Poems of Amulya Barua - Moi jano iman nithur (মই জানো ইমান নিঠুৰ)

মই জানো ইমান নিঠুৰ


মই ভাবোঁ মোৰ হিয়াখনি
                সীমাহীন মৰমেৰে পূৰ;
তুমি ভাবা হিয়াখনি মোৰ
                হিয়াহীন তেনেই নিঠুৰ !
ভুল সখী তোমাৰেই ভুল
                বুজা হলে হিয়াখনি মোৰ,
নকলাহেঁতেন বুলি বুলি তুমি
                হিয়াহীন ইমান নিঠুৰ !'
পৰাণৰ প্ৰতিটি ধ্বনিত
                বাজি উঠে সুৰ সুমধুৰ,
সিয়ো যদি নহয় আপোন
                হব নেকি দুৰ বহুদুৰ !
মই ভাবোঁ মোৰেই সুৰত
                বাজি উঠে বাহিৰত গান ;
বাজি উঠে মোৰ সুৰ লয়ে
                হিয়া ভৰা কেতেকীৰ তান !
তুমি ভাবা নিঠুৰ পৰাণে
                নুবুজাৰ ভাও ধৰি মই,
উপহাসি তোমাৰ হৃদয়
                গুচি যাওঁ নিমৰমী হ'ই !
পচোৱায়ো ভাঙে খুন্দা মাৰি
               তুমি ভাবা হিয়াখনি মোৰ,
তেনেহলে আজি কোনে কয় -
              "হিয়াহীন ইমান নিঠুৰ"!
শুনিছাতো বলিয়া অলিৰ
              গুণ গুণ মিঠা মধু সুৰ,
সিও বাৰু হব নেকি সখী
              হিয়াহীন তেনেই নিঠুৰ ?
সীমাহীন প্ৰেমৰ ফুলনি
              তুমি হলা তাৰে এটি ফুল
মই হলোঁ অলিয়া বলিয়া
              মতলীয়া অলি বিয়াকুল !
তথাপিও নুবুজাৰ দৰে
              ভয় কৰা হিয়াখনি মোৰ,
ভয় কৰে মৰম চেনেহ
              ভাবি তুমি তেনেই নিঠুৰ !
কব পাৰা অভিমান কৰি
              হিয়াহীন মোৰ হিয়াখনি,
আৰু তোমাৰেই হিয়াখনি
              সেউজীয়া কোমল বননি !
ময়ো তেনে কম আজি সখী
             নীলিমাৰ কোমলতা সনা
মোৰ এই সৰু হিয়াখনি
             আলসুৱা নিয়াৰৰ কণা !
তুমি যদি কোৱা কান্দি কান্দি
             হলোঁ বুলি তেনেই নিঠুৰ,
ময়ো তেনে উচুপি শুধিম
             মই জানো ইমান নিঠুৰ ।।

১৯৪০

No comments:

Post a Comment