স্বৰ্গ-মৰ্ত্ত্য-মিলনৰ সাক্ষ্য দিয়ে
আকাশে সাগৰে;
পাতালকো কৰে এক চামে চামে
মিলন-আকৰে |
সুমেৰু কুমেৰু মিলে, -মেৰু-দণ্ড
মূৰ পুতি জোঁটা |
বিষুব-বান্ধনি মেৰ, ভুমণ্ডল
আঁকোৱালি অটা |
উদয়-অচল-স’তে অস্তাচল
ধ্ৰুৱ সম্মিলন;
পীতাম্বৰ পূজাৰীয়ে পুৱা সন্ধ্যা
কৰে আৱাহন |
পদ্ম-ৰাগ সূৰুযৰ দিনমান
মিলন-পোহৰ,
চন্দ্ৰ-প্ৰভা কুমুদত মিলনৰ
হিয়া-সৰোবৰ |
প্ৰতিভাত প্ৰকৃতিত পুৰুষৰ
মিলন মহিমা;
সৃষ্টিৰ স্বীকাৰ্য বিয়পিছে,
নাই তাৰ সীমা |
সখি-মিলনৰ ফল কৃষ্ণাৰ্জ্জুন,
গীতা-উৎপতি;
মানৱাত্মা-মুক্তি হেতু জগতত
শ্ৰেষ্ঠ ধৰ্ম ভেঁটি |
সৃষ্টি স্থিতি প্ৰলয়ৰ সম্বন্ধ-নিৰ্বন্ধ
গূঢ় তত্ব;
একৰ কাৰণে তিনি, বিশ্বপ্ৰাণ
মিলন-মহত্ত্ব |
No comments:
Post a Comment