kramasha - eta sadhukatha (ক্ৰমশঃ - এটা সাধুকথা) - Nabakanta Barua

এইখন দেশ আমি চিনি পাওঁ
ইয়াৰে বজাৰে, বাৰী-কোঁৱৰৰ সাধুকথা
আমি যুগ যুগ ধৰি
নতুন গঢ়েৰে গঢ়িছোঁ ।
তেজীমলা মৰি ভোগজৰা হয়
ৰাজকোঁৱৰৰ সোণৰ কাঠীত
পাতালপুৰীৰ ৰাজকুঁৱৰীৰ টোপনি ভাগে ।
ওপৰত কাৰ পাখিৰ শব্দ ...  কলৰ ড্ৰেগন ....
তাঁতৰ শালত চিলনীৰ জী চক খাই উঠে
মাথো চঁক খাওঁ ...
জানিছিলোও জানো এইখন মৰা দেশ ?

এয়া নৈৰ পাৰ
সাউদৰ ডিঙা বেহা লৈ অবোধ কেতেকী হয়
এলাগী ৰাণীৰ চকু-পানী সৰে
ডাইনী বুঢ়ীৰ হাতত কিমান ৰজাৰ পুতেক মৰে ...

এয়ে নৈৰ পাৰ
শামুকৰ খোলা ৰ'দত জিলিকি চকুত পিয়াহ লগায়
পানী ক'ত পানী ?
ক'ত সেউজীয়া পাৰৰ ধাননি ?
কাগজৰ পোকে খাই গ'ল নেকি কবিতাৰ সেই ৰং ?
লুইত শুকান - লুইতত পানী নাই
পাটকুঁৱাবোৰ পাতালৰ বিহ অহা বাট ।
এটোপা পানী ?
বিলৰ শুকান বোকাৰ মাজত
শুকান মাছৰ কাঁইটত লাগি ওলায় আমাৰ লুণীয়া তেজ
পানী ক'ত ? পানী ?
পাতালৰ পানী - আকাশৰ পানী ?
নগা পাহাৰৰ টিঙৰ সিপাৰে মেঘ জানো সেয়া ?
চিয়াঁহীৰে ক'লা ব্লটিং কাগজ !
পানী ক'ত ? পানী নাই ।
চাকিনা, তোমাৰ জিভাৰ ৰসেৰে কিমান জীয়াই ৰাখিবা
ইতিহাস জোৰা কাৰবালা মৰু প্ৰান্তৰ -
তেজঘড়ীটোৰ ৰঙা তেজবোৰ পৰি পৰি শেষ হ'ল ।
লীলাৰ ডিঙিৰ মণি সৰি পৰি
বীজগণিতৰ সৃষ্টি হয় ।
কিন্তু সময় ?
নৰয় ।

কমলা কুঁৱৰী, কমলা কুঁৱৰী
জল-কোঁৱৰৰ সপোন মিছানে ?
পানী ক'ত
পানী কিমান হ'ল ?
সৰ্গদেও নাই - সময়োযে নাই - আমাকেই কোৱাঁ
পানীবা কিমানে হ'ল ।
কমলা কুঁৱৰী বুৰি গ'ল
কমলা কুঁৱৰী বুৰি গ'ল আৰু ইতিহাস জুৰি পৰি ৰ'ল মাথোঁ ।
শুকান হাড়ৰ দেশ
মৰা পৃথিৱীৰ দেহ !
সাউদৰ নাও তথাপি চলিছে
সাউদৰ নাও খৰাং মাটিতো চলে ;
পানীৰ পিয়াহ সাউদৰ নাই - মাথোন সোণৰ পিয়াহ ।
পানী দিম বুলি আমাৰ চ'ৰাতে
গাঁত খানি খানি সোণ বিচাৰোঁতে
সাউদে কেবল পালে
হেজাৰ হেজাৰ ফুল কোঁৱৰৰ মণি কোঁৱৰৰ
লাওখোলা আৰু জঁকা ...

আমি তাত এটা পুৰনি সাধুকে শুনো
শুকান বালিত শুকান বোকাত সিহঁতে উচুপি কান্দে ঃ
           আছিলোঁ ৰজাৰ পুতাই
           তপত বালিত পৰি কান্দো আজি
           আৰু বা কি বিলৈ ?
আৰু বা কি বিলই
কিহৰ বিলই ?

আমি জানো কি বেদনা
অসংখ্যৰ মৃত্যুৰ সেতু
তাৰ ওপৰেদি জীৱনৰ সৰিসৃপ আহিছে বগাই -
আৰু বা কি বিলই আছে
কোনে ক'ব
এই এটা সাধু আজিওতো শেষ হোৱা নাই


No comments:

Post a Comment