Poems of Amulya Barua - Hiyar batori (হিয়াৰ বাতৰি)

হিয়াৰ বাতৰি

কোন শৰতৰ সুধাকৰ আহি
জোনালী যামিনী সোণালী কৰি
আকুল প্ৰণাৰ চতনা হৰিলে
মোহন বাঁহীৰ মৃদুল সুৰে
কোন অতীতৰ বাতৰি দিলে?

নিছিগা বীণাৰ ছিগি গ'ল তাঁৰ
সুৰৰ কঁপনি হল আজি সাৰ
কিনো বিৰহত চাটি ফুটি কৈ
দুগালে চুচকু চকুলো বই
কিহৰ বেদনা বুকুত সামৰি
মৰম বিচাৰি বিলালোঁ বাতৰি

সৌ আকাশ কলীয়া মেঘত
গৰজি উঠিল বলিয়া বজ্ৰ
কোমল তানৰ সমল হৰিলে
চকা মকা হায় বিজুলী লতাই
কোন অতীতৰ বাতৰি দিলে ?

এনেকুৱা ক'ত মোহন দিনত
ৰচিলোঁ সপোন মিলন সুখত
গোঁজৰণি হ'ল বলিয়া দুৱৰী
বসুধা কঁপাই জনালে বাতৰি
"দুখনি হিয়াৰ সমল বিচাৰি
বিজুলী লতাত দিলেহি আঁৰি ।"

এই শৰতৰ জোনালী যমিনী
দুগালে দুচকু লোতক বোৱাই
অভিমানীমোৰ প্ৰিয়া আৰু নাই
ভাগি যোৱা মোৰ হিয়া ফুলনিত
থন ধৰি ফুল নুফুলে দুনাই

বসুধা শুৱনি ধুনীয়া ফুলনি
সেয়ে আজি মোৰ ভাল লগা নাই ।
সেয়েহে হিয়াই বেদনা ভৰাই
কান্দিছে ইমান ইনাই বিনাই
সেয়ে মেলি দিছোঁ হিয়াৰ দাপোণ
দেখো বুলি হায় মধুৰ সপোন ।
তাহানি খনৰ দূৰ অতীতৰ
শাৰদী নিশাৰ সপোন পুৰৰ ।

ভৰ বাৰিষাৰ গোজৰণি মৰা
ভাল লাগে মোৰ সেই তেনে বেলা
মিলন নিশাৰ মাধুৰীৰে ভৰা
সেয়েহে পাতিছোঁ বিজুলীৰে খেলা
মোৰ সুখবোৰ দুখৰ লগত
সেয়েহে ইমান আদৰেৰে জগা
বিপদ বিঘিনি ভয় আপদৰ
সেয়েহে ইমান নলে-গলে লগা ।

শত বসুধাৰ যত আছে দুখ
মোৰ হলে সিয়ে সৰগৰ সুখ
মাধবী নিশাৰ মধুৰ সপোন
হিয়াৰো হিয়াৰ অতিকে আপোন
শত বসুধাৰ য'ত আছে সুখ
মোৰ হলে সিয়ে নৰকৰ দুখ
আন্ধাৰ নিশাৰ দুখৰ সপোন
নিৰাশ প্ৰাণত নিশাৰ দাপোণ ।।

জুলাই ১৯৪০

No comments:

Post a Comment