আগবাৰীতে ফুলিলে
সোণে মোৰ চম্পা
সেউতী মালতী
সোণে মোৰ চম্পা
গোন্ধৰ গুটিমালী
ৰঙাকৈ ৰেৱতী
আমোলে মোলে ঐ
সোণে মোৰ চম্পা |
সোণৰে পখিলা
ৰূপৰে পখিলা
ফুলনো জিলিকি উৰে মোৰ
সোণে মোৰ চম্পা |
ক’ৰে বনৰীয়া
ফুটুকা ধুনীয়া
চৰায়ে বিনালে
অময়া সুৰেৰে
সোণে মোৰ চম্পা |
No comments:
Post a Comment