জানাতো সৃষ্টিৰ লীলা বিধিৰ হাতত,
প্ৰকৃতি-পুৰুষ, যিবা মানব মানৱী ।
সৃষ্টিৰ পাতনি ৰূপে মায়াৰ বিকাশ,
জগতৰ সৃষ্টি পাছেচ পাছে জীৱগণ ।
স্বৰগ, মৰত আৰু পাতাল নামত
ত্ৰিজগত নিৰমাণ - ব্ৰহ্মাণ্ডৰ ভাগ ।
স্বৰগৰ দেৱগণ, উচ্চতম জীৱ
অনুপম ভোগ-অধিকাৰী । সেইমতে
আৱিৰ্ভাৱ, স্বৰগত প্ৰকৃতি পুৰুষ ;
মৰতত একাকাৰ মানৱ-সমাজ ।
বহু কাল ভুঞ্জি পাছে প্ৰকৃতি-বিলাস,
বাঢ়িল সংসাৰ-মায়া দেৱ-সমাজত ।
একাকাৰ মানৱৰ ধাৰে-বোৱা সুখ
দেখি হিংসা উপজিল দেৱতা-প্ৰাণত
দেৱতা-সেৱক নৰ; তাৰ সুখ-শান্তি
অমৰ-বাঞ্ছিত ! ৰিজনিত হিংসা-দ্বেষ,
লাজ-অপমান দহিলে দেৱতা-প্ৰাণ ।
আৰোপিলে বিধাতাৰ পক্ষপাত দোষ ।
অনতিপলমে গই দেৱ-কুল-মণি
নিৱেদিলে মনোদুখ বিধি-সমীপত ।
দেৱতা-স্তুতিত হ'ল সুপ্ৰসন্ন বিধি;
প্ৰতিশ্ৰুতি সৃষ্টি-কৰ্ত্তা দেৱতাৰ পাশে ।
ঘটাব সৃষ্টিৰ পুনু সংস্কাৰ যুগুত ।
প্ৰণমি প্ৰভুৰ পদ হৰিষ অন্তৰে
উলটিল সুৰ-পতি পূৰ্ণ মনোৰথ ।
নামিল বিধাতা পাছে হেমকূট গিৰি;
ল'লেহি আসন, জুৰি সৃষ্টি-গুণ-গান
প্ৰকশিলে দিব্য জ্যোতি নৰলোক জুৰি ।
ছিটিকি চলিল হায়, ঈশ জ্যোতি পাশে,-
উতলা ফৰিং যেন প্ৰদীপৰ ফালে !
চাপিল যেতিয়া কাষ নৰ সৃষ্টি আহি,
সম্বুধি বুলিলা প্ৰভূ সকৰুণ বাণী, -
"জানা পুত্ৰ নৰগণ, সৃষ্টিৰ মহিমা;
উদ্দেশ্য ইয়াৰ এক নিগুঢ় কাৰণ ।
মানৱৰ একাকাৰ নেলাগে মনত,
বহু-ৰূপে সৃষ্টি মোৰ ব্ৰহ্মাণ্ড বিয়াপি ।
মানৱৰ একাকৰ নেলাগে মনত,
দেৱতাৰ অনুৰূপ বাঞ্ছো মানৱত ।
প্ৰত্যেক মনৱ দ্বিধা হোৱা, আজ্ঞা মোৰ;
এক হন্তে দুই যেবে - প্ৰকৃতি -পুৰুষ ।"
আজ্ঞা মাত্ৰে দুই হ'ল প্ৰত্যেক মানৱ,
প্ৰকৃতি - পুৰুষ সৃষ্টি মানৱ-মানৱী ।
সেই হন্তে অৰ্ধাঙ্গিনী প্ৰথম সৃজন ।
ইৰূপে সৃজিলে যেই মানৱ-সংসাৰ,
আৱৰিলে দুটি চকু মায়-কুৱলীয়ে ।
অপূৰৱ লীলা এক, সংসাৰ মহিমা,
থিতাপিলে প্ৰতি প্ৰাণে অভেদ্য কৌশলে ।
অনন্ত মায়াৰ মাজে লীলাৱান নৰ,
লীলাৱতী নাৰী স'তে কৰি সান-মিল
সমুদায় অৰ্ধ-অৰ্ধাঙ্গিনী, নৰ - নাৰী,
সিচিলে চৌপাশে বিধি আদেশি পুনৰ,
"যোৱাঁ ঘুৰি অৰ্দ্ধ-অঙ্গ; নিজ-অৰ্দ্ধাঙ্গিনী
বিচাৰি মিলিবা সবে ! মিলন ফলত
পাবা এক অতৃপ্ত সম্ভোগ । অন্ত তাৰ
নেপাবা জীৱনে । পোহৰৰ জ্যোতি যেনে
বঢ়ায় আন্ধাৰে; ৰুপহীৰ চৰে ৰূপ
কৃষ্ণ কেশ পাশে, সেইৰূপে দুখ তাপ,
ৰোগ-শোক, ভয়-ভ্ৰম, বিৰহ সন্তাপে
চৰাব নিতকে সেই সুখৰ সোৱাদ
ভাগ্যে যাৰ মিলে ঠিক নিজ অৰ্দ্ধাঙ্গিনী,
সুখহ শান্তি বন্ধা তাৰ পুৰ্ণ-মিলনত;
নতুবা, অমিলভাৱে অসুখী সংসাৰ ।
পালিবা আজিৰ হন্তে সংসাৰ-ধৰম;
চলিব এই সৃষ্টি-ৰীতি যুগ-যুগান্তৰ ।"
অন্তৰ্ধান ভগবন্ত । চলিলা বৈকুণ্ঠে ।
মায়া-কুৱলীত বুৰি বিভোল মানৱে
আৰম্ভিলে মহামেলা -- সাংসাৰিক লীলা ।
No comments:
Post a Comment