পদুমৰ অভিযান
অসুখীয়া মনে মোৰ
অসুখৰে ভাৰ বই
অসুখৰ সাধনাকে সাধি
নিজৰ অসুখ বুলি
পৰকো অসুখী কৰি
দুখ দিয়ে জীৱন অৱধি ।
অসুখেৰে খেলা খেলি
জীৱনৰ আধ বেলি
মিছাকৈয়ে দিলো উটুৱাই;
সুখৰ বসুধাখনি
দুখৰ আন্ধাৰে ঢাকি
আন্ধাৰতে গলো ভটীয়াই ।
বহুদুৰ বাট বুলি
ভাগৰৰ বেমেজালি
বেদনাৰে বোজা বান্ধি লৈ;
নিৰাশ দুপৰ নিশা
পালক পালিকা তৰি
নাওখনি মেলি দিলো মই ।
লক্ষহীন তৰণীৰ
গতিহীন নিৰৱতা
ভেদকৰি গলোঁ বহুদুৰ
নিজঅন নিমাত হায়
জীৱন সাগৰ পাৰ
এতিয়াও পৰা নাই ওৰ ।
ধীৰে ধীৰে যাব মোৰ
বাধাহীন নাওখনি
দুৰ আৰু অতি দুৰলৈ;
ছিগি গ'ল আলজৰী
ফুটি য'ক নাওতলি
তথাপিও ভটীয়াম মই ।
যেতিয়া শিকিম মই
ভাললগা কথাবোৰ
বতাহতে বৰষুম মই,
ভয়লগা সাগৰৰ
বিভীষিকা হৰষত
উটুৱাম কাটি শত ঢ'উ ।
তেতিয়া কৰিম মই
দৰদী প্ৰিয়াক মোৰ
পৰানৰ প্ৰিয়া বিনন্দীয়া
হাত পাতি খুজি লম
তথাপিও যত ফুল
মৰমৰ মালা গাঁথি দিয়া ।।
No comments:
Post a Comment