ৰূপ বিতোপন,
সেয়ে মোৰ ফুল-শয্যা ৰক্ত কমলৰ,
ল'ম তাত অনন্ত শয়ন ।




Geet - poems of Ambikagiri Raychoudhury - গীত - অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা

জাগ জাগ জাগ ভাৰত-সন্তান হিন্দু মুছলমান জাগ |
        মুক্তি-শঙ্খ বাজে গাজে ভেদি
        লক্ষ ভ্ৰাতাৰ হিয়াৰ তেজেদি
                ৰঞ্জিত হোৱা জালিৱানাবাগ |
জাগ হূদয়-বিহীন দানৱ-বজ্ৰ পদ-মৰ্দ্দিত নৰ-নাৰী,
জাগ আবাল-বৃদ্ধ-বনিতা গোলামী ঘৃণ্য হেৰ জীৱন-ভাৰী
জাগ সুখী, দুখী, শোকী, ৰোগী, ভোগী, যোগী,
                সুভগা নাইবা হীনভাগা |
জাগ তিনি শতাব্দী পিটি খচি থোৱা
                জাতীয় আত্ম-অভিমান,
জাগ সত্য-দ্বাপৰ-ত্ৰেতা-মুখৰিত মৃত-সঞ্জীৱনী সাম-গান
জাগ কাৰবালা-ভূমি কুৰুক্ষেত্ৰৰ ৰাম-ৰাৱণৰ ইতিহাস,
জাগ শুক, বশিষ্ঠ, বিশ্বামিত্ৰ, বাল্মীকি, মনু, বেদব্যাস,
জাগ বৰাহ, মিহিৰ, খনা, লীলাৱতী, কালিদাস, ভৱভূতি, মাঘ |

জাগ যমুনাৰ বালি ধুই ৰূপা কৰা শুভ্ৰ শাৰদী জোনাকী,
জাগ প্ৰেম-আপ্লুতা গোপিকাৰ স’তে মধু মুৰুলীৰ চিনাকী |

জাগ পাঞ্চজন্য-গভীৰ-নিনাদ, সুদৰ্শনৰ বিজুলী-শিখ,
জাগ জাগৰণ-গীত ঝঙ্কৃত কৰি স্বৰ্গ-মৰ্ত্ত্য সকলো দিশ,
জাগ হৰিনাম-ৰসে বিশ্ব-বুৰোৱা নাৰদী বীণাৰ ৰাগিণী-ৰাগ |

জাগ স্থিৰ-প্ৰতিজ্ঞ কঠোৰ ব্ৰহ্মচাৰী ভীষ্মৰ ৰিপু-দমন,
জাগ বুদ্ধদেৱৰ, মহম্মদৰ সত্যৰ হকে জীৱন-পণ |

জাগ ভাগৱত, গীতা, বেদ, কোৰাণৰ আত্মাবিনাশী তত্ত্ব-গীত
জাগ ভাৰতবাসীৰ হূদয়ে হূদয়ে মহান শক্তি জগতজিত,
জাগ স্বদেশ স্বজাতি ৰক্ষাৰ হকে দধীচি মুনিৰ তনু-ত্যাগ |

জাগ সপ্ত সিন্ধু শুহোৱা গণ্ডুষতে অগস্ত্য ঋষি মহান,
জাগ সত্যাগ্ৰহী সাধু মনসুৰ, সুধীৰ প্ৰহ্লাদ ভগৱান |
জাগ কালকূটে বিষ জাৰি পানী কৰা দেৱসৱৰ অমোঘ বল,
জাগ পান কৰি পাপী-তাপী ত্ৰাণ হোৱা চিৰপৱিত্ৰ গঙ্গাজল,
জাগ হাতৰ মুঠিত হৰিক লুকুৱা সাধন, ভজন, যজ্ঞ-যাগ |

        দুভাই হিন্দু মুছলমানৰ একপ্ৰাণতাত গাঁথিবলৈ
জাগ কবীৰ, নানক, সিদ্ধ সাধুৰ শিক্ষা-দীক্ষা মূৰ্ত্ত হৈ
জাগ সকলো বিৰোধ, বিঘিনি, বিপদ নাশ
                        কৰি দিয়া ধৰ্ম্ম-জ্ঞান,
জাগ মাতৃ-চৰণ-পূজাৰ বলিত লক্ষ পুত্ৰৰ জীৱন-দান,
জাগ ভাৰত-মাতাৰ গৌৰৱ-ৰবি গুচাই সকলো কালিমা-দাগ |

Moi biplobi moi tandobi - Poems of Ambikagiri Raychoudhury - মই বিপ্লৱী, মই তাণ্ডৱী - অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা

মই বিপ্লৱী, মই তাণ্ডৱী
মই        কাল-বিজয়ী বিপ্লৱী,
মই        কাল-বিনাশী তাণ্ডৱী;
                আজি বিপ্লৱ তোলোঁ ক’ত?
                মই তাণ্ডৱ তোলোঁ ক’ত?
সৃষ্টিৰ স্নায়ূ ধুনাধুন কৰি উতলি উঠিছে বিপ্লৱ মোৰ
                উতলি উঠিছে বিপ্লৱ,
ব্ৰহ্মাণ্ডৰ মেৰু প্ৰকম্পি দাপিছে দাৰুণ তাণ্ডৱ মোৰ
                দাপিছে দাৰুণ তাণ্ডৱ |
নভো-মহানীল চিৰাচিৰ কৰি,
প্ৰলয়-ভঙ্গী উঠে তাৰ চৰি,
স্বৰ্গ-মৰ্ত্ত্য-ৰসাতল ৰেখা
                মোহাৰি মুচৰি কৰি দিলে একাকাৰ;
ক্ষিত্যপ-তেজ-মৰুত-ব্যোমৰ
                নোহোৱা কৰিলে চিন-চাপ পাৰাপাৰ,
কি পৰিণামেৰে ক্লান্তিত পৰি ক’ত বা হয় সি ক্ষান্ত!
নাপাওঁ বিচাৰি পাত্ৰ-আধাৰ য’ত কৰোঁ তাক শান্ত ||

সৌৱা
বিলাসালসৰ ক্লেদী পৰশত
জীৱন-দীপ্ত কৰ্ম্মোল্লাসী পুলকোত্সৰ ছন্দ পৰিছে ভাগি,
আত্মানন্দী সেৱা-হৰষত
গ্লানিৰ জটিল বেদনা জমিছে মত্ত খকৰ
                        বজ্ৰ-আঁচোৰ লাগি,-
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ,
                        তাতে তোলোঁনেকি বিপ্লৱ?

আৰুচোন সৌৱা!
কুহকী ৰূপৰ কূট মাধুৰীয়ে
পৱিত্ৰতাৰ আজলী শিশুক উজটি খুৱাই কৰে
                        কেনে লটিঘটি,
প্ৰৱঞ্চনাৰ ধূৰ্ত্ত ফাকিয়ে
উৰ্দ্ধগামিনী প্ৰগতি-গতিক মাৰঘাত মাৰি
                        কৰি দিয়ে অধোগতি;
তাতে তোলোঁনেকি বিপ্লৱ মোৰ, তাতে
                        তোলোঁনেকি তাণ্ডৱ?

আৰু সেইফালে
কয়, লিখে এক ,কৰে-ধৰে আন,
লুটি-পুটি গায় শান্তিৰ গান,
দুৰ্ম্মদ য্ত অনীতি আচৰি তুলিকা বুলাই                                   
                        দেখুৱায় মহাকবি,
ভিতৰত পুহি দুষ্ট পিশাচ বাহিৰত আঁকে
                        মোহিনী কলাৰ ছবি;
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ,
                        তাতে তোলোঁনেকি বিপ্লৱ?

সৌৱাচোন আৰু
পদ-মৰ্য্যাদা-ক্ষমতাৰ খকে
মানৱীয়তাকে গিলে ডিঙিলৈকে,
        আত্মাৰ ক্ষুধা ভৰিৰে মোহাৰি
                যৌন ক্ষুধাৰ পিশাচী ৰাপত মত্ত,-
কৰ্ত্তব্যৰ গেড়ি তল কৰি
        বলিয়া চিঞৰি কেৱল দাবীৰ স্বত্ব;
তাতেনেকি মোৰ তোলোঁ তাণ্ডৱ বিপ্লৱ তোলোঁ মোৰ?
                কোনফালে চাই কোনফালে লৰোঁ
                কোনটিকে এৰি কোনটিক ধৰোঁ?
                এটাক ধৰিলে আনফালে পুনু
                ক্ষিপ্ত-দাপোৰে উদ্ভেদ উঠি আহে;
        মোৰ লৰা-ঢপৰাৰ দুৰ্গতি চাই
                বিদ্ৰূপ-বাণ হানি সকলোৱে হাঁহে |

আৰু দেখোঁচোন!
প্ৰগতি, শিল্প-কলাৰ আঁৰত
লুকাই লালসা ভৰা সাগৰত
        কামনা-দানৱে ধুমুহা তুলিছে
                উগাৰি তীব্ৰ তেজাল ক্লেদৰ ঢউ,
        হাঁহিছে বিকট কল্মষ সানি
                কৰি বিষাক্ত জীৱন-মাধুৰি-মউ |
তাতে তোলোঁনেকি তাণ্ডৱ মোৰ, তাতে তোলোঁনেকি বিপ্লৱ?

ইকি!
মোতেচোন দেখোঁ সকলোবিলাকে,
উঠিছে, পৰিছে, খেলি জাকে জাকে!
        বাহিৰত কিয় পৰিছে দৃষ্টি?
                ভিতৰত দেখোঁ স্বৰ্গ-নৰক মোৰ |
        সৃষ্টি, স্থিতি, প্ৰলয়, বিনাশ,
                নিজতেই দেখোঁ ঘটিছে সকলোবোৰ?

নিজক এৰি দি কিয় তেনেহ’লে,
আনলৈ চাই অভিযোগ চলে?
        জনে জনে হ’লে ক্লেদাপসৰণ,
                গোটেই জগত হ’ব সুবিমল শুদ্ধ,
উতলা ৰোষেৰে আনল’কে চাই
                নৰ’ব কাৰণ মৰিবলৈ হৈ ক্ৰুদ্ধ |
তোল তেনেহলে তোল তাণ্ডৱ ,
বিৰাট বিপুল মহা বিপ্লৱ;
প্ৰথমে নিজৰ অহং-সিন্ধু মন্থন কতি, নাৰকী কলুষ-ক্লেদ
ধ্বংসি, বিনাশি, তোল জীৱনত পুণ্য-লৱনু কৰি
                                অহামিকা ছেদ |
তাৰ লগে লগে সীমা-অসীমৰ সংযোজনাৰ সাফটো
                                গচকি খচি,
নিৰ্ম্মল কৰি সৃষ্টি-কলাক কলুষিত কৰি নৰক
                                যি আছে পচি |

Tumir para - poems of Ambikagiri Raychoudhury : তুমিৰ পৰা - অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা

তুমিৰপৰা
তুমি লাজৰ ৰাঙলী আভা
        গাভৰুৰ গোলাপী গালত;
তুমি শান্তিৰ জিৰণিখিনি
        চেনেহীৰ বাহুৰ তলত |
তুমি চুমাৰে উপচি উঠা
        লাহৰীৰ ৰঙচুৱা ওঁঠ;
তুমি চুমাৰে ৰাঙলী চৰা
        প্ৰেমেৰে আল্পুত মনোৰথ |
তুমি সুৱদি কটাক্ষ এটি
        সুম্দৰীৰ পদুমী চকুত;
তুমি অমিয়-মাধুৰি সনা
        মুখখনি সুন্দৰ নিখুঁত |
তুমি মনে মনে উঠি অহা
        চেনেহীত চুমাৰ হেঁপাহ;
তুমি প্ৰেমিকাৰ নিৰাশত
        প্ৰেমিকৰ অন্তৰৰ দাহ |
তুমি ৰসৰ প্ৰতিমাখনি
        সুন্দৰীৰ ৰসাল বুকুত;
তুমি মিচিকিয়া হাঁহিখিনি
        প্ৰেমিকাৰ মধুৰ মুখত |
তুমি উগুল-থগুল হোৱা
        বিলাসৰ গাভৰু এজনী;
তুমি আৱেগেৰে ভৰ-পূৰ
        বিৰহীৰ বুকুৰ কঁপনি |
তুমি বিলাসী বিচাৰি ফুৰা
        বিলাসিনী বিয়াকুল হই,
তুমি খোজে পতি সুন্দৰীৰ
        সৌন্দৰ্য্যৰ সোঁত পৰা বই!
তুমি দূৰণিৰ প্ৰেমিকৰ
        হেঁপাহৰ ব্যগ্ৰ হিযাখনি
তুমি বিৰহিণী-অন্তৰত
        মিলনৰ বলিয়া কঁপনি |
তুমি মিলনৰ প্ৰথমতে
        লাজুকীৰ কঁপি উঠা বুক;
তুমি সুন্দৰীয়ে সুন্দৰত
        মিলনৰ তৃপ্তিহীন সুখ |
তুমি নিতম্বিনী সাদৰীৰ
        নিতম্ব-চুম্বিত চুলিকোঁচা,
        দেখুৱাই অন্তৰত
        অতৃপ্তিৰ মহাচিত্ৰ ৰচা |
তুমি প্ৰেমেৰে উঠলি উঠা
        সোণালী বুকুত ৰসধাৰ;
তুমি প্ৰেমিকাৰ অধৰত
        ৰাখি দিছা মহাভোগ কাৰ?
তুমি ৰাঙলী ওঁঠেদি অহা
        মিঠা মিঠা মধুৰ হাঁহিটি;
তুমি শুই থকা সুন্দৰীৰ
        চকুটিৰ অলস পাহিটি |
তুমি মুকুতা টোপাল এটি
        প্ৰেমিকাৰ বিচ্ছেদী চকুত;
তুমি প্ৰেমৰ মদিৰা সানি
        গঢ়ি উঠা সুন্দৰ নিখুঁত |
তুমি মোলান দুডালি বাহু
        ধুই দিয়া সোণালী সোঁতেৰে |
তুমি শীতল পৰশ এটি
        এৰি দিয়া হেঙুলী হাতেৰে |
তুমি জোনালী আঙুলিকিটি
        ৰূপহীৰ সোণালী হাতত;
তুমি প্ৰাণৰ মিলন-ৰস
        ঢালি দিয়া প্ৰেম-কটাক্ষত |
তুমি ডেকাৰ প্ৰাণত থকা
        গুপুত হেঁপাহ বুজি পাই
        মিলন-বলিয়া বুকু
        এৰি দিয়া ওচৰ চপাই |
তুমি প্ৰেমিকৰ চুমা পাই
        ৰোহ পতা আদৰীৰ গাল;
তুমি সেন্দুৰৰ ফোঁট পিন্ধা
        সাদৰীৰ সাঁজলী কপাল |
তুমি প্ৰেমৰ ধেমালি খেলি
        উজাগৰ খপা চকুটিত
        চঞ্চলতা সানি মোক
        নিচুকোৱা কল্পনা-পাটীত?
তুমি সুগহীন ৰজনীত
        প্ৰেমিকৰ মধুৰ সাক্ষাত;
তুমি বিলাসত বুৰি পৰি
        মাতি অনা শান্তিৰ প্ৰভাত |
তুমি শুকুলা এখনি গাল
        সানি দিয়া উষালী ৰহণ;
তুমি কিশোৰী, ষোড়শী বালা
        আলেঙে ইঙ্গিত দিয়া মন |
তুমি পলাশী ওঁঠৰপৰা
        আথে-বেথে বাগৰি বাগৰি
পমি যোৱা কথাখিনি
        প্ৰেমিকৰ অন্তৰত পৰি |
তুমি আধা খহা ৰিহাখনি
        সুন্দৰীৰ উঠঙা বুকুত,
তুমি প্ৰেমিকক সঁপি দিয়া
        প্ৰাণখনি প্ৰাণৰ সুখত
তুমি গোলাপী গালত শোভা
        শাৰী শাৰী মুকুতাৰ ঘাম
        বিয়াকুল কৰি মোক
        সুষমা ঢালিছা অবিৰাম |
তুমি চঞ্চল এযুৰি চকু
        আলিঙ্গন বিচাৰি বিচাৰি;
তুমি গভীৰ ধ্যানত বহি
        পমি যোৱা প্ৰেমৰ পূজাৰী!
তুমি টিপতে সৰকি পৰি
        সপোনৰ প্ৰেম-কুঞ্জখিনি;
        লয়-লাসে নামি আহি
        বুকুত সাবটি ধৰাজনী |
তুমি আকুল প্ৰেমিকজন
        প্ৰেমিকাক আঁকোৱালি ধৰা;
        লাজত পমাই তুলি
        গালখনি গুলপীয়া কৰা |
তুমি দাপোণ আগত লই
        চাই চাই আপোন মাধুৰী,
        মিচিকি মিচিকি হাঁহি
        মুগ্ধ হোৱা ৰূপহী লাহৰী |
তুমি মিলনতে মজি পৰা
        ক’লা ক’লা ভুৰুৰ টিঙত
        মদনৰ শৰ হানি
        প্ৰেম-তৃষ্ণা জগোৱা প্ৰাণত |
তুমি বসন্তৰ চুমা পাই
        বিলাসিনী ষোল-বছৰীয়া;
        আউলী-বাউলী হোৱা
        মিলনত হই মতলীয়া |
তুমি হিয়াত সামৰি লই
        কাৰ এনে উদভ্ৰান্ত হেঁপাহ
        সুন্দৰীৰ ত্ৰিৱলিত
        সাজি আছা সৌন্দৰ্য্যৰ বাহ?
তুমি নিটোল নিতম্বযুৰি
        খোজে পতি উঠা কঁপি কঁপি,
তুমি সুখেৰে নিমগ্ন তাত
        মিলনৰ মন্ত্ৰ জপি জপি |
তুমি কেৰাহি কটাক্ষ এটি
        চেনেহীৰ চকুৰ চুকত;
তুমি চুমাৰ হেঁপাহ এটি
        ভৰ-পূৰ জোনালী বুকুত |
তুমি প্ৰেমেৰে ভৰাই ৰাখি
        সুন্দৰৰ ক’লা চকুযুৰি
        জলাকলা কৰি কিয়
        এইদৰে মাৰা মোক পুৰি?
তুমি কিয়নো লুকাই থাকি
        সাদৰীৰ ভুৰুৰ মাজত
        অতৃপিতি উদগোৱা
        মোৰ প্ৰেম-দগ্ধ হূদয়ত?
তুমি কিহেৰে ভৰাই ৰাখি
        সুন্দৰীৰ সুন্দৰ নাসিকা,
        লাহেকে বোৱাই দিয়া
        চুমা এটি দিবৰ বেলিকা?
তুমি বিমল মেখলা ফালি
        বই পৰা ৰূপহীৰ ৰূপ;
তুমি হেমালী উৰুত বহি
        সাজি থকা সৌন্দৰ্য্যৰ কূপ |
        তুমি বোৱাই হেমেজুধাৰ
        লাহৰীৰ লৱনু গালেৰে
        সৰজি সুষমা কিয়
        বান্ধা মোক বিৰহ-ডোলেৰে?
        ৰাতিটোৰ ভিতৰেদি
        ভাবি ভাবি ভাগৰি ভাগৰি,
তুমি কল্পনাত খেলা মোৰ
        প্ৰেম-খেলা বাগৰি বাগৰি |
তুমি জুনুক-জানাক খোজে
        কাষত কলসী লই আহি,
        এটিপতে অন্তৰত
        উদগোৱা অতৃপ্তিৰ বাঁহী |
তুমি চুচুক-চামাককই
        সুবিমল ৰিহাৰ আঁৰত
        কাৰনো মু’খনি আহা,
        থই দিছা পমাই কিহত?
তুমি ওৰণি আঁৰত কৰি
        মিচিকিয়া মিঠা মুখখনি
        প্ৰেমিকৰ গাত ঢালি
        এৰি দিয়া ৰসাল চাৱনি |
তুমি তৃপ্তিৰ কটাক্ষ এটি
        চাই লোৱা সুৱদি ছেগত;
তুমি লৱনু দুখনি ভৰি
        খোজ কঢ়া সুমন্দ বেগত |
তুমি মিলনৰ কথা শুনি
        টলমল নতুন কিশোৰী;
তুমি লাজেৰে দুখনি গাল
        ৰঙা কৰি মাৰা মোক পুৰি |

Mor beena - Poems of Ambikagiri Raychoudhury : মোৰ বীণা - অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা


  মোৰবীণা
        মোৰ চেনেহী সাদৰী বীণা,
        আজি শাৰদ সুৱদি দিনা
                তোৰ অন্ধ আতুৰ দৃষ্টি
                        খুলি ঢাল আজি
                        ত্ৰিভুৱন ৰাজি
                সঙ্গীত-সুধা বৃষ্টি |
শীতল শুদ্ধ সুৰৰ সিন্ধু সাঁতুৰি নাদুৰি দুলাই তুলি
মলিন বিশ্ব পখালি শৰীৰ মোহিনী ৰূপত উঠক ফুলি |
               
                সৌৱা সুনীল সিপাৰে বহি
                        কতনো যাতনা সহি
                মোৰ বিৰহ-ব্যথিত প্ৰিয়া
                        গান গাই গাই
                        মোৰে বাট চাই
                        কৰিছে আকুল হিয়া |

যা-যা-তই লৰালৰি কৰি মোৰো গানকিটি বুকুত লই
তাৰ সুৰে স’তে গলা-গলি কৰি গাগৈ ৰাগিণী একেটি হই |
                        কগৈ বাতৰি মোৰ
                আজি পৰিছে সকলো ওৰ;
                মোৰ সৰস হিয়াৰ তলি
                        বিৰহৰ হান
                        খাই থান-বান
                        উঠিছে বেথাত জ্বলি;-
এই সময়ত আহি যদি তেওঁ সাদৰি আদৰি চুমাটি খায়,
জলাকলা হোৱা হূদয়ৰ মোৰ তেহে যদি আৰু যাতনা যায় |
               
                        আহিব আহিব বুলি
                        ৰাখিছোঁ দুৱাৰ খুলি
                মোৰ হিয়া ভাঙা ৰঙা ৰেণু
                        বিৰহত পৰি
                        চাটি-ফুটি কৰি
                   আছ ৰাই বেথা-বেণু |
আহিলেই তাৰে বুকুত সাবটি ৰাজিম মোহিনী দুখনী গাল
সেই ৰূপ চাই শত জনমৰ যাতনা খেদাই জিনিম কাল |

Sketch madness - leisure

It has been a long time I haven't posted for sketch madness. I wish to do it regularly, but often I miss it. Hope I can do it regularly.


Mukti - Poem of Ram Gogoi - মুক্তি - ৰাম গগৈৰ কবিতা

                       মুক্তি

সমগ্ৰ আকাশ জুৰি নীলিমাৰ দিগন্ত বিস্তৃত,
প্ৰাণৰ দিগন্ত ব্যাপি মৃত্যুনীল কামনাৰ
বিস্তৃত আকাশ । ইয়াত জীৱন জ্বলে
সমবেত হেজাৰ স্বপ্নৰ । ৰাত্ৰি নক্ষত্ৰৰ দৰে
অথবা নক্ষত্ৰকীৰ্ণ ৰাত্ৰি আকাশৰ দৰে
নিৰুত্তাপ মৌন নীৰৱ ।

ম্লন হ'ল প্ৰভাতৰ বৰ্ণৰাগ নতুন ফুলৰ ,
এতিয়া নীৰৱ হ'ল বাসনাৰ সমুদ্ৰ কল্লোল ।
তথাপি শুনিছোঁ মই নিসংগ আত্মাত
জীৱনৰ জিজ্ঞাসাৰ অন্তহীন মিছিলৰ কোলাহল
অহা-যোৱা হেজাৰ স্বপ্নৰ । হয়তোবা
আ্পোন মৃত্যুৰ যন্ত্ৰণাৰ কৰুন সংগীত ।

মুক্ত বিহংগৰ দল উৰি গ'ল দিগন্তৰ ফালে ।
আপোন দুখত মগ্ন , তাৰে এটি ক্লান্ত প্ৰাণ
খন্তেক জিৰণি ল'লে অৰণ্যৰ সৰল বৃক্ষত ।
হঠাৎ শুনিলে সি মৰ্মগীত প্ৰাণ অৰণ্যৰ ;
সকৰুণ এটি মৌন মিনতিৰ দৰে
নীড় এটি সাজি ল'লে ।। স্তব্ধ হ'ল যাত্ৰাৰ কল্লোল ।
এদিন হঠাতে হ'ল নিসুপ্তিৰ অৱসান;
নতুন সূৰ্য জ্বলে মুক্তিৰ চকুৰ আগত ।
সমগ্ৰ আকাশ জুৰি নীলিমাৰ দিগন্ত বিস্তৃতি
জাকে জাকে উৰি গ'ল বিহংগৰ দল
প্ৰাণ কান্দে মিলনৰ আহ্বান শুনি ;
উৰিব পাৰিব জানো নীড় এৰি আকৌ এবাৰ ।

গৃহত্যাগী ৰাজকুমাৰৰ ত্যাগৰ বাণীৰে যদি
অশোকৰ ইতিহাস মহীয়ান হ' ল,
নিজক বিসজি যদি পাওঁ মই বিপুল বিশ্বক
অৱসান হওঁক তেনে এই ঘৃণ্য আত্মগ্লানি
আত্ম নিগ্ৰহৰ । ...... হঠাৎ বিহংগ মন
উৰি গ'ল, দুৰ দুৰান্তৰ পৰা আৰু দুৰলৈ ।

এই স্বপ্ন যতিহীন জীৱন কাব্যৰ
মই মাথো বিচাৰিছোঁ গতিময়
সেই ঢৌ নদীৰ বুকুৰ । সৰু এটি
ঢৌ হৈ উটি যাবলৈ । মোৰ
প্ৰাণৰ দিগন্ত ব্যাপি মৃত্যুনীল কামনাৰ
বিস্তৃত আকাশ । ইয়াত জীৱন জ্বলে
সমবেত হেজাৰ স্বপ্নৰ ।


Mukti - Poem of Ram Gogoi - মুক্তি - ৰাম গগৈৰ কবিতা 

Jowar jidina ahile - Poems of Ram Gogoi জোৱাৰ যিদিনা আহিলে - ৰাম গগৈৰ কবিতা


জোৱাৰ যিদিনা আহিলে 

ৰূদ্ধ পথৰ পাহাৰ বাগৰি
শিলনি বননি গছকি খলকি,
হেজাৰ হেজাৰ যুগৰ বুকুত,
তুলি জীৱনৰ -- মনৱিকতাৰ
আদি সৃষ্টিৰ কঁপনি,
মোৰ চেতনাৰ বিশাল নদীৰ
ঢৌ নাচি নাচি,
মুক্তি জোৱাৰ আহিলে যিদিনা
সিদিনাৰে পৰা
অযুত অক্ষয় মোৰ জীৱনৰ দাবী ।

মোক লাগে মাতৃগৰ্ভ পৃথিৱীৰ চিৰনতুন;
মই নিতৌ দেখিছোঁ মহাজীৱনৰ
অহা কালিৰ সপোন

স্বাগত হে অনাগত
বৰ্তমানৰ ভবিষ্যতৰ,
বিকাশমান ভ্ৰূণ

মাটিৰ বুকুত আমাৰ জীৱন
অজৰ অমৰ .... আমাক কোনে মাৰে ... ?
কেৱল আমাৰ বুকুৰ তেজেৰে
যুগে যুগে
পৃথিৱী উৰ্ব্বৰা হয় ।
' এই পৃথিৱীত ফচল নহয়'
কোনোবাই যদি কয়
শস্য শ্যামল মাটিৰ বুকুত
কোনোবাই দিলে জুই
ক্ষমাহীন আমি সংগ্ৰাম কৰি
সিঁহতক নিম ধুই .....

আমাৰ বিশ্ব সুন্দৰ হ'ব,
উভৈনদীৰ বান উঠিব,
মুখে মুখে গাম সৃষ্টিৰ গান
আগুৱাম অভিযান ......
জীৱনে জীৱনে মহাসৃষ্টিৰ
সংগ্ৰাম নিৰ্ভয়,
মৃত্যুৰ পৰাজয় ।
মোৰ চেতনাৰ বিশাল নদীত
নিতৌ উঠিছে ঢৌ .....
হেজাৰ হেজাৰ ঢৌ

Aghari - Poems of Ram Gogoi - অঘৰী - ৰাম গগৈৰ কবিতা


অঘৰী

কোনো এক সাধাৰণ জীপ্‌চী গাভৰূৰ
শ্ৰান্ত ক্লান্ত জীৱনৰ মৰণ কান্দোন,
হাট বজাৰৰ ধূলি ধূসৰিত শয্যাত কান্দে
বুভুক্ষু যৌৱন । বাধাহীন অভিসাৰ
উন্মত্ত প্ৰেমৰ ।

যাযাবৰী জীৱনৰ যাত্ৰা অনৰ্গল,
ধন-মান যশস্যাৰ বৃথা আড়ম্বৰ ।
সন্মুখত পৰি আছে পথ ;
জীৱন আৰু মৃত্যুৰ দুৰত্বৰ ব্যৱধান ।
বাৰোৱাৰী জীৱনৰ অভগন দাবী,
কড়ি আৰু পইচাৰ মহা সমাৰোহ,
বিজেতাৰ আৱৰণহীন গৌৰৱ ।
ভৃত্য প্ৰেম পৰশকাতৰ অৱসৰ ...
অৱসৰ ক'ত ...

গৃহহীন জীপ্‌চি জীৱন কথা ।
সভ্যতাৰ কোনো এক ৰুপোৱালী প্ৰভাতত
হয়তোবা যাত্ৰাৰ আৰম্ভ । অন্তহীন জীপ্‌চি কাহিনী ।
অনেক ভ্ৰমিলোঁ পথ , অনেক কটালোঁ ৰাতি
সংকটৰ, পৃথিৱীৰ হাট বজাৰত ।
চাৰ্ব্বাক, প্লেট' , ৰুচ , দৰ্শন , উপনিষদ
কালৰ মামৰে যাক নোৱাৰিলে ছুব,
এৰি থৈ আহিলোঁ সবাকে
নতুনৰ সন্ধানত ।

সত্য আৰু সুন্দৰৰ পাছে পাছে
শাশ্বত সুন্দৰ বিচাৰি
অবিৰাম মহা জীৱনৰ,
ফুৰিলোঁ অনেক পথ;
(নীৰৱ এতিয়া য'ত ইতিহাস কালৰ গৰ্ভত
আমি তাৰ উত্তৰাধিকাৰী ।)

যাযাবৰী জীৱনৰ যাত্ৰা অনৰ্গল,
এই যাত্ৰা, এই পথ হ'ব জানো শেষ ।
অৱসৰ ...... অৱসৰ ক'ত ....





পথাৰ : ৰাম গগৈৰ কবিতা - pothaar : Poem of Ram Gogoi



শাওণৰ মেঘমুক্ত নীলাকাশ                                         
সূৰ্য্যস্নাত ক্লেদময় হে বিশাল পথাৰ ....... বিপুল সম্ভৱা
নাঙলৰ সীৰলুত সোণ ফলা মাটিৰ কামনা
ঘ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা ।

কপালৰ ঘাম লাগি সেউজীয়া পথাৰ আমাৰ
তুমি প্ৰাণময়, মোহময় জীৱন মালিকা । পথাৰ,
তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা
আদিতম প্ৰভাতৰ মানুহৰ ইতিহাস
আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ
মৃতস্নান কৃষকৰ সাধনা কঠোৰ;
নিৰন্ন বিমৰ্ষ আৰু ক্লান্ত ...... শ্ৰান্ত সন্ধিয়াত
দুঃসহ হৈ পৰে । মহাজনী অৰ্থনীতি ঃ দৈনন্দিন
লাভ আৰু ক্ষতিৰ গননা ।

পাৰ ভাঙি পানী আহে
সোঁতৰ ছেৱে ছেৱে বাঢ়ে, নাচে আৰু হাঁহে ।
ক্ৰুৰ সৰ্পঃ ফেনিল উত্তল তৰংগ ৰাজি
বুকুৰ সেউজ সপোনটোক কাঢ়ি লৈ যায়
বাধা নাই অবাধে আহিল আৰু গ'ল । তেতিয়া
মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে ।
বিচিত্ৰ অভিব্যক্তি । সন্মিলিত কৃষকৰ সমস্বৰ দৃঢ়কণ্ঠ
বিননিত বিদ্ৰোহৰ জাগৰণ আহে । অভ্যুদ্যয় প্ৰভাতী চেতনা ।
অগ্নিদীক্ষা ...... দ্ৰুত অভিযান অবিৰাম । অধিকাৰ,
সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজেৰঙা ইতিহাস
লিখা হয় । পৰিৱৰ্তন । আৰু
হাল, কোৰ, দা নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক
পলাতক উদ্বাস্তু মহাজন, পুঁজিপতি , সমস্ত শোষক ঃ
বনপানী পাৰ ভঙি আৰু আহিব নোৱাৰে ।
সেউজীয়া প্ৰাণৰ পথাৰ
সোনালী ৰুপালী হয়; বাকৰিত সোণগুটি লাগে

নতুন ..... আৰু নতুন ।
হে পথাৰ ,
হে সৃষ্টি সম্ভৱা বিশাল পথাৰ,
তোমাক নমস্কাৰ ।


Read other poems of Ram Gogoi


Kori o Komal -- Rabindranath Tagore poems - রবীন্দ্রনাথ ঠাকুরের কবিতা - কড়ি ও কোমল

                     প্রাণ 

মরিতে চাহিনা আমি সুন্দর ভুবনে 
মানবের মাঝে আমি বাঁচিবারে চাই । 
 এই সূর্যকরে এই পুষ্পিত কাননে
জীবন্ত হৃদয় মাঝে যদি স্থান পাই !
ধরায় প্রাণের খেলা চির তরঙ্গিত ,
বিরহ মিলন কত হাসি-অশ্রুময় —
মানবের সুখ দুঃখে গাঁথিয়া সংগীত
যদি গো রচিতে পারি , অমর -আলয় !
তা যদি না পারি তবে বাঁচি যত কাল
তোমাদের মাঝখানে লভি যেন ঠাঁই ,
তোমরা তুলিবে বলে সকাল বিকাল
নব নব সংগীতের কুসুম ফুটাই ।
হাসিমুখে নিয়ো ফুল, তার পরে হায়
ফেলে দিয়ো ফুল, যদি সে ফুল শুকায় । ।

Stories of Laksminath Bezbaruah - নিস্তাৰিণী দেৱী বা ফতেমা বিবি - Nistarini devi ba fatema bibi

নিস্তাৰিণী দেৱী বা ফতেমা বিবি 

              দেওবাৰ, দুপুৰীয়া । পৰক আপোনাৰ কৰি , অৰ্থাৎ পানীৰ মাছ , পথাৰৰ ভাত , বাৰীৰ শাক পাচলি, বজাৰৰ লোণ তেলক অন্তৰংগ বন্ধু কৰি লৈ, অৰ্থাৎ পোনাই ক'বলৈ গ'লে ওপৰত কোৱা বস্তুবোৰ দকচি এপেটকৈ খাই উঠি 'ইজিচেয়াৰ'  বা 'আৰামচকী' এখনৰ উপৰত পূৰ্ণ বিশ্বাস স্থাপন কৰি সম্পূৰ্ণৰূপে ভৰ দি , নিজৰ হাত-ভৰি মূৰেৰে সপৰিবাৰে শৰীৰটো তাত থাপি, বনৰীয়া উতনুৱা ছটা বাৰৰ লগৰীয়া-ঘৰচীয়া জাতি দেওবাৰটোক নথৈ শলাগি, আদখিনি মেলা আদখিনি জোপোৱা চকুৰে দেহাৰূপী বৰঘৰটো আন্ধাৰ-পোহৰ কৰি থাকি , নলিচা লগোৱা গুৰগুৰিটোৰ সৈতে টোৰোক টোৰোক ভাষাত অ তীত কালৰ পাহৰা কথা সুঁৱৰি সুঁৱৰি পাতি আছোঁ । এনেতে মোৰ পকী ঘৰৰ চালৰ ওপৰত গিৰিংকৰে কিব এটা শব্দ শুনিলোঁ । মোৰ বৈ থকা সুখনৈৰ সোঁতটোৱে ততালিকে ওভতনি পাক ল'লে আৰু মই উঠি গৈ দেখিলোঁ যে পকীঘৰৰ চালৰ ওপৰত কাম কৰা ৰাজমিস্ত্ৰীবোৰৰ ইটা যোগোৱা কুলিয়নী তাই মূৰত লৈ যোৱা এপাচি ইটাৰে সৈতে চালৰ ওপৰত হঠাতে পিছলি পৰি মূঁছকঁছ গৈছে । লৰালৰিকৈ পানী আনি তাইৰ মূৰত দিবলৈ দিহা নকৰি মিস্ত্ৰী কেইটাই অবাক হৈ ভোজখোৱা শিয়ালৰ দৰে চাই আছে । 'হেৰ বাঘে খোৱা গৰুহঁত' । লৰালৰিকৈ পানি অনাই মানুহজনীৰ মূৰত থপিয়াই দিয়ালো । অলপমান বেলিৰ পিছত তাইৰ ধাতু আহিল । তাৰ পিছত দাংদোলকৈ তাইক ধৰাই লাহে লাহে তললৈ নমালোঁ । এপাচি ইটাৰে সৈতে পৰি তাই বৰ টান পোৱা বাবে তাইৰ তেনে হৈছিল । মানুহজনী গা-ভাৰী আছিল । তাই তেনেকুৱা অৱস্থাত কিয় ইমান গধুৰ কাম কৰিবলৈ আহিছে বুলি সোধাত তাই ক'বলৈ ধৰিলে ।
                'হুজুৰ ! মোৰ দুখৰ কথা ক'ম , ক'লে ওৰ নপৰে । কপালৰ লিখন কোনেও খণ্ডাব নোৱাৰে । আল্লাৰ মৰ্জি । আল্লাই মোক সৰুতে আই-বোপাই, ককাই -ভাই , বন্ধু-বান্ধৱ , ঘৰ -বাৰী সকলোৰে পৰা বঞ্চিত কৰিলে । বঞ্চিত কৰিলে মানে কিজানি হুজুৰে ভাবিছে , তেওঁলোক মৰি-হাজি ঢুকাল । সি নহয় । মইহে তেওঁলোকৰ মনত মৰি - হাজি ঢুকালোঁ । কেনেকৈ তেনে হ'ল, মই কওঁ শুনক ।' ¬
               'আমাৰ ঘৰ বৰ্ধমান জিলাৰ বামুণগাওঁত । আই বোপাই, ককাই-ভাই ধন-ধান্যেৰে আমাৰ ঘৰ জয়জয়-ময়ময় আছিল । গাওঁৰ ভিতৰত মোৰ বোপাই সকলো বিষয়তে বৰমূৰীয়া আছিল । কিন্তু তেওঁৰ স্বভাৱটো অতি উগ্ৰ আছিল দেখি গাওঁৰ ভিতৰৰ সৰহখিনি মানুহে তেওঁক ভাল নাপাইছিল । আমাৰ ঘৰ মানুহ ধন-বিতেৰে চহকী দেখি আমাৰ দুখীয়া বঙহ - পৰিয়ালবিলাকেও আমাৰ শ্ৰী সহিব নোৱাৰি সদায় আমাক খিয়াল কৰিছিল । পিতাদেৱে কাৰো ওচৰত সৈমান হৈ নচলি কাকো গ্ৰাহ্য নকৰি লোকৰ মনৰ সেই ভাবটো আৰু দ কৰি দিছিল ।'

             'আমাৰ গাওঁৰ ওচৰত ঘৰচেৰেক মুছলমান মানুহ আছিল । আমাৰ পথাৰৰ খেতি-বাতি আদি কামত আৰু ৰূপৱান বাঢ়িলে ধাৰে নিয়া আদি বিষয়ত সততে সিঁহতে আমাৰ ঘৰৰ মানুহক উপাসা - ভৰষা কৰি চলিছিল । মোৰ এতিয়াও ভলকৈ মনত পৰে ; মই তেতিয়া সাত বছৰীয়া ছোৱালী । এদিন মই আমাৰ ওচৰ-চুবুৰীয়া সমনীয়া ছোৱালী জনীচেৰেক সৈতে কাকো নোকোৱাকৈ মনে মনে মুছলমান এঘৰত ঈদ চাব গৈছিলোঁ । আমাক দেখি সেই ঘৰৰ তিৰোতাবিলাকে সন্তোষ পাই আস্তব্যাস্ত কৰি বহুৱালে আৰু 'চিমাইৰ পায়স' খাবলৈ দিলে । ছোৱালী মানুহ আমি আগ-গুৰি ভাল-বেয়া একো নুগুণি পেট ভৰাই পায়স খাই বৰ ৰঙেৰে ঈদ চাই গধূলি ঘৰলৈ উভতি আহিলোঁ । পিতাদেৱৰ অনেক শত্ৰু । তাৰে ভিতৰে কোনোবাই সেই কথা গম পাই , লৰলৰিকৈ আহি গাৱত ৰাষ্ট্ৰ কৰি দিলে যে অমুকৰ জীয়েক নিস্তাৰিনীয়ে মুছলমানৰ ঘৰত পায়স খাই আহিছে । লগৰীয়া আনকেইজনী ছোৱালীৰ নামকে নোলাল, অকল নিস্তাৰিণীৰহে নামটো ওলাল । এই বাতৰি পিতাদেৱৰ কাণত পৰিলত তেওঁৰ মুৰত আকাশী স্বৰ্গ ভগি পৰিল । লোকৰ দোষ বিচাৰি ফুৰা তেওঁৰ, লোকৰ ওপৰত কথাই কথাই বৰমতআ ওলোৱা তেওঁৰ গৰ্বটো গোটেই গাওঁৰ মানুহে ধৰি খৰ্ব কৰি পেলালে । তেওঁৰ জাত গ'ল বুলি তেওঁক এঘৰীয়া কৰিবলৈ সকলোৱে ভয় দেখুৱালে । লাজ-অপমান আৰু খঙত তেওঁ মৰ্মান্তিক হই সোণৰ সোলেং যেন সাত বছৰ বয়সীয়া জীয়েকক য'তে মৰে ত'তে মৰকগৈ বুলি ঘৰৰ পৰা উলিয়াই দিলে । তাই কান্দি কাটি বিবুধি হ'ল । পিতাদেৱৰ মুৰ্তি দেখি চুৰ্তি হেৰাই কি কৰিম ক'লৈ যাম ভাবি বিবুধি হ'লোঁ । মই আশ্ৰয় বিচাৰি চিনাকি মানুহ যাৰে ঘৰলৈ গ'লোঁ , সিয়েই মোক ছেই ছেই কৰি খেদাই দিলে । অন্তত মই বিবুধি হৈ লাহে লাহে সেই মুছলমানৰ ঘৰলৈ গৈ ওলালোগৈ ।  সিঁহতে মোৰ সকলো কথা শুনি মোক আতৌ পুতৌ কৰি সিঁহতৰ ঘৰতে ৰাখিলে । ময়ো কি কৰিম একোকে ভবি নাপাই তাতে থকিলোঁ । নেদেখা জনৰ ইচ্ছাত অমুকা বামুণৰ জীয়েক নিৰাশ্ৰয়া নিস্তাৰিণী নৰু মিঞা মুছলমানৰ ঘৰত আশ্ৰয় পাই মুছলমান হ'ল ।

              লাহে লাহে মই নৰু মিঞাৰ জীয়েকৰ পদ পালোঁ । বিপদৰ কালত নৰু মিঞা - মিঞানীয়ে মোক সাৱটি ধৰিলে । মোৰো ছোৱালী মন সকলো দুখ -বেজাৰ পাহৰি নতুন অবস্থাৰে সৈতে মই মিলি গলোঁ । বোপাইৰ মনত পায়স ফেটীসাপে মোক খুটি মাৰিলে । আয়েও বোপাই আৰু লোকৰ ভয়ত মোৰ বিষয়ে সেইদৰেই কিছুমান দুৰ ভাবিবলৈ বাধ্য হ'ল । কিন্তু মাকৰ মন বৰ ডাঙৰ বস্তু হুজুৰ , ৰাইজৰ ভয়েও সদাই তাক ভৰিৰ তলত ৰাখিব নোৱাৰে । আয়ে লুকাই-চুৰকৈ জীয়েকলৈ টোপোলাটো বস্তুখন, বেহানিখন নপঠিওৱাকৈ আৰু জীৱেকৰ বাতৰি নোলোৱাকৈ থাকিব নোৱাৰিছিল, কাৰন পিতাদেৱে কৈছিল যে মোক তেওঁ দেখিলে ছোৱা ছোৱাকৈ কাটিব । কবলৈ পাহৰিছোঁ, মই নৰু মিঞাৰ ঘৰত থকাৰ এবছৰৰ পিছত মোক মুছলমান কৰি ফতেমা বিবি নাম দিয়া হ'ল । মোৰ পোন্ধৰ বছৰ বয়সত মিঞা-মিঞানীয়ে মোক এজন মুছলমান ডেকা ল'ৰাৰে বিয়া দিলে । তেওঁৰ ফালৰ পৰা মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী হৈছিল ।তিনি চাৰি মাহ মান হৈছে , মাউৰত পৰি মোৰ গিৰিহ'ত আৰু ল'ৰা - ছোৱালী দুটি মৰিল । তেওঁ ডাকঘৰতে হৰকৰাৰ কাম কৰিছিল, আৰু একো ধন-বিত ৰাখি থৈ যাব নোৱাৰিলে । মই চাৰিমহীয়া গা-ভাৰি মানুহ । মোৰ খাবলৈ ভাত নাই , পিন্ধিবলৈ কাপোৰ নাই, কোনো সহায় নাই, উপায় নাই ।এই পৃথিৱীত দুখ ভুঞ্জিবলৈ মোক আল্লাই জীয়াই থৈছে । মোৰ শৰীৰ এনে অৱস্থাত মই কুলিৰ কাম কৰি পেটৰ ভাত-কাপোৰ মোকলাবলগীয়াত পৰিছোঁ ।আজি যেতিয়া এপাচি ইটাৰে সৈতে হুজুৰৰ ঘৰৰ চালৰ ওপৰত পৰিছিলোঁ । তেতিয়া ভবিছিলোঁ যে খোদাই দুখুনীৰ ওপৰত কৃপা কৰিলে । মোক মাৰি নিব। কিন্তু লেলেতীয়া জীৱৰ ইমান সোনকালে দুখৰ ওৰ কিয় পৰিব , সেই দেখি নমৰিলোঁ ।

             মোৰ বোপাই ঢুকাল ।। আই এতিয়াও আছে ।বোপাই ঢুকুৱাৰ পিছত তেওঁৰ ধন-সম্পত্তি সকলোবোৰ কেনিবা উৰি গ'ল আৰু আই বৰ দুখত পৰিল । মোৰ ককাইটোৱে খেতি-বাতি কৰি আইক নিজৰ ল'ৰা-তিৰোতাক অতি কষ্টেৰে কোনোমতে পোহে । এতিয়া মই অৱশ্যে আইক চাবলৈ মাজে যাওঁ । কিন্তু তেওঁক পাইটো  পইচাটো দি সহায় কৰিব নোৱাৰোঁ । কাৰণ তেনেহ'লে তেওঁৰ জাত যাব; তেওঁৰ হিন্দু বঙহ পৰিয়াল আৰু গাওঁৰ মানুহে তেওঁক এঘৰীয়া কৰিব ।মই দুই-চাৰি  অনাকৈ গোটাই মহে মাহে এটকা-দুটকাকৈ ৰূপ আইলৈ লুকাই পঠিয়াই দিওঁ, তাৰে তেওঁৰ লোণ-তেলৰ খৰচ চলে । এই পৃথিৱীত  মোতকৈ দুখিত প্ৰাণী, হুজুৰ কোনো নাই । কিন্তু হুজুৰ এটা কথা কওঁ, আমাৰ দেশখন জাতেই খালে । জাত কৈ ইটোৱে সিটোক ঘিণাই, হিন্দু-মুছলমান বুলি এটা ধৰ্মৰ মানুহে আনটোক ছেই ছেই কৰি মিছাতে আমাৰ দেশখন 'জহন্নামে' নিলে । আল্লাৰ আগত সকলো জাতৰ সকলো ধৰ্মৰ মানুহ সমান হুজুৰ । ইপুৰীত মই মোৰ আই-বোপাইক নেপালোঁ,, সিপুৰীত নিশ্চয় মাক খোদাই তেওঁলোকক দিব । দুখুনী ফতেমাই এইকেষাৰ কথা ক'লে - নিশ্চয় নিশ্চয় , হুজুৰ জানিব , ই ফলিয়াবই ফলিয়াব ।'