Poems of Amulya Barua - Bhular karane matho sristi bidhatar ("ভুলৰ কাৰণে মাথো সৃষ্টি বিধাতাৰ")

"ভুলৰ কাৰণে মাথো সৃষ্টি বিধাতাৰ"


বিচলিত হবা জানো নোহোৱাতো তুমি ?
ধনৰ দৌলত দেখি ধনেৰে হেতালি খেলি
           ধনকে ফুৰিলা চুমি
নিষ্পেষিত অনাহত বেদনাৰ বিৰাট হৰ্ম্য
           গঢ়ি তুলি ল'ই
কোন সিটি পথৰ ভিখাৰী, তোমাৰ কাষত,
           চিনি পোৱা নাই ?
কিবা তাৰ গুপুত ৰহস্য কিনো জানো উদ্ঘাটন
           কৰি,
সংসাৰৰ এটি সুৰ এৰি সিটো সুৰে ফুৰিছে
           বাগৰি  ।
বেদনাতে পুলকিত হ'ই বেদনাকে ধৰিছে
            সাৱটি ,
কোনে তাৰ ঘাত -প্ৰতিঘাত বুজে আজি অন্তৰে
            আৱৰি ।
মাথো শত কটাক্ষ চাৱনি সনা তাতো ঘৃণা
           বিষ্ফোৰণ
হায় মানৱৰো কৰ্কশ হৃদয়, নবই কাৰো ব্যথা মাথো
           কঠুৱা বচন
জহি যাব সংসাৰৰ এটি মাথোঁ লেৰেলা
           কুসুম
তাৰ বাবে নুঠে কাৰো হিয়া ভেদি কৰুণ বিননি
           এয়েনেকি সৃষ্টিৰ পাতনি ?
এয়ে জানো সঁচা ?
            অনাদৰ অযত্নেৰে গঢ়া নেকি দুখীয়াৰ দুখৰ জীৱন
                       নাই জানো একনিও সুখৰ সংসাৰ ।
মহা ভুল মানৱৰ
           ভুল কাৰ ? বিশ্ব ভুল তুমি, ভুলৰ কৰণ মাথোঁ
                       সৃষ্টি বিধাতাৰ ।।

No comments:

Post a Comment